শিক্ষানুষ্ঠানত লিংগ নিৰপেক্ষ ৱাশ্বৰুমৰ পোষকতা কুইয়াৰ অধিকাৰ কৰ্মীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 September 2023

শিক্ষানুষ্ঠানত লিংগ নিৰপেক্ষ ৱাশ্বৰুমৰ পোষকতা কুইয়াৰ অধিকাৰ কৰ্মীৰ

 



এগৰাকী ট্ৰেন্সৱমেন হিচাপে বৈষম্যৰ সন্মুখীন হোৱাৰ পিছত অসমৰ গুৱাহাটীৰ 'এন জি ভি ইউ চেঞ্জলীডাৰ' ঋতুপৰ্ণাই এতিয়া নিৰাপদ আৰু সৰ্বাংগীন স্থানৰ বাবে প্ৰচাৰ চলাইছে


W7s news গুৱাহাটী: বছৰ বছৰ ধৰি নিজৰ স্কুল আৰু কলেজত ৱাশ্বৰুম ব্যৱহাৰ কৰাৰ সময়ত অপমান, উপহাস আৰু শাৰীৰিক আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত কুইয়াৰ অধিকাৰ কৰ্মী তথা 'এন জি ভি ইউ চেঞ্জলীডাৰ' ঋতুপর্ণাই কুইয়াৰ লোকৰ বিৰুদ্ধে বৈষম্যৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰাৰ বাবে  No More Holding My Pee নামৰ অনলাইন অভিযান আৰম্ভ কৰিছে। অসমৰ ঋতুপর্ণাই সহপাঠী ছাত্ৰ- ছাত্ৰীৰ পৰা যি দুখজনক আচৰণ লাভ কৰিছিল, সেই কথা সুঁৱৰি আজিও তেওঁ যন্ত্ৰণাত ভোগে। সেই কথা সুঁৱৰি তেওঁ এনেদৰে কয় - "মই যথেষ্ট ভয় খাইছিলো, আৰু কোনোবাই আহি মোৰ শৰীৰত হাত দি সন্মান হানি কৰিব বুলি শংকিত হৈ আছিলোঁ কাৰণ প্ৰতিবাৰেই পুৰুষৰ ৱাশ্বৰুম ব্যৱহাৰ কৰাৰ সময়ত মই অপমানিত হৈছিলো। বহু সময়ত মোৰ সহপাঠীসকলে মোক চৰ মাৰিছিল, কেতিয়াবা মোৰ ব্যক্তিগত অংগত আৰু ঠাট্টা কৰি কৈছিল- ' তুমি ইয়াত কিয়? তুমি ছোৱালীৰ ৱাশ্বৰুমলৈ নোযোৱা কিয়?' তেওঁ উত্তৰ দিছিল- "মই এগৰাকী ট্ৰেন্সৱমেন। মোৰ ৱাশ্বৰুমৰ অভিজ্ঞতাই প্ৰতিগৰাকী ট্ৰেন্স ব্যক্তিৰ অভিজ্ঞতাক প্ৰতিফলিত কৰে। ভাবুকি হিচাপে গণ্য কৰাৰ পৰা আৰম্ভ কৰি ভাবুকি পোৱালৈকে ৱাশ্বৰুমটো বেছিভাগ ট্ৰেন্স লোকৰ বাবে অতি অস্বস্তিৰ স্থান। ইয়াৰ ফলত সমলিংগৰ লোকসকলৰ ক্ষেত্ৰত শিক্ষানুস্থান এৰাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে।' ঋতুপৰ্ণাই এনে আচৰিত পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে য'ত ট্ৰেন্স লোকে ৱাশ্বৰুম ব্যৱহাৰ কৰাৰ সময়ত অসন্মানজনক ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ গোটেই দিনটো প্ৰস্ৰাৱ ধৰি ৰাখিবলগীয়া হৈছে। তেওঁ কয়,- “শৈক্ষিক প্রতিষ্ঠানসমূহত ৱাশ্বৰুমৰ দ্বিবিভক্ত বিভাজন থাকে, আৰু সেয়েহে ট্ৰেন্স ছাত্ৰ- ছাত্ৰীসকলে জন্মৰ সময়ত নিৰ্ধাৰণ কৰা লিংগৰ ওপৰত ভিত্তি কৰি ৱাশ্বৰুম ব্যৱহাৰ কৰিবলৈ কোৱাৰ সময়ত দুখজনক অভিজ্ঞতাৰ সম্মুখীন হ'বলগীয়া হয়।" ঋতুপর্ণাই কয় যে লিংগ নিৰপেক্ষ ৱাশ্বৰুম অস্বাভাবিক বিষয় নহয় কাৰণ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে সমাজ কর্ম বিভাগৰ ভৱনত ইয়াৰ আৰম্ভণি কৰিছে। এই পৰিৱৰ্তনে এনে এটা সম্প্রদায়ক দৃশ্যমান কৰি তুলিব বুলি তেওঁ কয় যাৰ প্ৰয়োজনীয়তাক দীৰ্ঘদিন ধৰি আওকাণ কৰি অহা হৈছে। তেওঁ লগতে কয়, "লিংগ নিৰপেক্ষ ৱাশ্বৰুমৰ বাবে আন্তঃগাঁথনিৰ তুলনাত সামূহিক মানসিকতাৰ পৰিৱৰ্তনৰহে বেছি প্ৰয়োজন। আমি কৰ্মচাৰী, অধ্যাপক, আৰু শিক্ষাৰ্থীৰ মাজত সজাগতা ৰ সৃষ্টি কৰিব লাগিব যে লিংগ আৰু যৌনতা নিৰ্বিশেষে প্ৰতিজন মানুহৰ গোপনীয়তা আৰু মৰ্যাদা থাকিব লাগিব। যেতিয়া মানুহে লিংগ ৰাজনীতিৰ সূক্ষ্মতা বুজিব, তেতিয়া তেওঁলোকে ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰাৰ সময়ত ট্ৰেন্স লোকসকলে সন্মুখীন হোৱা দুৰ্দশাৰ কথাও বুজি পাব।' উল্লেখ‍্য,

ইয়াত তেওঁৰ আবেদনখন চাব পাৰিব http:// Change.org/ No More Holding My Pee

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here