জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি, গুৱাহাটীয়ে উদযাপন কৰিছে প্ৰাক-স্বাধীনতা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 14 August 2023

জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি, গুৱাহাটীয়ে উদযাপন কৰিছে প্ৰাক-স্বাধীনতা দিৱস

 




W7s news গুৱাহাটী: জে ডি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি, গুৱাহাটীৰ শিক্ষাৰ্থী আৰু দলে জালুকবাৰীৰ মিছনেৰীজ অব চেৰিটিৰ সৈতে ১৪ আগষ্টত উদযাপন কৰে ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । ১৯৫০ ত কলকাতাত মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰিছিল এই মিছনেৰীজ অব চেৰিটি ছিষ্টাৰ্ছ । তেতিয়াৰ পৰাই সংস্থাটোৱে বয়স, ধৰ্ম নাইবা সামাজিক স্থিতি নিৰ্বিশেষে দৰিদ্ৰ আৰু আৰ্তজনক সেৱা আগবঢ়াই আহিছে । সকলো অসহায় আৰু অৱহেলিত শিশুৰ কল্যাণ সাধনেই হৈছে এই দাতব্য সংস্থাৰ মূল লক্ষ্য ।

গুৱাহাটীৰ জেডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিয়ে সদায় সামাজিক বিষয়ত মন্তব্য আগবঢ়াই অহাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে আৰু বছৰ বছৰ ধৰি বিভিন্ন দাতব্য সংস্থা, বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমলৈ উদাৰভাৱে অনুদান আগবঢ়াই আহিছে। আৰ্থিক অৱস্থা সুস্থিৰ নোহোৱা বহু মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰিছে প্ৰতিষ্ঠানখনে । এইবাৰো জে ডি গুৱাহাটীয়ে সততে পাহৰি যোৱা আৰু অৱহেলিত জনসাধাৰণৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল”, এই মন্তব্য কৰে জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ কেন্দ্ৰ সঞ্চালিকা সুমিতা দে ডেকাই ।

গুৱাহাটীৰ জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ দল আৰু শিক্ষাৰ্থীসকলে নৃত্য পৰিবেশন, দলীয় গীত আৰু নাটককে ধৰি এক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে যিয়ে অনুষ্ঠানটোত উপস্থিত থকা ডেকা-বুঢ়াসকলৰ হাঁহিৰ খোৰাক যোগায় । দল আৰু ছাত্ৰ-ছাত্ৰীসকলে লগতে চাউল, দালি, তেল, আলু, পিয়াঁজ, বিস্কুট আৰু বহু খাদ্য সামগ্ৰীৰ অনুদান আগবঢ়ায়। এই ছেগতে ছাত্ৰ-ছাত্ৰীসকলে বৃদ্ধ আৰু শিশুৰ সৈতে কিছু আন্তৰিক সময় অতিবাহিত কৰে ।

জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিৰ সঞ্চালিকা উশ্মিতা দে’ৰ চমু ভাষণেৰে অনুষ্ঠানটোৰ সামৰণি পৰে । য’ত তেওঁ কয় “আজিৰ দিনটো হৈছে জে ডিৰ উল্লেখযোগ্য পৰম্পৰাৰ আন এক অধ্যায় । আমি ভৱিষ্যতেও বহুতৰে মুখত হাঁহি বিৰিঙাই তোলাৰ এই ধাৰা অব্যাহত ৰাখিব বিচাৰো।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here