২৩ ছেপ্টেম্বৰৰ পৰা লায়ন্স ক্লাৱৰ উদ্যোগত দুদিনীয়াকৈ 'লায়ন্স হাট বজাৰ ২.০' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 September 2023

২৩ ছেপ্টেম্বৰৰ পৰা লায়ন্স ক্লাৱৰ উদ্যোগত দুদিনীয়াকৈ 'লায়ন্স হাট বজাৰ ২.০'


 


W7s news,,,গুৱাহাটী, লায়ন্স ক্লাবৰ উদ্যোগত ২৩ ছেপ্টেম্বৰ শনিবাৰৰ পৰা দুদিনীয়া কৈ সোনাৰাম খেলপথাৰত  দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে  'লায়ন্স হাট বজাৰ ২.০'। উল্লেখযোগ্য এই লায়ন্স হাট বজাৰত  ক্লাবৰ সদস্যসকলে পুৰণি আৰু নতুন কাপোৰৰ লগতে ঘৰুৱা সামগ্ৰী সংগ্ৰহ কৰি পৰিষ্কাৰ কৰিছে। উক্ত হাট বজাৰত প্ৰদান কৰা বিনামূলীয়া কুপনৰ জৰিয়তে দৰিদ্ৰলোক সকলৰ মাজত বিক্ৰী কৰা হ'ব কাপোৰ আৰু ঘৰুৱা সামগ্ৰীসমূহ ।'লায়ন্স হাট বজাৰ ২.০'ৰ অধ্যক্ষ বিজয় হৰলালকাই কয় যে এক মহান উদ্দেশ্য আগত ৰাখি প্ৰায় ৫০০০ দৰিদ্ৰ লোকৰ মাজত  ২,০০০ টকাকৈ  বিনামূলীয়া কুপন বিতৰণ কৰা হৈছে। তেওঁলোকে কেৱল 'লায়ন্স হাট বজাৰ ২.০' লৈ  আহিব লাগিব আৰু গিফ্ট কুপনৰ জৰিয়তে তেওঁলোকৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। এই অনুষ্ঠানত ১০,০০০ ৰো অধিক লোকে অংশ গ্ৰহণ কৰিব  বুলি আশা প্ৰকাশ কৰা হৈছে আৰু বিনামূলীয়া কুপনৰ জড়িয়তে নিজৰ পছন্দৰ সামগ্ৰী লাভ কৰিব পাৰিব। লায়ন্স ৩২২-জি ডিষ্ট্ৰিকট গভৰ্ণৰ নিৰ্মল কুমাৰ ভূৰাই কয় যে আনহাতে ইয়াৰ উপৰিও লায়ন্স ক্লাৱ গুৱাহাটী উমাঙে দৰিদ্ৰ লোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছে। একেদৰে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মাৰোৱাৰী হস্পিতাল আৰু লায়ন্স আই হস্পিতালৰ সহযোগত অনুষ্ঠানস্থলীত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে।লায়ন্স হাট বজাৰৰ নেতৃত্ব দিয়া লায়ন্স ভিডিজি (প্ৰথম) সীমা গোয়েঙ্কাই  কয় যে এইটো দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে আৰু গুৱাহাটীৰ ২১ টা লায়ন্স ক্লাবে দৰিদ্ৰ লোকসকলক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে। সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ পিছতে চহৰখনৰ বিভিন্ন কোণৰ পৰা পুৰণি আৰু নতুন ঘৰুৱা সামগ্ৰী যোগানৰ ক্ষেত্ৰত সকলোৱে ব্যাপক ৰূপত সহযোগিতা আগবঢ়াইছে।  ভিডিজি ২ পংকজ পোদ্দাৰে কয় যে এই প্ৰকল্পটোত সাধাৰণ ৰাইজৰ পৰা যথেষ্ট উৎসাহ সহযোগিতা লাভ কৰা হৈছে। লায়ন্স ৩২২ মাল্টিপল জিএছটি সমন্বয়ক ৰাজ কুমাৰ আগৰৱালা, লায়ন্স ৩২২-জি ডিষ্ট্ৰিকট গভৰ্ণৰ নিৰ্মল কুমাৰ ভূৰাই প্ৰকল্পটো শনিবাৰে উদ্বোধন কৰে। লায়ন্সৰ পিডিজি সুধীৰ চৌধুৰী, জ্যেষ্ঠ সদস্য মনোজ ভজনকা, জিলা জিএছটি সমন্বয়ক দিলীপ চৰাফে কয় যে আমি আমাৰ সকলো গুৱাহাটী স্থিত লায়ন্স ক্লাবৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিছো যাতে এই প্ৰকল্পটো এক বৃহৎ সফলতা লাভ কৰিব পাৰি। আমি ২০১৯ চনত এই কাৰ্যসূচীৰো আয়োজন কৰিছিলোঁ যিটো বিশেষ  সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here