মিছ এণ্ড মিচেছ গ্ল'বেল ইউনিভাৰ্ছেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 12 July 2023

মিছ এণ্ড মিচেছ গ্ল'বেল ইউনিভাৰ্ছেল

 


দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অসমৰ সৰলা দাসৰ



W7s news,,,গুৱাহাটী, ১২ জুলাই,


: নেপাল পৰ্যটনৰ উদ্যোগত যোৱা ৯ জুলাইত কাঠমাণ্ডুত আয়োজিত মিছ এণ্ড মিছেছ গ্ল'বেল ইউনিভাৰ্ছেলত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে অসমৰ সৰলা দাসে ৷ এই সৌন্দৰ্য প্ৰতিযোগিতাত বিভিন্ন দেশৰ বহুকেইগৰাকী মডেলে  অংশগ্ৰহণ কৰিছিল ৷ দাসে “মিছেছ টাইমলেছ বিউটী”ৰ উপ খিতাপো লাভ কৰে।প্ৰতিযোগিতাখনৰ কৰিঅ'গ্ৰাফ কৰিছিল প্ৰখ্যাত শ্ব’ কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষে। ব্যতিক্ৰমী প্ৰতিভাৱান ড্ৰেছ ডিজাইনাৰ বিউটী দত্ত মজুমদাৰে নিজৰ সুন্দৰ সৃষ্টিৰে অনুষ্ঠানটোৰ শোভা বঢ়াই প্ৰতিযোগী সৰলা দাসক মাৰ্জিত আৰু অনন্য সুন্দৰ সাজ-পোছাকেৰে আন্ত:ৰাষ্ট্ৰীয় মঞ্চখনলৈ আগবঢ়াই  দিছিল।কাৰ্ল মাস্কাৰেনহাছ আৰু অঞ্জনা মাস্কাৰেনহাছকে ধৰি বিশিষ্ট বিচাৰকৰ এটা দলে  প্ৰাৰ্থীৰ মাজৰ পৰা বিজয়ীসকলক নিৰ্বাচন কৰিছিল।'এই খিতাপ জয় কৰি বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ পাই মই গৌৰৱান্বিত হৈছো।’- এই মন্তব্য সৰলা দাসৰ। “মই মোৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু সমৰ্থকসকলক তেওঁলোকৰ উৎসাহ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো। মিছ এণ্ড মিচেছ গ্ল’বেল ইউনিভাৰ্চেল প্ৰতিযোগিতাৰ আয়োজকসকলেও মোক এই সুযোগ প্ৰদান কৰাৰ বাবে কৃতজ্ঞ।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here