তেজপুৰত টয়োটা কিৰ্লোস্কাৰ মটৰে মুকলি কৰিলে এটা নতুন ডিলাৰশ্বিপ
W7s news,,, গুৱাহাটী: দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ২৪ সংখ্যক গ্ৰাহক টাচপইণ্ট উদ্বোধন কৰিলে টয়োটা কিৰ্লোস্কাৰ মটৰে। তেজপুৰত আদিত্য টয়োটা মুকলিৰ লগে লগে প্ৰতিষ্ঠানটোৱে অঞ্চলটোত নিজৰ উপস্থিতি সুদৃঢ় কৰাৰ অদম্য প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ জৰিয়তে বিশাল পৰিমাণৰ গ্ৰাহকৰ বাবে বিশ্বমানৰ সামগ্ৰী আৰু সেৱাৰ সহজ প্ৰৱেশ আৰু প্ৰয়োগ নিশ্চিত কৰা হৈছে। এই নতুনকৈ উদ্বোধন কৰা আদিত্য টয়োটাত চাৰ্ভিচ আৰু স্পেয়াৰ (২এছ)ৰ লগতে চেলছ (১এছ) দুয়োটাকে সামৰি লোৱা অত্যাধুনিক সুবিধা আছে। টয়োটা বাহন ক্ৰয় আৰু মালিকীস্বত্বৰ সমগ্ৰ অভিজ্ঞতাক এক অসুবিধা-মুক্ত অভিজ্ঞতা প্ৰদান সুনিশ্চিত কৰি তোলাৰ লক্ষ্যৰে গ্ৰাহকৰ অভিজ্ঞতাক উন্নীত কৰিবলৈ উৎসৰ্গিত এই সুবিধাই সু-প্ৰশিক্ষিত বিক্ৰী আৰু সেৱা পেছাদাৰীৰ এটা বিশেষ দল নিয়োজিত কৰা হৈছে। আদিত্য টয়োটাৰ নতুন মুকলি সন্দৰ্ভত টয়োটা কিৰ্লোস্কাৰ মটৰৰ জেনেৰেল মেনেজাৰ ৱৰিন্দৰ কুমাৰ ৱাধৱাই কয় যে, "নতুনকৈ মুকলি কৰা অত্যাধুনিক আদিত্য টয়োটাৰ সুবিধাৰ জৰিয়তে আমি উত্তৰ-পূব ভাৰতৰ এই অতি গুৰুত্বপূৰ্ণ আৰু অতি সম্ভাৱ্য বজাৰত আমাৰ প্ৰসাৰ আৰু প্ৰৱেশ অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছোঁ। নতুন আউটলেটটোৱে এক সামগ্ৰিক গাড়ী ক্ৰয়ৰ অভিজ্ঞতা আগবঢ়াব আৰু বিক্ৰী আৰু সেৱা পেকেজৰ বিশাল চ্যুট প্ৰদান কৰিব।"এই বিষয়ে আদিত্য টয়োটাৰ ডিলাৰৰ অধ্যক্ষ অমিতাভ দাসে কয় যে, “আদিত্য টয়োটাৰ জৰিয়তে আমি তেজপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ গ্ৰাহকসকলৰ মাজত এই আইকনিক ব্ৰেণ্ডটো চিনাকি কৰাই দিয়াৰ বাবে এক উল্লেখযোগ্য যাত্ৰা আৰম্ভ কৰিছোঁ। তেজপুৰৰ গ্ৰাহকৰ সৈতে টয়োটাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি যথেষ্ট আগ্ৰহী।” সমগ্ৰ দেশতে ৬০০ গ্ৰাহক টাচপইণ্ট গঠন কৰি নিজৰ বিস্তৃত প্যান-ইণ্ডিয়া ডিলাৰ নেটৱৰ্কৰ জৰিয়তে কোম্পানীটোৱে গুণগত মানদণ্ড, নিৰ্ভৰযোগ্যতা আৰু স্থায়িত্ব(কিউডিআৰ)ক আগুৱাই লৈ “সকলোৰে গণ সুখ বা মাছ হেপ্পীনেছ টু অল” প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে।
No comments:
Post a Comment