দশম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষ স্থানপ্ৰাপ্ত সকলক সম্বৰ্ধনা আনএকাডেমী ষ্ট'ৰৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 June 2023

দশম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষ স্থানপ্ৰাপ্ত সকলক সম্বৰ্ধনা আনএকাডেমী ষ্ট'ৰৰ




W7s news গুৱাহাটী : দেশৰ সৰ্ববৃহৎ শিক্ষণ মঞ্চ আনএকাডেমীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থী সকলক সন্মানিত কৰে। উক্ত অনুষ্ঠানটোত ৰয়েল গ্লোবেল স্কুলৰ উপাধ্যক্ষ

বিনিতা জৈন, ফেশ্বন ডিজাইনাৰ পায়েল চাড্ডা,আৰবাণ ডেণ্টেলৰ দন্ত চিকিৎসক ৰোহিত জৈন,প্ৰতিদিন টাইমৰ গৰাকী ঋষি বৰুৱা উপস্থিত থাকে।দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলত ৫ শীৰ্ষ স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক আনঅকাডেমি ষ্টোৰে মানপত্ৰ প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ তেওঁলোকৰ সদস্যতা অৰ্পণ কৰে।

হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়, বৰসজাইৰ এমভিএম ৩ , এমভিএম ৪, সংস্কৃতি দ্যা গুৰুকুল, গোটানগৰৰ এমভিএম,ইণ্টাৰনেচনাল স্কুল সৰলা বিৰলাই উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে।আনএকাডেমী ষ্ট'ৰে ব্ৰেণ্ডটোৰ বিষয়ে বুজিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এক অফলাইন টাচপইণ্ট হিচাপে কাম কৰাৰ লগতে

 প্লেটফৰ্ম প্ৰদান কৰি আহিছে। যি সকল শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰক লৈ বা কি পদ বাছি লব সেই সন্দৰ্ভত আগ্ৰহ ব্যক্ত কৰিলে

 আনএকাডেমী ষ্ট'ৰে শিক্ষাৰ্থীসকলক সহায় কৰি আহিছে। ই এক সামগ্ৰিক অভিজ্ঞতা প্ৰদান কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত ব্ৰেণ্ডটোৰ ওপৰত সাহস আৰু বিশ্বাস জন্মায়। 

 আনএকাডেমী ষ্টোৰে পাঠ্যক্ৰম বিশেষজ্ঞ আৰু শিক্ষাবিদসকলৰ সৈতে পৰামৰ্শ কৰি শিক্ষাৰ্থী সকলক উন্নত মানদণ্ডৰ শিক্ষা লাভৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। শিক্ষাৰ্থীসকলে পৰামৰ্শ লাভ কৰাৰ পিছত আনএকাডেমী সদস্যতা ক্ৰয় কৰিব পাৰিব।শিক্ষণৰ ক্ষেত্ৰত অভিজ্ঞতা প্ৰদান কৰা গুৱাহাটীৰ প্ৰথমটো আনএকাডেমী ষ্ট'ৰটো। 


১.অভিজ্ঞতা ক্ষেত্ৰ: অন-ডিচপ্লে ডিভাইচ আৰু    স্ক্ৰীণৰ সহায়ত আনএকাডেমী ব্যৱহাৰকাৰীসকলক প্লেটফৰ্মৰ অফাৰ আৰু চাবস্ক্ৰিপশ্বন মডেলবোৰ বুজাত সহায় কৰে। 

দৰ্শনাৰ্থীসকল বিশেষজ্ঞৰ দ্বাৰা  সমল অন্বেষণ  কৰিবলৈ তেওঁলোকৰ নিজৰ মতে সময় ল'ব পাৰিব।


২. 'সংযোগ' - পৰামৰ্শ অঞ্চল:বিশেষজ্ঞৰ সৈতে পৰামৰ্শৰ অন্তত আৰু সদস্যতা ক্ৰয় কৰাৰ পিছত শিক্ষাৰ্থীসকলে গাইডেন্স আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হব। 

৩.পঢ়াৰ বাবে সকলো ধৰনৰ মেটেৰীয়ালছ যোগান ধৰাৰ লগতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ বাছনি কৰা ক্ষেত্ৰত আপডেট হৈ থাকে।

৪. মাৰ্চেণ্ডাইজ ৱাল হৈছে ষ্ট'ৰৰ এক উপযোগী আৰু আকৰ্ষণীয় শাখা, য'ত শীতল, প্ৰদৰ্শন-যোগ্য সামগ্ৰী যেনে পোছাক, ষ্টেচনেৰী আদি- ক্ৰয়ৰ বাবে উপলব্ধ। জি এছ ৰোডৰ ভঙাগঢ়ৰ এইচ ডি এফ চি বেংকৰ ওপৰত শ্ব'হম এম্পোৰিয়াৰ কাষত প্ৰথম মহলাত স্থাপন কৰা হৈছে আনএকাডেমী ষ্টোৰ।  

 আনএকাডেমী ষ্টোৰ ৰাতিপুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ সাতদিনেই খোলা থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here