টয়োটা কিৰ্লোস্কাৰ মটৰে টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচীৰ অধীনত “কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী” [ষ্টাৰ] ঘোষণা কৰিছে [টি-টিইপি] - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 July 2023

টয়োটা কিৰ্লোস্কাৰ মটৰে টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচীৰ অধীনত “কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী” [ষ্টাৰ] ঘোষণা কৰিছে [টি-টিইপি]

 



W7s news গুৱাহাটী: 'স্কিল ইণ্ডিয়া' অভিযানলৈ পূৰ্ণ সমৰ্থন যোগোৱা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি টয়োটা কিৰ্লোস্কাৰ মটৰ [টিকেএম]-এ আজি টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী [টি-টিইপি] উদ্যোগৰ অধীনত "কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী" [ষ্টাৰ] ঘোষণা কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে দশম শ্ৰেণী সম্পূৰ্ণ কৰিছে, কিন্তু কাৰিকৰী প্ৰতিষ্ঠান(আই টি আই/পলিটেকনিক)ত উচ্চ পঢ়া-শুনা কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।  উত্তৰ, পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আজিও অব্যৱহৃত বা সুযোগবিহীন সম্ভাৱনাক এখন মঞ্চ দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ষ্টাৰৰ পদক্ষেপে অৰ্থনৈতিক পটভূমিক প্ৰত্যাহ্বান জনোৱা ক্ষেত্ৰৰ পৰা যোগ্য শিক্ষাৰ্থীসকলক শক্তিশালী হোৱাৰ সুযোগ প্ৰদান কৰিব। এই অনন্য পাইলট প্ৰকল্পই মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, নাগালেণ্ড,  মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু অসমসহ ১১খন ৰাজ্যৰ শিক্ষাৰ্থী উপকৃত কৰিব।এই বৃত্তি বা জলপানি ঘোষণা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল অসম চৰকাৰৰ দক্ষতা বিকাশ তথা নিয়োগ উদ্যোগীকৰণ, জন স্বাস্থ্য অভিযান্ত্ৰিকী আৰু পৰ্যটন বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটি।


এই ষ্টাৰ পদক্ষেপৰ জৰিয়তে টিকেএমৰ লক্ষ্য হৈছে প্ৰতিভাৱান লোকসকলৰ বাবে নিজৰ দক্ষতাৰ স্তৰ আৰু উন্নত প্ৰযুক্তিৰ জ্ঞান বৃদ্ধি কৰি ক্ৰমবৰ্ধমান অটোমোটিভ খণ্ড(ছেক্টৰ)ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা। *আৰ্থিক প্ৰত্যাহ্বানৰ বাবে আগবাঢ়িব নোৱাৰা প্ৰতিভাৱান যোগ্য ছাত্ৰ-ছাত্ৰীক বছৰি ৫১,০০০ টকা পৰ্যন্ত বৃত্তি প্ৰদান কৰা হ'ব যাৰ দ্বাৰা হোষ্টেলৰ মাচুল, শৈক্ষিক ব্যয় আৰু পৰিয়ালৰ সহায় বা সামৰ্থ্য লাভৰ সুযোগ কৰা হ'ব।


নিৰ্বাচিত প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ সময়তে বৃত্তিৰ বাবে আবেদন দাখিল কৰিব পাৰিব। লগতে মহিলা সবলীকৰণক আৰু অধিক প্ৰসাৰিত কৰাৰ বাবে এই কাৰ্যসূচীয়ে মহিলা ছাত্ৰীসকলৰ বাবে ৩০% সংৰক্ষণৰো ব্যৱস্থা কৰিছে। ইয়াৰ বাবে বাছনি প্ৰক্ৰিয়াত লিখিত পৰীক্ষা আৰু তাৰ পিছত যোগ্য ছাত্ৰ-ছাত্ৰীৰ সাক্ষাৎকাৰ লোৱা হয়। টি-টিইপি পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত ষ্টাৰ কাৰ্যসূচীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে টয়োটা ডিলাৰশ্বিপত নূন্যতম ৬ ~ ১২ মাহৰ বাবে ইণ্টাৰ্নশ্বিপৰ সুবিধা লাভ কৰে।

