গুৱাহাটীত ভাৰতীয় গুণগত মান পৰিষদ(কিউ চি আই)আৰু অসম চৰকাৰৰ 'অসম গুণৱত্ত সংকল্প'ৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 September 2023

গুৱাহাটীত ভাৰতীয় গুণগত মান পৰিষদ(কিউ চি আই)আৰু অসম চৰকাৰৰ 'অসম গুণৱত্ত সংকল্প'ৰ শুভাৰম্ভ


 

W7s news,,গুৱাহাটী,: অসম চৰকাৰৰ সহযোগত ভাৰতীয় গুণগত মান পৰিষদে(কোৱালিটী  কাউন্সিল অফ ইণ্ডিয়া) আজি গুৱাহাটীত 'অসম গুণৱত্ত সংকল্প'ৰ আয়োজন কৰে। ভাৰতীয় গুণগত মানে তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা কৰি স্বচ্ছ, জবাবদিহি, আৰু গুণগত মানৰ শাসন ব্যৱস্থা সুনিশ্চিত কৰাৰ লক্ষ্যৰে 'সৰপঞ্চ সংবাদ এপ'  মুকলি কৰে। এই  অনুষ্ঠানত বিভিন্ন খণ্ডৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি অসমৰ জীৱনধাৰা আৰু উন্নয়নৰ মান বৃদ্ধিৰ দিশত কাৰ্য্যকৰী পদক্ষেপৰ বিষয়ে আলোচনা আৰু  পৰিকল্পনা  ৰূপায়ণ কৰা হয়। অনুষ্ঠানত ২৮গৰাকী পঞ্চায়তৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানৰ আৰম্ভণিতে কিউচিআইৰ অধ্যক্ষ জক্সে শ্বাহ, কিউচিআইৰ সচিব প্ৰধান ড° আৰ পি সিং, এন এ বি ই  টিৰ অধ্যক্ষ পি আৰ মেহতা আৰু এন এ বি চি বিৰ চিইঅ’ ৰাজেশ মহেশ্বৰীকে ধৰি বিশিষ্ট বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু অসম গুণৱত্ত সংকল্পৰ ভিডিঅ’ উন্মোচন কৰে অসম  চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ডঃ লক্ষ্মণন এছে । এই উপলক্ষে কিউ চি আইৰ অধ্যক্ষ  জক্সি শ্বাহে অতুলনীয় অসম ( Awesome Assam )ৰ সৈতে সহযোগিতাত  ৰাজ্যত কোৱালিটী মিছন  আগবঢ়াই নিয়াৰ ক্ষেত্ৰত  উৎসাহ প্ৰকাশ কৰে। তেওঁ কয়, "গুণৱত্ত সংকল্প পদক্ষেপ  হৈছে গুণগত প্ৰগতিৰে অসমক সৱলীকৰণৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি। অসমৰ অব্যৱহৃত  সম্ভাৱনীয়তা আৰু ইয়াৰ জনসাধাৰণৰ সমৰ্পণে ৰাজ্যখনক  ভাৰতৰ বিকাশৰ ক্ষেত্ৰত   এক গুৰুত্বপূৰ্ণ শক্তি কৰি তুলিছে। 'আছাম কোৱালিটী ৰোডমেপ' আৰু সৰপঞ্চ সংবাদৰ পদক্ষেপে তৃণমূল পৰ্যায়ত গুণগত বিকাশৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি ৰাজ্যৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে।"'