নেমকেয়াৰ হাস্পতালত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলে 'হেণ্ড হেল্ডড ৰবটিক চিষ্টেম ছাৰ্জাৰী' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 12 August 2023

নেমকেয়াৰ হাস্পতালত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলে 'হেণ্ড হেল্ডড ৰবটিক চিষ্টেম ছাৰ্জাৰী'

 


W7s news:গুৱাহাটীৰ ভঙাগড়স্থিত নেম কেয়াৰ হাস্পতালত উত্তৰ-পূৱ ভাৰতৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলে 'হেণ্ড হেল্ডড ৰবটিক চিষ্টেম  চাৰ্জাৰী। বিশিষ্ট ৰবটিক চার্জন ডাঃ মনোজ কুমাৰ চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টাত আৰু নেমকেয়াৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰোগীক কম খৰছত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছে। এতিয়াৰে পৰা লেপ্ৰ'স্কপিৰ সমান্তৰাকৈ প্ৰয়োজন সাপেক্ষে ৰবটৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰিব- শনিবাৰে হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কয়- এতিয়াৰ পৰা নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত ৰোগীয়ে এই প্ৰযুক্তিৰ জৰিয়তে লাভাম্বিত হ'ব পাৰিব। ইয়াৰ বাবে কম খৰচতে ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিব। মেৰিল কোম্পানীয়ে নিৰ্মাণ কৰা অত্যাধুনিক ৰবটৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰা হ'ব। তদুপৰি মানৱ দেহত বিভিন্ন অংগত এই যন্ত্ৰৰ দ্বাৰা অতি সহজতে অস্ত্ৰোপচাৰ কৰিব পৰা যাব যিবোৰ সাধাৰণতে হাতেৰে  ঢুকি পোৱা নাযায়।'সংবাদ মেলত ৰবটিক চার্জন ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে কয়-

উত্তৰ-পূব ভাৰতৰ লেপ্ৰ'স্কপি ব্যৱস্হাত নতুন সংযোগন হ'ব হেণ্ড হেল্ডড ৰবটিক চিষ্টেম। এই অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীৰ যৱতীয়  খৰচৰ মাত্ৰাকম হ'ব। তদুপৰি ৰক্ত সংৰক্ষণৰ সমস্যা ক'ম হ'ব। ৰোগীয়ে অতি সোনকালে সুস্থ হৈ উঠিব।'সংবাদ মেলত নেমকেয়াৰ হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ পি কে বৰুৱা, ডাঃ ৰঞ্জন ডেকা আদি


উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here