গুৱাহাটীত ব্লাড কেঞ্চাৰ আৰু মজ্জা সংৰোপণ সম্পৰ্কীয় সজাগতা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 July 2023

গুৱাহাটীত ব্লাড কেঞ্চাৰ আৰু মজ্জা সংৰোপণ সম্পৰ্কীয় সজাগতা সভা

 


W7s news গুৱাহাটী: ব্লাড কেঞ্চাৰ  ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি আৰু 'ব্লাড কেঞ্চাৰ ৰোগ কেৱল সম্পূৰ্ণৰূপে নিৰাময়যোগ্যই নহয়, বৰঞ্চ সফল চিকিৎসাৰ পাছত এই ৰোগীসকলে এক সম্পূৰ্ণ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে'-এই সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে গুৱাহাটীত শনিবাৰে 

ব্লাড কেঞ্চাৰ ৰোগৰ পৰা নিৰাময় লাভ কৰা লোকসকলৰ মাজত হায়দৰাবাদৰ যশোদা চিকিৎসালয়ৰ তৰফৰ পৰা এখনি বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত হায়দৰাবাদৰ যশোদা হাস্পতালৰ

শৈল‍্য চিকিৎসক ডাঃ জে আৰ মল্লিকাৰ্জুনে কয়- যকৃতৰ কৰ্কট  হেপাইটাইছিছ বি ভেকচিনৰ জৰিয়তে নোহোৱা কৰিব পাৰি। বিশ্বৰ ভিতৰত অসমত কৰ্কট ৰোগীৰ সংখ্যা বেছি । কৰ্কট বংশগতভাৱে অধিক হয়। গল্ডব্লাডাৰ ষ্ট'নৰ পৰা গল্ডব্লাডাৰ কৰ্কট হোৱাৰ সম্ভাৱনাই অধিক। গল্ডব্লাডাৰ কৰ্কট ৰোগ ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত ৰোগীৰ মৃত্যু হয়। কৰ্কট ৰোগ সম্পূৰ্ণ নিৰ্মূল হাৰ যথেষ্ট কম। সম্প্ৰতি  স্তনৰ কৰ্কট ৰোগ কিছু পৰিমাণে নিৰ্মূল হৈছে। স্তনৰ কৰ্কট বংশগত কাৰণত অধিক হয়।সেয়েহে ৩০ বছৰ বয়সৰ পৰা ইয়াৰ পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কটৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিৱ পাৰিলে  উন্নত চিকিৎসা ৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। ৰোগীৰ প্ৰথম অৱস্থাত এই ৰোগ চিনাক্ত কৰিব পাৰিলে সাধাৰণ জীৱন যাপন কৰিব পাৰে। গেষ্ট্ৰিকৰ সমস্যা হৈ থকা সকলে এণ্ড' স্কোপি কৰা জৰুৰী। সাধাৰণ চিটি স্কেন কৰা জৰুৰী। পশ্চিমীয়া দেশৰ লগতে বেয়া খাদ্যভ্যাস, জীৱন শৈলীৰ পৰিবৰ্ত্তনে ভাৰততো কৰ্কটৰোগৰ প্ৰদূৰ্ভাব বৃদ্ধি কৰিছে। আমি কোষ্ঠকাঠিন্যৰে সমস্যা দূৰ কৰা জৰুৰী। লগতে ২৫ শতাংশ খাদ‍্য  ফাইভাৰ যুক্ত  খাব লাগে। নিয়মীয়া মদ‍্যপান, চিগাৰেট সেৱনৰ পৰা আঁতৰি থকা উচিত। পৰিয়ালত কাৰোবাৰ কৰ্কটৰোগ  থাকিলে সাৱধান হোৱা উচিত । তেওঁ উন্নত ৰ'বটিক চাৰ্জাৰীৰ কথা উল্লেখ কৰি স্বাস্থ্য ইঞ্চুৰেঞ্চ কৰাটো আজিৰ সময়ত অতি জৰুৰী বুলি কয়। কৰ্কট ৰোগত আক্ৰান্ত লোকসকলক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে মানুহক আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰাটোৱেই হৈছে এই বৈঠকৰ  মূল উদ্দেশ্য বুলি জ্যেষ্ঠ হেমাটোলজিষ্ট আৰু বিএমটি বিশেষজ্ঞ ড০ গণেশ জৈশেতৱাৰে  উল্লেখ কৰে। “হেমাটোলজিক কৰ্কট হিচাপে জনাজাত, তেজৰ কৰ্কট ৰোগ হৈছে এক প্ৰকাৰৰ কৰ্কট যি তেজ, হাড়ৰ মজ্জা বা লিম্ফেটিক প্ৰণালী প্ৰভাৱিত কৰে।ইয়াত লিউকেমিয়া, লিম্ফোমা, আৰু একাধিক মাইলোমা আদিৰ দৰে ইয়াত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ অন্তৰ্ভুক্ত হৈ থাকে। তেজৰ কৰ্কট ৰোগে যিকোনো বয়স, লিংগ বা জাতিৰ লোকক প্ৰভাৱিত কৰিব পাৰে। সকলো কৰ্কট ৰোগৰ ৮.২ শতাংশ ৰক্ত কৰ্কট ৰোগ হয় আৰু ভাৰতত প্ৰতি বছৰে প্ৰতি ১ লাখ জনসংখ্যাৰ ভিতৰত ৫.৫ গৰাকী ব্যক্তি ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত হয়।অৰ্থাৎ, প্ৰতি বছৰে প্ৰায় ৮০,০০০ নতুন ৰক্ত কৰ্কট ৰোগ ধৰা পৰে। ভাৰতত প্ৰতি ৭ ছেকেণ্ডত একোটা নতুন ৰক্ত কৰ্কট ৰোগ ধৰা পৰে আৰু প্ৰতি ২০ ছেকেণ্ডত ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি মৃত্যুমুখত পৰে।"অতি মাৰাত্মক হাড়ৰ মজ্জাৰ বিকলতা- ছিভিয়াৰ এপ্লাষ্টিক এনিমিয়াত ভুগি থকা গুৱাহাটীৰ এজন ১৮ বছৰীয়া যুৱকে পিতৃৰ ষ্টেম চেলৰ সহায়ত জৰুৰীকালীন এইচ এল এ জিন হাফ মেচড বিএমটি (মজ্জা সংৰোপন) কৰি বৰ্তমান তেওঁৰ মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।এই ঘটনাটোৱেই সম্পূৰ্ণ বিষয়টোৰ প্ৰয়োজনীয়তাৰ কথা প্ৰমাণ কৰে।