অসম গুণৱত্ত সংকল্প'ত ভাগ লৈ অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে  কয়, "এই পদক্ষেপে এনে এটা ভৱিষ্যতৰ প্ৰতি আমাৰ সামূহিক দায়বদ্ধতাক সূচায় য'ত গুণগত মান কেৱল এটা লক্ষ্য নহয় বৰঞ্চ আমাৰ বৈচিত্ৰ্যময় ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ জীৱন-ধাৰণৰ পদ্ধতি। অসমৰ অনন্য সাংস্কৃতিক ঐতিহ্য আৰু বিশাল সম্ভাৱনাই সদায়  আমাক একক আৰু অনন্য  কৰি ৰাখিছে আৰু আজিৰ এই যাত্ৰাৰ জৰিয়তে আমি সেই সম্ভাৱনীয়তাৰ সন্ধানৰ বাবে অংগীকাৰবদ্ধ হৈছোঁ।"কিউচিআইৰ সচিব প্ৰধান ড০ আৰ পি সিঙে কয়, "অসম গুণৱত্ত  সংকল্প যাত্ৰাত অগ্ৰসৰ হোৱাৰ সময়ত অসমৰ গুণগত প্ৰগতিৰ প্ৰতি দায়বদ্ধতাৰ সাক্ষী হোৱাটো আনন্দদায়ক। অসম চৰকাৰৰ বণিজ  আঁচনিখন ৰাজ্যৰ গ্ৰাম্য খণ্ডত আমাৰ সামূহিক সমৰ্পণৰ উজ্জ্বল নিদৰ্শন হিচাপে  পৰিগণিত হৈছে। অসমৰ ৰাইজৰ অপৰিসীম সমৰ্থনৰ বাবে আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, আৰু আমি আগ্ৰহেৰে বাট চাই আছো আগন্তুক যাত্ৰাৰ বাবে যিয়ে এই গতিশীল ৰাজ্যখনত নিঃসন্দেহে গুণগত মান আৰু উন্নয়নৰ নতুন মান নিৰ্ধাৰণ কৰিব।" এন এ  বি ই টিৰ  অধ্যক্ষ  পি.আৰ.মেহতাই  কয়, "শিক্ষা আৰু দক্ষতা বিকাশ হ'ল প্ৰগতিশীল সমাজৰ মূল শিলাস্তম্ভ। গুণগত মানৰ শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণৰ ক্ষেত্ৰত এন এ  বি ই টি য়ে অসমৰ সৈতে হাতে হাত ধৰি থিয় দিছে। আমি একেলগে অসমৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ কৰিম আৰু আগবাঢ়ি হোৱাৰ লগতে দেশৰ প্ৰতি অবদান   আগবঢ়াব পৰাকৈ প্ৰয়োজনীয় সঁজুলিৰ যোগান ধৰিম। 'এন এ বি চি বিৰ মুখ্য কাৰ্যবাহী বিষয়া  ৰাজেশ মহেশ্বৰীয়ে কয়, "এখন সমাজৰ মংগলৰ বাবে সকলো খণ্ডৰ গুণগত মান সৰ্বোচ্চ। জীৱনৰ গুণগত মানৰ দিশত অসমৰ এই যাত্ৰা এক প্ৰশংসনীয় পদক্ষেপ।প্ৰতিগৰাকী নাগৰিকে যাতে উচ্চমানৰ জীৱন লাভ কৰে সেয়া নিশ্চিত কৰিগুণগত মান উন্নীত কৰাৰ বাবে এন এ বি চি বিয়ে অসমৰ সৈতে অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এনবিকিউপি (নেচনেল ব’ৰ্ড ফৰ কোৱালিটি প্ৰমোচন)ৰ চিইঅ’ ড০ এ ৰাজে কয় যে, "গুণগত মান হৈছে এনে এখন  দলং যিয়ে আধুনিক উন্নয়নক ৰাজ্যখনলৈ আদৰণি জনোৱাৰ লগতে ৰাজ্যৰ সংস্কৃতিক অক্ষত ৰাখে। অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙে কয়, "অসম ঔদ্যোগিক বিকাশ নিগমে আমাৰ ৰাজ্যৰ ঔদ্যোগিক পৰিৱেশত এক আৰ্হি পৰিৱৰ্তনৰ নেতৃত্ব দিছে। অসমক গুণগত উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি   তোলাৰ ক্ষেত্ৰত আমি উদ্যোগসমূহক উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ, পণ্যৰ মান বৃদ্ধি কৰিবলৈ, আৰু বিশ্বব্যাপী অনুসৰণ নিশ্চিত কৰিবলৈ সক্ষম কৰিছো।"এছ'চেম উত্তৰ-পূব উন্নয়ন পৰিষদ উদ্যোগৰ উৎকৰ্ষতাক আগবঢ়াই নিয়াৰ  বাবে উৎসৰ্গিত। আমি অসমৰ সৈতে একেলগে  কাম কৰি উদ্যোগ-নিৰ্দিষ্ট নিৰ্দেশনা প্ৰদান, উদ্ভাৱন ক্লাষ্টাৰক প্ৰসাৰিত কৰা, আৰু ব্যৱসায়ৰ মাজত জ্ঞান বিনিময়ৰ সুবিধা প্ৰদান কৰি আছো, যাতে গুণগত মান আমাৰ ট্ৰেডমাৰ্ক হোৱাটো নিশ্চিত হয়।"  এছ'চেম উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন পৰিষদৰ উপ-সভাপতি সন্দীপ

খৈতানে কয়। জেদ ইডিৰ জ্যেষ্ঠ সঞ্চালক আৰু মুৰব্বী ড° ৰামানন্দ এন শুক্লাই আলোকপাত কৰে, "জিৰ' ডিফেক্ট, জিৰ' ইফেক্ট (জেদইডি) হৈছে আমাৰ উদ্যোগ ৰূপান্তৰৰ মন্ত্ৰ । আমি  আমাৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ, আৰু আমাৰ স্থানীয় সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰি দায়িত্বশীল আৰু বহনক্ষম পৰ্যটন পদ্ধতিৰ প্ৰসাৰ  সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিশ্বমানৰ পৰ্যটন অভিজ্ঞতা প্ৰদানৰ আমাৰ লক্ষৰ ক্ষেত্ৰত অসমৰ বাবে কোৱালিটি   ৰোডমেপ মুকলি কৰাটো এই দিশত এক উল্লেখযোগ্য অগ্ৰগতি।'পৰ্যটন বিভাগৰ সচিব  পদ্মপানী বৰাই কয়, "ইক'-টুৰিজিম অসমৰ বাবে এক পৰিৱৰ্তনশীল শক্তি হ'ব পাৰে। আমাৰ পৰ্যটন পদক্ষেপে যাতে আমাৰ সাংস্কৃতিক বৈচিত্ৰ্যক সন্মান কৰে আৰু আগন্তুক প্ৰজন্মৰ বাবে আমাৰ পৰিৱেশ সুৰক্ষিত কৰে তাৰ বাবে গুণগত ব্যৱস্থাপনাই মূল চাবিকাঠি"।"সংস্কৃতি অসমৰ হৃদয় আৰু আত্মা। গুণগত ব্যৱস্থাপনাৰ জৰিয়তে আমি এনে বহনক্ষম সাংস্কৃতিক অভিজ্ঞতা সৃষ্টি কৰিব পাৰো যিয়ে কেৱল পৰ্যটকক চহকী কৰাই নহয়, আমাৰ স্থানীয় জনগোষ্ঠীকো সৱল কৰি তুলিব পাৰে", এই মন্তব্য, গুৱাহাটীৰ নভোটেলৰ মহাপ্ৰবন্ধক নীতিন পাঠকৰ (এফ এইচ আৰএ আইৰ মনোনীত ( ভাৰতীয় হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থাৰ ফেডাৰেচন) ৷ক্লিয়াৰট্ৰিপৰ জ্যেষ্ঠ সঞ্চালক প্ৰতীক বসুৱে আলোকপাত কৰে, "আতিথ্যত গুণগত ব্যৱস্থাপনা ইক'-টুৰিজিমক প্ৰসাৰিত কৰাৰ এক মূল শিলাস্তম্ভ। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য এক আকৰ্ষণ, আৰু আমাৰ সেৱাৰ জৰিয়তে আমি নিশ্চিত কৰিব পাৰো যে দৰ্শনাৰ্থীসকলে অবিস্মৰণীয় স্মৃতি কঢ়িয়াই লৈ যাব পাৰে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here