গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 July 2023

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 





W7s news :  গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে  বিশিষ্ট লেখিকা, শিক্ষাবিদ,প্ৰান্তশ্ৰী শতদল শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কিৰণ দাসৰ প্ৰবন্ধ সংকলন 'প্ৰবন্ধ বীথিকা' উন্মোচন কৰা হয়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি  সবিতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষাবিদ ড° জগদীশ পাটগিৰিয়ে  কয়-আমাৰ সাহিত্যৰ সামাজিক মাধ্যমৰ জৰিয়তে বিস্ফোৰণ ঘটিছে  বিশেষকৈ ক'ভিড কালীন সময়ত। দেহ মনক আমি সজীৱ কৰি ৰাখি সাহিত্য সৃষ্টি কৰিব লাগিব। এই গ্ৰন্থখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট কৰা হৈছে। লেখাৰ ক্ষেত্ৰতো তেওঁৰ যথষ্টে অৱদান আছে। এইগ্ৰন্থখনে সুধী সমাজৰ দৃষ্টি আকৰ্ষণ কৰক। দুদিন আলোচনাৰ বিষয় হিচাপে ল'ব লাগে এইগ্ৰন্থখন। গ্ৰন্থখনৰ বিষয়ে পাঠক সমাজে জানিব লাগে। লেখক-লেখিকাসকলক আমি উৎসাহিত কৰিব লাগিব। বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিবেশ আমি আনিব লাগিব।  লেখিকাৰ পৰৱৰ্তী সৃষ্টি গধুৰ হ'ব বুলিও তেওঁ  উন্মোচনী ভাষণত কয়।'

গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে  শিক্ষাবিদ পৰেশ বৈশ্য,

প্ৰাক্তন অধ্যক্ষ,  সমাজ সেৱক,দীনমণি ভাণ্ডাৰ কায়স্থ, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ  উপ-সভাপতি হৰেশ্বৰ ডেকা। গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে লেখিকা তথা অনুবাদিকা কিৰণ দাস আৰু তেওঁৰ গ্ৰন্থ খনৰ ভূয়সী প্ৰশংসা কৰে আৰু পাঠক সমাজৰ পৰা সমাদৰ পাব বুলিও মন্তব্য আগবঢ়ায় ।কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক  দীপাঙ্কৰ ৰায়মেধিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ আৰম্ভণিতে মন ময়ুৰী শইকীয়াই বৰগীত পৰিবেশন কৰে। সভাত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here