মহানগৰীৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম্‌ আৱিৰ্ভাৱ মহোৎসৱ পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 September 2023

মহানগৰীৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম্‌ আৱিৰ্ভাৱ মহোৎসৱ পালন

 


W7s news গুৱাহাটী: জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৫ তম্‌ আৱিৰ্ভাৱ মহোৎসৱৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত বিভিন্ন কার্যসুচীৰে পালন কৰা হয়। মহাপুৰুষজনাৰ জম্মোৎসৱ উপলক্ষে ঘোঁৰামাৰা ৰাজহুৱা নামঘৰত খোল প্ৰসংগ আৰু নাম প্ৰসংগৰে জগতগুৰুজনাক ভক্তিভাৱেৰে স্মৰণ কৰা হয়। সেইদৰে ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ‍্যক জম্মোৎসৱ উপলক্ষে প্ৰভাত ফেৰী উলিওৱা হয়। নামঘৰৰ বহু সংখ্যক মহিলাই এই প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰে। তাৰপাছত নামতী দময়ন্তী ডেকাৰ পৰিচালনাত  ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰত  নাম-কীৰ্ত্তন কৰা হয়।


সন্ধিয়াৰ ভাগত নামঘৰ প্ৰাংগণত

৫৭৫ গচি বন্তি প্ৰজ্জ্বলন কৰা হয়। ইফালে গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ ব্যতিক্ৰমী প্ৰয়াস হাতত লোৱা হয়। ১০১ এজোপা গছ পুলি ৰোপণৰে গুৰুজনাক স্মৰণ কৰে বশিষ্ঠ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলে কেৱল খবৰৰ মাজতেই আবদ্ধ নাথাকি সামাজিক কামত ব্যস্ত হৈ পৰে বশিষ্ঠ প্ৰেছ ক্লাবৰ প্ৰতিজন সাংবাদিকসকল। পূৱাৰ ভাগতে লালমাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত প্ৰতিজন সাংবাদিকে হাতে হাতে গছপুলি লৈ ৰোপন কৰিলে বিভিন্ন প্ৰকাৰৰ গছপুলি। এই সম্পৰ্কত বশিষ্ঠ প্ৰেছ ক্লাৱৰ সভাপতি পংকজ ডেকাই কয় যে যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ স্বাৰ্থতে এই স্থানৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ গছসমূহ কাটি পেলোৱা হৈছিল। সেয়েহে আজি আমি ১০১ এজোপা গছপুৰি ৰোপন কৰাৰ চেষ্টা কৰিছো। যিহেতু গোলকীয় উষ্ণতা প্ৰতিদিনে বৃদ্ধি পাইছে তাৰ বাবে আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আনহাতে এই কাৰ্যসূচীত অংশ লৈ বশিষ্ঠ প্ৰেছ ক্লাৱৰ সম্পাদক বন্দন গগৈয়ে আজিৰ এই বিশেষ দিনটোত এনেধৰণৰ কাৰ্যসূচীত অংশ লৈ আনন্দিত হোৱাৰ লগতে সময়ে সময়ে এনেধৰণৰ কাৰ্যসূচী চলি থাকিৱ বুলি জানিব দিয়ে। উল্লেখ্য যে বশিষ্ঠ প্ৰেছ ক্লাবৰ এনে ব্যতিক্ৰমী কামৰ বাবে স্থানীয় প্ৰতিজন সচেতন লোকে সলাগ লৈছে। সেইদৰে আমবাৰীৰ গোপাল কৃষ্ণ নামঘৰ গুৰুজনাক স্মৰণ কৰা হয়। গুৱাহাটীৰ পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এনদৰে মহানগৰীৰ বিভিন্ন নামঘৰ, সত্ৰত গুৰুজনাক নাম-কীৰ্তন, ভাগবত পাঠেৰে স্মৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here