খাদ্য প্ৰেমীসকলে এটা চালৰ তলত মাল্টি কুইজিন খাদ্যৰ সোৱাদ লব পাৰিব: বিধায়ক ভট্টাচাৰ্য
W7s news,,,গুৱাহাটী : ভাল খাদ্যৰ ৰজা কে জিএফ ফাইন ডাইন ৰেষ্টুৰেণ্টে গুৱাহাটীত প্ৰৱেশ কৰিলে।১৯৮৩চনৰ পৰা মনভৱন দৰবাৰত চলি চলি থকা ভাল খাদ্যৰ ৰজা কে জি এফ চেপ্টাৰ ১ ফাইন ডাইন ৰেষ্টুৰেণ্ট গুৱাহাটীৰ কে আৰ চি পথৰ কুমাৰপাৰাত আজি উদ্ভোধন কৰা হয়। প্ৰখ্যাত লেখক থানেশ্বৰ মালাকাৰ, জিএমচিৰ ১৫ নং ৱাৰ্ডৰ কাউন্সিলাৰ সৌৰভ ঝুনঝুনৱালা, সমাজকৰ্মী বিষ্ণু দিদৱানিয়া, কে জি এফৰ গৰাকী স্বাতী আগৰৱাল আৰু ৰাকেশ আগৰৱালৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰেষ্টুৰেণ্ট কে জি এফ চেপ্টাৰ ১ উদ্বোধন কৰে।। উদ্বোধনৰ সময়ত বিধায়ক ভট্টাচাৰ্যই কয় যে গুৱাহাটীত বিশেষকৈ কুমাৰপাৰা অঞ্চলত ৰেষ্টুৰেণ্ট দ্ৰুতগতিত মুকলি হোৱাৰ ফলত ইয়াত থকা লোকসকলে খাদ্যৰ প্ৰতি থকা আকৰ্ষণ সহজে প্ৰতিফলন হৈছে।এনে পৰিস্থিতিত, দীৰ্ঘদিন ধৰি মাল্টি কুইজিন ফাইন ডাইন ৰেষ্টুৰেণ্টৰ অভাৱ আছিল, যিটো কে জি এফ চেপ্টাৰ ১ মুকলি কৰাৰ পিছত আজি সেই অভাৱ পূৰণ হল। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মহিলা উদ্যোগী স্বাতী আগৰৱালে কয় যে ১০ বৰ্গফুটত গঢ়ি তোলা এই ৰেষ্টুৰেণ্টখনত সূক্ষ্ম আহাৰৰ লগতে একেলগে ৩০ জন লোকৰ বহাৰ ক্ষমতা আছে। ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ সম্পূৰ্ণ স্বাস্থ্যকৰ পৰিৱেশৰ সৈতে অতি অত্যাধুনিক সা-সুবিধা উপলব্ধ কৰা হৈছে। কেজিএফ চেপ্টাৰ ১ ৰেষ্টুৰেণ্টৰ বিশেষত্ব এইটোৱে যে মহানগৰবাসীয়ে ভাৰতীয় খাদ্যৰ সোৱাদৰ লগতে চীনা, দক্ষিণ ভাৰতীয় খাদ্যৰ সোৱাদ লব পাৰিব। ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈ প্রতিটো সাজোঁতে গ্ৰহকক বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন যোগান ধৰা হব। বিশেষকৈ চোলা ভাটুৰা, ক্লাব কচুৰী, পাভ ভাজি, পনীৰ টিক্কা, দোচা, কেশৰিয়া ৰুমালী ৰোটি ৰ সৈতে নাৰিকল পনীৰ মচলা ইত্যাদি।এই উপলক্ষে ৰাকেশ শৰ্মাই কয় যে আমাৰ ৰেষ্টুৰেণ্টত জন্মদিন,বাৰ্ষিকী, কিটি পাৰ্টি আদিৰ দৰে সৰু সৰু উৎসৱ উদযাপনৰ বাবে প্ৰি-বুকিং সুবিধাও আছে। অতি সোনকালেই কে জিএফ চেপ্টাৰ১ৰেষ্টুৰেণ্ট চুইগি আৰু জমেটো উপলব্ধ হ'ব যাতে আমাৰ গুৱাহাটীবাসীয়ে ঘৰত বহি সুস্বাদু দক্ষিণ ভাৰতীয় সুস্বাদু খাদ্যৰ সোৱাদ লবলৈ সক্ষম হয়। আমি গুৱাহাটীৰ সকলো খাদ্য প্ৰেমীক এবাৰ কে জিএফ চেপ্টাৰ১ৰ সুস্বাদু খাদ্যৰ সোৱাদ লবলৈ আহ্বান জনায়।
No comments:
Post a Comment