যথেষ্টসংখ্যক আৰোগ্য হোৱা ৰক্ত কৰ্কট ৰোগী আৰু বহুতো সফল বিএমটি ৰোগীয়ে গুৱাহাটীত অনুষ্ঠিত হোৱা এই সভাত যোগদান কৰে। ডাঃ গণেশে লগতে কয় যে সোমাজিগুড়াস্থিত যশোদা চিকিৎসালয়ৰ হেমাটোলজী বিভাগ আৰু বিএমটি বিভাগে ইতিমধ্যে কেইবাটাও বিৰল কৃতিত্বৰ অধিকাৰী হৈছে। ইয়াৰ ভিতৰত, ১) ভাৰতৰ প্ৰথম সফল ডাবল হেপ্লো-আইডেণ্টিকেল ষ্টেম চেল ট্ৰেন্সপ্লান্ট, ২) আটাইতকৈ উন্নত ৬৭ বছৰৰ বয়সৰ বাবে হেপ্লো- আইডেণ্টিকেল ট্ৰেন্সপ্লান্ট, ৩) বিএমটিৰ বাবে দুজন ভাতৃৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথম একক আন্তঃৰাষ্ট্ৰীয় দাতা ষ্টেম চেল, ৪) ভাৰতৰ প্ৰথম সফল এক্স ভিভো টি যিয়ে প্ৰাপ্তবয়স্ক ৰোগীসকলৰ বাবে হেপ্লো- আইডেণ্টিকেল বিএমটিৰ সম্ভাৱনা হ্ৰাস কৰে। যশোদা চিকিৎসালয়, সোমাজিগুড়াই যোৱা ৮ বছৰত ৩০০ ৰো অধিক সফল বিএমটি সম্পন্ন কৰিছে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here