শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত শিশু কল্যাণ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 11 September 2023

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত শিশু কল্যাণ দিৱস পালন


 


W7s news গুৱাহাটী ঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ¸ঘৰ অধীনৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ শিশু আৰু আই-মাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত শঙ্কৰী সংস্কৃতি কেন্দ্ৰ,  ৰূপনগৰত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে শিশু কল্যাণ  দিৱস উদ্‌যাপন কৰা হয়।এই অনুষ্ঠানত বহু সংখ্যক শিশুৱে অংশগ্ৰহণ কৰে৷ পুৱা  পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ’ব৷ তাৰপাছত  নাম-প্ৰসঙ্গ কৰা হয়। শিশুসকলক গুৰু পৰিচয় কৰি দিয়ে গুৱাহাটী মহানগৰী জিলাৰ শাখাৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকাই৷ তাৰপাছত শিশুসকলৰ মাজত সাহিত্য, সংস্কৃতি আৰু খেল-ধেমালিৰ প্ৰতিযোগিতাৰ অনুষ্ঠান উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই৷ সাহিত্য শাখাৰ বিষয়বস্তুসমূহ আছিল বৰগীত, কোমল কবিতা পাঠ ‘কৰতল-কমল’, ভাগৱত, কীৰ্ত্তন, নামঘোষা পাঠ৷ সংস্কৃতি শাখাত আছিল– ভেশচন পৰিৱেশন [শিশু কৃষ্ণ, শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, কংস, পুতনা, ভকত [বাপ-আই] আদি চৰিত্ৰৰ পৰিৱেশন৷ খেল-ধেমালিৰ শিতানত– মিউজিক চেয়াৰ, টেকেলি ভঙা, উঠা-বহা আৰু পানী-পাৰ আদি অনুষ্ঠিত হয় বুলি আই মাতৃ শাখাৰ হৈ সম্পাদক অঞ্জলি বৰাই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here