DFC বেংকৰ Q1 ফলাফল ঘোষণা; মুঠ লাভাংশ ৩০.০%লৈ বৃদ্ধি হৈছে ১১,৯৫২ কোটি টকা ওৱাই অ' ওৱাই। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 18 July 2023

DFC বেংকৰ Q1 ফলাফল ঘোষণা; মুঠ লাভাংশ ৩০.০%লৈ বৃদ্ধি হৈছে ১১,৯৫২ কোটি টকা ওৱাই অ' ওৱাই।

 


W7s news,,,,গুৱাহাটী, ১৮ জুলাই ২০২৩: HDFC বেংক লিমিটেডে বিগত ত্ৰৈমাসিকৰ Q1 ফলাফল ঘোষণা কৰে ১৭ জুলাইত, যিটো ৩০ জুন ২০২৩ তাৰিখে সমাপ্ত হৈছে। বেংকটোৱে সৰ্বমুঠ ১১,৯৫২ কোটি টকা লাভাংশ পাইছে, যিটো বিগত বৰ্ষৰ ত্ৰৈমাসিকৰ তুলনাত ৩০.০ % বৃদ্ধি হৈছে, ৩,৯৬০ কোটি টকা কৰ পৰিশোধ কৰাৰ পিছত। কৰ পৰিশোধৰ পূর্বে (PBT) ২০২৩ চনৰ ৩০ জুনত ১৫,৯১২ কোটি টকা।এই লাভাংশ ৩০ জুন ২০২৩ চনত ১২,৩৭০ কোটি টকা, যিটো ৩০ জুন, ২০২২ চনৰ তুলনাত ২৯.১ % বৃদ্ধি হৈছে।২০২৩ চনৰ ৩০ জুনলৈকে মুঠ বেলেন্স শ্বীটৰ আকাৰ ২৫,০১,৬৯৩ কোটি  টকা হোৱাৰ বিপৰীতে ২০২২ ৰ ৩০ জুনলৈকে ২১,০৯,৭৭২ কোটি  টকা আছিল যিটো ১৮.৬% বৃদ্ধি। মুঠ জমা ধনে সুস্থ বৃদ্ধি দেখুৱাইছে আৰু ২০২৩ চনৰ ৩০ জুনলৈকে ১৯,১৩,০৯৬ কোটি টকাত আছিল যিটো ২০২২ চনৰ ৩০ জুনতকৈ ১৯.২% বৃদ্ধি পাইছে।২০২২ ৰ ৩০ জুনত সমাপ্ত হোৱা ত্ৰৈমাসিকত বেংকৰ নিকা ৰাজহ ২৬.৯% বৃদ্ধি পাই ৩২,৮২৯ কোটি টকা হৈছে। ৩০ জুন ২০২২ ৰ তুলনাত ২০২৩ চনৰ ৩০ জুনত সমাপ্ত হোৱা ত্ৰৈমাসিকৰ নিকা সুতৰ আয় ২১.১% বৃদ্ধি পাই ২৩,৫৯৯ কোটি টকা হৈছে।২০২৩ ৰ জুন মাহলৈকে বেংকৰ বিতৰণ বিভাগত ৭,৮৬০ সংখ্যক শাখা আৰু ২০,৩৫২ সংখ্যক এটিএম/নগদ ধন জমা তথা ধন উলিওৱা মেচিন/চিডিএমএচ আছে দেশৰ ৩,৮২৫ খন চহৰ/নগৰত। তাৰ বিপৰীতে ৬,৩৭৮ সংখ্যক শাখা আৰু ১৮,৬২০ সংখ্যক এটিএম/চিডিএমএচ আছে ৩,২০৩ খন মফচলীয় চহৰ আৰু গ্ৰাম্যাঞ্চলত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here