গুৱাহাটীত ১৪ ছেপ্টেম্বৰৰ পৰা চিআইআই 'ফুডপ্ৰো নৰ্থ-ইষ্ট ২০২৩' ৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 September 2023

গুৱাহাটীত ১৪ ছেপ্টেম্বৰৰ পৰা চিআইআই 'ফুডপ্ৰো নৰ্থ-ইষ্ট ২০২৩' ৰ আয়োজন


 

W7s news,,,গুৱাহাটী : দ্য কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চি আই আই দাক্ষিণাত্য অঞ্চলে বিগত ১৯৯৫ চনৰ পৰা ফ্লেগশ্বিপ অনুষ্ঠান 'ফুডপ্ৰো নৰ্থ-ইষ্ট ২০২৩' আয়োজন কৰি আহিছে।  বিগত বছৰবোৰত অনুষ্ঠানটোৱে উদ্যোগ আৰু মুখ্য অংশীদাৰসকলৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰি আহিছে।  উত্তৰ-পূবৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি  চি আই আইয়ে অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰৰ তাৰিখলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত 'ফুডপ্ৰো নৰ্থ-ইষ্ট ২০২৩' ৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰিছে।  উত্তৰ-পূৰ্বাঞ্চলত খাদ্য প্ৰস্তুতকৰণৰ বজাৰ শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ফুডপ্ৰ' নৰ্থ-ইষ্ট 2023। ব্লু ষ্টাৰ লিমিটেডৰ পৰিচালন সঞ্চালক বি থিয়াগাৰাজনে উক্ত অনুষ্ঠানটো পৰিচালনা কৰে।প্ৰাকৃতিক সৌন্দৰ্য আৰু উৰ্বৰ ভূমিৰ বাবে উত্তৰ পূৰ্বাঞ্চলক বিশেষ ভাবে  জনাজাত আৰু এতিয়া খাদ্য প্ৰস্তুতকৰণৰ  বাবে এক সমৃদ্ধ কেন্দ্ৰ হ'বলৈ সাজু হৈছে। কৃষি-অনুকূল বতৰ আৰু এক সমৃদ্ধ কৃষি ঐতিহ্যৰ সৈতে, ভাৰত চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ বাবে উত্তৰ পূৰ্বাঞ্চল খাদ্য প্ৰস্তুতকৰণৰ দিশটোহিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। এই পদক্ষেপবোৰে কেৱল কৃষি উৎপাদকসকলক লাভান্বিত কৰাই নহয়, লগতে পৰিবহন, পেকেজিং, বিজ্ঞাপন আৰু বিপণনৰ ক্ষেত্ৰতনিযুক্তিৰ সুযোগ প্ৰদান কৰিব।এই পদক্ষেপটো ভাৰত চৰকাৰৰ খাদ্য প্ৰস্তুতকৰণৰ  উদ্যোগ মন্ত্ৰালয়ে সমৰ্থন জনোৱাৰ লগতে মচলা বোৰ্ড আৰু চিএফটিআৰআই - কেন্দ্ৰীয় খাদ্য প্ৰযুক্তিগৱেষণা প্ৰতিষ্ঠানৰ দৰে অন্যান্য চৰকাৰী নোডেল সংস্থাৰ পৰা সমৰ্থন লাভ কৰিছে। তিনিদিনীয়াকৈ আয়োজন কৰা এই উত্তৰ পূৱ ফুডপ্ৰ'ত বি২বি, বি২জি আৰু বি২চি বৈঠকৰ উপৰিও সমগ্ৰ ভাৰতৰ ৫০ জনতকৈও অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। এই প্ৰদৰ্শনীত সমগ্ৰ দেশৰ পৰা ৬,০০০ ৰো অধিক ব্যৱসায়ী আৰু  দৰ্শনাৰ্থী অংশ গ্ৰহন কৰিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে ১৪ ছেপ্টেম্বৰত খাদ্য প্ৰস্তুতকৰণৰ ওপৰত এখন সন্মিলনৰ আয়োজন কৰা হৈছে।উক্ত সন্মিলনত খাদ্য প্ৰস্তুতকৰণ আৰু কৃষি উদ্যোগৰ ২০০ তকৈ অধিক জ্যেষ্ঠ বৰৱস্থাপনা কৰ্মীক আতিথ্য আগবঢ়াব। উত্তৰ-পূবৰ কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ অংশীদাৰসকলৰ মাজত প্ৰযুক্তিৰে আগুৱাই লৈ যোৱাটোৱে এই সন্মিলনৰ মূল উদ্দেশ্য। উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কৃষি, উদ্যানশস্য, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here