২০০৬ চনৰ পৰা টি-টিইপি কাৰ্যসূচীৰ জৰিয়তে টিকেএমে উদ্যোগ আৰু প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰি আহিছে। ভাৰতৰ মুঠ ২৫খন ৰাজ্যৰ ৬২টা প্ৰতিষ্ঠানক সামৰি এএছডিচিৰ সৈতে সহযোগিতা কৰি এই কাৰ্যসূচীৰ জৰিয়তে ১১,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, যাৰ ফলত বৃদ্ধি পাইছে নিযুক্তিৰ হাৰ। টিকেএমৰ এই পদক্ষেপৰ অধীনত টয়োটাৰ দ্বাৰা অনুমোদিত ডিলাৰশ্বিপত বিশেষ কাৰ্যসূচী আৰু এমাহৰ কামৰ প্ৰশিক্ষণ, নিয়োগযোগ্যতা বৃদ্ধি আৰু অটোমোটিভ ছেক্টৰত কেৰিয়াৰৰ সম্ভাৱনা পূৰণত অৰিহণা যোগাবলৈ পদক্ষেপ লোৱা হয়।এই অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ দক্ষতা বিকাশ তথা নিয়োগ উদ্যোগীকৰণ, জন স্বাস্থ্য অভিযান্ত্ৰিকী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, “টয়োটাই টি-টিইপি কাৰ্যসূচীৰ জৰিয়তে উদ্যোগ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰাৰ দায়বদ্ধ পদক্ষেপৰ আমি শলাগ লৈছোঁ। টয়োটাৰ সৰ্বোত্তম পদ্ধতি, মূল্যবোধ আৰু অত্যাধুনিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি বা  মূল্যৱান ইনছাইট লাভৰ জৰিয়তে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব। ইয়াৰ লগতে টয়োটাৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগিতামূলক প্ৰচেষ্টাই উত্তৰ, পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিশ্বমানৰ কৰ্মশক্তিৰ উপলব্ধতা বৃদ্ধি কৰি নিজৰ কেৰিয়াৰৰ আকাংক্ষা বা সপোনক আগুৱাই নিয়াৰ উপৰিও অটো ছেক্টৰৰ সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব।”এই বৃত্তি কাৰ্যসূচী সন্দৰ্ভত টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটিয়ে মন্তব্য কৰি কয় যে, "টয়োটা কিৰ্লোস্কাৰ মটৰত আমি শিক্ষা বা জ্ঞানৰ শক্তি আৰু জীৱন সলনি কৰিব পৰা সামৰ্থ্যত দৃঢ়ভাৱে বিশ্বাস কৰোঁ। এই টি-টিইপি পদক্ষেপৰ অধীনত ষ্টাৰ কাৰ্যসূচীৰ জৰিয়তে আমি যোগ্য শিক্ষাৰ্থীসকলক, বিশেষকৈ বিত্তীয় প্ৰত্যাহ্বানমূলক পটভূমিৰ পৰা বৃত্তি প্ৰদান কৰি নিজকে অটোমোটিভ ছেক্টৰত কেৰিয়াৰ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সাজু তোলাৰ লক্ষ্য ৰাখিছোঁ। আমি 'স্কিল ইণ্ডিয়া' অভিযানলৈ অৱদান আগবঢ়াই আনন্দিত। লগতে প্ৰতিভাৰ বিকাশ, শিক্ষাৰ্থীসকলক নিজৰ সম্ভাৱনা পূৰণ কৰিবলৈ সক্ষম কৰাৰ বাবে আমি দায়বদ্ধ। এই ষ্টাৰ কাৰ্যসূচী হৈছে এক অনন্য পদক্ষেপ আৰু অটোমোটিভ উদ্যোগ আৰু আমাৰ দেশৰ বিকাশত অৰিহণা যোগোৱাৰ লগতে এক দক্ষ কৰ্মশক্তি গঢ়ি তোলাৰ আমাৰ প্ৰতিশ্ৰুতিৰ এয়া এক প্ৰমাণ।"এই টি-টিইপিৰ পদক্ষেপে স্বয়ংচালিত(অটোমোটিভ) উদ্যোগসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অহৰহ বিকশিত হৈ আছে। ইয়াৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰসাৰৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা অহা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক জ্ঞান অৰ্জন আৰু নিজকে যোগ্য কৰি তোলাৰ সুযোগ প্ৰদান কৰিছে। ২০০৬ চনত আৰম্ভণিৰে পৰাই টি-টিইপি অটোমোটিভ ছেক্টৰত যথেষ্ট গুৰুত্বপূৰ্ণ  অৰিহণা আগবঢ়াইছে আৰু “স্কিল ইণ্ডিয়া” অভিযানলৈ অৰিহণা যোগাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here