এন ই ফ'কাচে উদযাপন কৰিলে এন ই ফ'কাচ গ্ল'ৰী এৱাৰ্ড - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 14 August 2023

এন ই ফ'কাচে উদযাপন কৰিলে এন ই ফ'কাচ গ্ল'ৰী এৱাৰ্ড

 

W7s news গুৱাহাটী: প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এইবাৰো এন ই ফ'কাচে উদযাপন কৰিলে এন ই ফ'কাচ গ্ল'ৰী এৱাৰ্ড। এইবাৰ এন ই ফ'কাচ গ্ল'ৰী এৱাৰ্ড লাভ কৰিলে লেখক, সমাজ সচেতক নৱজিৎ দেউৰী, শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উদ্যমী ধ্ৰুৱজ্যোতি বৰা। আনহাতে, এন ই ফ'কাচৰ বঁটা লাভ কৰে ৰাজ্যৰ সাহিত্য, সংস্কৃতি ৰাজনীতি, ব্যৱসায়ৰ লগত জড়িত ১১ জনকৈ ব্যক্তিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে বঁটা গ্ৰহণ কৰে। এন ই ফ'কাচৰ গ্ল'ৰী বঁটাত আছে এখন গামোচা, চেলেং চাদৰ, এটা স্মাৰক আৰু এটা ট্ৰফি। আনহাতে এন ই ফ'কাচৰ বঁটাত আছে গামোচা, জাপি, মানপত্ৰ আৰু ট্ৰফি। এন ই ফ'কাচৰ বঁটা লাভ কৰে ব্যৱসায়ী কৰিষ্মা বেগম, লেখক লক্ষী প্ৰসাদ ডেকা, দিলিপ দাস, অলকা বুজৰ বৰুৱা, উষামণি শইকীয়া, ছাজন ভূঞা, শুক্লেশ্বৰ নাথ, বাসন্তী দুৱাৰা কলিতা, দিনমণি ভাণ্ডাৰ কায়স্থ, সুশান্ত বিশ্বাস, যুগান্ত দাস। উল্লেখ‍্য, অহা ১৫ আগষ্টত  এন ই ফকাচে অষ্টম বৰ্ষত ভৰি দিব। বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক এন ই ফকাচে গ্ল'ৰী এৱাৰ্ডে সন্মানিত কৰি আহিছে। প্ৰায় শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শিত হয়। স্মৃৰ্তব্য যে ২০১৬ চনৰ ১৫ আগষ্টত যুৱ সাংবাদিক সংগীতা শইকীয়াৰ প্ৰচেষ্টাত


এন ই ফকাচে জন্ম লাভ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here