লায়ন্স ক্লাৱৰ উদ্যোগত অনুষ্ঠিত লায়ন্স হাট বজাৰ 2.0 ৰ সফল সামৰণি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 24 September 2023

demo-image

লায়ন্স ক্লাৱৰ উদ্যোগত অনুষ্ঠিত লায়ন্স হাট বজাৰ 2.0 ৰ সফল সামৰণি

Responsive Ads Here

IMG-20230924-WA0076

 

১০,০০০লোকৰ মাজত সামগ্ৰী বিতৰণ


W7s news,,,গুৱাহাটী, ২৪ছেপ্টেম্বৰ- গুৱাহাটীৰ ২১ টাকৈ লায়ন্স ক্লাবৰ সহযোগত আৰু লায়ন্স ডিষ্ট্ৰিক ৩২২ জিৰ উদ্যোগত  দুদিনীয়া কাৰ্যসূচীৰে সোনাৰাম খেলপথাৰত  অনুষ্ঠিত  লায়ন্স হাট বজাৰ ২.০ৰ সফল সামৰণি পৰে।লায়ন্স হাট বজাৰৰ প্ৰথম দিনটোতে লায়ন্স ডিষ্ট্ৰিক ৩২২ জিৰ সদস্য সকলে ৪,০০০তকৈ অধিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক কাপোৰৰ লগতে ঘৰুৱা সামগ্ৰী যোগান ধৰে।আজি দ্বিতীয় দিন তথা অন্তিম দিনত প্ৰায় ৬,০০০লোকৰ মাজত লায়ন্স মুদ্ৰাৰ জৰিয়তে কাপোৰ আৰু ঘৰুৱা সামগ্রী যোগান ধৰে। দুটা দিনত ১০,০০০লোকৰ মাজত সামগ্ৰী যোগান ধৰে। লায়ন্স ডিষ্ট্ৰিক ৩২২ জি গভৰ্ণৰ নিৰ্মল কুমাৰ ভুৰা, ভি ডি জি ১ সীমা গোয়েঙ্কা , ভি ডি জি২পংকজ পদদাৰ, লায়ন্স হাট বজাৰৰ অধ্যক্ষ বিজয় হাৰলালক, পি ডি জি সুধিৰ চৌধুৰীয়ে, লায়ন্স মনোজ ভোজনকাৰ লগতে উপদেষ্টা আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লায়ন্স ৩২২ মাল্টিপল জি এছ টি কৰ্ডিনেটৰ ৰাজকুমাৰ আগৰৱালে লায়ন্স হাট বজাৰ ২.০ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা আগৰৱালে লায়ন্স ডিষ্ট্ৰিক ৩২২ জিৰ সদস্য সকলৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে প্ৰকল্প অধ্যক্ষ বিজয় হাৰলালকা, সহ-অধ্যক্ষ ঋতু বানকা,প্ৰমোদ হাৰলালকা, মহেশ শৰ্মা, সঞ্জয় আগৰৱাল,সঞ্জয় সানথলীয়া,অশোক গোৱেল, প্ৰভা কথাৰি আৰু বিশাল বেৰীৱালৰ কঠোৰ পৰিশ্ৰমৰ বাবে এই প্ৰকল্প সফল হৈছে বুলি কয়।লায়ন্স হাট বজাৰ-২ৰ অধ্যক্ষ বিজয় হৰলালকাই কয় যে এক মহান উদ্দেশ্য আগত ৰাখি  দৰিদ্ৰ লোকৰ মাজত  ২,০০০ টকাকৈ  বিনামূলীয়া কুপন বিতৰণ কৰা হৈছিল। গিফ্ট কুপনৰ জৰিয়তে তেওঁলোকৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰে।হাট বজাৰত ২৫ টা বিপানী মুকলি কৰা হৈছিল আৰু লায়ন্স মুদ্ৰাৰ জৰিয়তে বিনামূলীয়াকৈ  প্ৰায় ১০,০০০পৰিয়ালে তেঁও লোকৰ পছন্দৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে বুলি পি ডি জি সুধিৰ চৌধুৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও লায়ন্স ক্লাৱ গুৱাহাটী উমাঙে দৰিদ্ৰ লোকৰ বাবে খাদ্য যোগান ধৰে। একেদৰে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি  মাৰোৱাৰী হস্পিতাল আৰু  লায়ন্স আই হস্পিতালে অনুষ্ঠানস্থলীত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে আৰু কেইবাশতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰে বুলি লায়ন্স হাট বজাৰৰ চিফ এভাইজাৰ মনোজ ভোজনকাই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *