W7s news,,,গুৱাহাটী, : সাহিত্য, কলা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত স্বাধীনতা, সাহস, অখণ্ডতা আৰু ধৰ্মনিৰপেক্ষতাৰ নীতি অক্ষুণ্ণ ৰখাৰ মহৎ পৰিকল্পনাৰে অলপতে চ'চাইটি পঞ্জীয়ন আইনৰ অধীনত গুৱাহাটীত পঞ্জীয়ন কৰা হয় লিটআৰ্ট ফাউণ্ডেশ্যন। খ্যাতনামা প্ৰবীণ স্তম্ভলেখক তথা পাণ্ডিত্যপূৰ্ণ লেখক ধ্ৰুব হাজৰিকা আৰু মিত্ৰ ফুকনৰ লগতে এএম টেলিভিছনৰ গ্ৰুপ প্ৰেচিডেণ্ট ড০ অক্ষতা নাৰায়ণৰ সহযোগিতাৰে ফাউণ্ডেশ্যনৰ বিশিষ্ট পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছে।প্ৰখ্যাত জনসম্পৰ্ক সংস্থা ছেভেন চেঞ্চ কমিউনিকেশ্বনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক শুভংকৰ বেনাৰ্জীকো লিটআৰ্ট ফাউণ্ডেশ্যন মূল সমিতিৰ এজন সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।লিটআৰ্ট ফাউণ্ডেশ্যনৰ সভাপতি আৰু সহ-প্ৰতিষ্ঠাপক প্ৰয়াসী বৰুৱাই কয়, "এই ফাউণ্ডেশ্যনে অন্যান্য বিষয়ৰ লগতে অসম আৰু উত্তৰ-পূব অঞ্চলৰ উঠি অহা অহা লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ কাম-কাজ ৰাষ্ট্ৰীয় তথা সমগ্ৰ বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।বিগত বৰ্ষসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, চলচ্চিত্ৰ আৰু শিল্পকৰ্মই সমগ্ৰ দেশৰ পাঠক, দৰ্শক আৰু কলাপ্ৰেমীসকলৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যদিও আমাৰ সৃষ্টিশীল কৰ্মৰাজিৰ যাত্ৰা ইমানতে সামৰি নথৈ ইয়াক এখন বৃহত্তৰ মঞ্চ প্ৰদান কৰি বিশ্বজনীন স্বীকৃতি প্ৰদান কৰিব পৰা যাব বুলি আমি বিশ্বাস কৰো। এই প্ৰাথমিক উদ্দেশ্যক সফলতা প্ৰদান কৰিবলৈ ফাউণ্ডেচনে বিভিন্ন কাৰ্যকলাপ হাতত ল'ব।" লিটআৰ্ট ফাউণ্ডেশ্যনে সমগ্ৰ দেশ আৰু উত্তৰ-পূব অঞ্চলত প্ৰতিষ্ঠিত ডিজাইন, প্ৰকাশনগোষ্ঠী আৰু প্ৰযোজনা প্ৰতিষ্ঠানৰ সৈতে শিক্ষাৰ্থী আৰু উচ্চাকাংক্ষী যুৱ পেছাদাৰীসকলৰ (কলা, সাহিত্য আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত) বাবে ইন্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিব। ফাউণ্ডেশ্যনে অঞ্চলটোৰ প্ৰতিষ্ঠিত সৃষ্টিশীল পেছাদাৰীসকলৰ বাবে তেওঁলোকৰ ৰাষ্ট্ৰীয় সমকক্ষসকলৰ সৈতে সহযোগিতাৰ সুবিধা প্ৰদান কৰিব।“আমাৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখকসকলক সৃষ্টিশীল ধাৰণা আৰু দৃষ্টিভংগীৰ আদান-প্ৰদান কৰাত সহায় কৰা আৰু আমাৰ থলুৱা সৌন্দৰ্য্যৰ মাত্ৰা হ্ৰাস নকৰাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ চলোৱাটোৱেই হৈছে এই প্ৰচেষ্টাৰ আঁৰৰ মূল উদ্দেশ্য।” প্ৰয়াসীয়ে লগতে কয়। আজি সাহিত্য, চলচ্চিত্ৰ নিৰ্মাণ আৰু অন্যান্য শিল্পকৰ্মৰ মাজত অভিসৰণ বৃদ্ধি পাইছে। লগতে অ'টিটি, অনলাইন কলা, ই-বুক আৰু অডিঅ' বুকৰ প্ৰসাৰে শিল্পীসকলক সুযোগ আৰু সৃষ্টিশীল সম্ভাৱনাৰ এখন অভূতপূৰ্ব মহাসমুদ্ৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে।লিটআৰ্ট ফাউণ্ডেশ্যনৰ উপ-সভাপতি আৰু সহ-প্ৰতিষ্ঠাপক জ্যোৎস্না নেওগে কয়, "চলচ্চিত্ৰ নিৰ্মাণ হৈছে এনে এক শিল্প য'ত কলা আৰু সাহিত্য জড়িত হৈ থাকে। যদি আমি ৰাজ্যখনৰ সাহিত্য, কলা আৰু শিল্পকলাৰ প্ৰচাৰ কৰি অসমীয়া মনোৰঞ্জন উদ্যোগক মূলসুঁতিত ধৰি ৰাখিব পাৰো তেন্তে ই নিশ্চিতভাৱে এখন সম্ভাৱনাৰ সাগৰলৈ ৰূপান্তৰিত হ'ব আৰু এইক্ষেত্ৰত সফলতা লাভৰ বাবে এই মঞ্চখনৰ জৰিয়তে আমি পাৰ্যমানে প্ৰচেষ্টা চলাম।""তদুপৰি, আজি প্ৰতিজন সফল সৃষ্টিশীল পেছাদাৰীৰ বাবে ব্যৱসায়িক পৰিস্থিতিতন্ত্ৰৰ সূক্ষ্মতা বুজি পোৱাটোও অত্যাৱশ্যকীয়। এই প্ৰয়োজনীয়তা উপলব্ধি কৰিয়েই লিটআৰ্ট ফাউণ্ডেশ্যনে অনাগত দিনত এনে গুৰুত্বপূৰ্ণ দিশবোৰৰ ওপৰত আলোচনা আৰু জ্ঞান আদান-প্ৰদানৰ সুবিধাৰ বাবে বৈঠক আৰু কৰ্মশালাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে," জ্যোৎস্নাই কয়। শিল্পী, মিডিয়া আৰু একাডেমিক ভ্ৰাতৃত্ববোধেৰে একত্ৰিত হোৱা পেছাদাৰীসকলক লৈ গঠিত সাত জনীয়া ফাউণ্ডেশ্যন লিটআৰ্ট ফাউণ্ডেচনে শৈক্ষিক প্ৰতিষ্ঠান আৰু সংগঠনসমূহৰ সহযোগত কলাকেন্দ্ৰসমূহত গৱেষণা আৰু বিষয়ভিত্তিক প্ৰদৰ্শনীৰো আয়োজন কৰিব।
Post Top Ad
Responsive Ads Here
Wednesday, 9 August 2023

দ্য লিটআৰ্ট ফাউণ্ডেশ্যনৰ শুভাৰম্ভণি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment