শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে গুৱাহাটী জগন্নাথ ৰথযাত্রা মহোৎসৱ-২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 June 2023

শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে গুৱাহাটী জগন্নাথ ৰথযাত্রা মহোৎসৱ-২০২৩

 



W7s news গুৱাহাটী: আন্তর্জাতিক কৃষ্ণভাবনামৃত সংঘ (ইস্কন) গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত গুৱাহাটী জগন্নাথ ৰথ যাত্রা মহোৎসৱ ২০২৩  ২০ জুনৰ পৰা ২৮ জুন বুধবাৰলৈ ৯ দিনজোৰা এক বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ইস্কন গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ইস্কন গুৱাহাটীৰ ভক্ত গজেন্দ্ৰ নাথ খাউণ্ডে। তেওঁ লগতে কয়- উত্তৰ- পূৰ্বাঞ্চলৰ সমূহ জনগোষ্ঠীৰ মাজত আধ্যাত্মিক ভাৱধাৰাৰ উন্মেষ ঘটাই সাংস্কৃতিক আৰু সামাজিক দিশত শান্তি, সম্প্রীতি আৰু ঐক্যৰ এনজৰীডাল অটুট ৰখাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰি অহা হৈছে

বিগত ২২ বছৰে গুৱাহাটী চহৰত উদ্‌যাপিত হৈ আহিছে এই ৰথযাত্রা মহোৎসৱ। জাতি- ধর্ম- বর্ণ- ভাষা নির্বিশেষে বিভিন্ন সম্প্রদায় আৰু জনগোষ্ঠীৰ লোকসকলৰ সক্ৰিয় যোগদান আৰু তেওঁলোকৰ নিজস্ব সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱৰ প্ৰদৰ্শনে এই ৰথযাত্রা মহোৎসৱক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে য'ত এখন মঞ্চতে আমি 'অনৈক্যৰ মাজত ঐক্য'ৰ এক অনন্য আৰু বাস্তব প্রতিফলন দেখা পাওঁ।গুৱাহাটী জগন্নাথ রথযাত্রা মহোৎসৱ-২০২৩ৰ মূল কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান মঙলবাৰে উলুবাৰীস্থিত আশ্বী অস্পৰা অডিটৰিয়াম (পূৰ্বৰ অপ্সৰা চিনেমা হল)ত অনুষ্ঠিত হ'ব আৰু এই শোভা যাত্ৰা উলুবাৰী, ভঙাগড়, গণেশগুৰি আৰু ড° আৰ পি ৰোড, লাইগেট, ছার্ভে, বেলতলা তিনি আলি হৈ গৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব। এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মহামান্য ৰাজ্যপাল  গুলাব চান্দ কাটাৰিয়া, অসম চৰকাৰৰ  জলসম্পদ তথা জনসংযোগ আৰু তথ্য মন্ত্ৰী  পীযূষ হাজৰিকা, জলসিঞ্চন তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী  অশোক সিংঘল, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য , বি আই পি এলৰ পৰিচালন সঞ্চালক  ৰামাৱতাৰ ভাৰাতীয়া, অভিত্রেী  আইমী বৰুৱা, জনপ্রিয় ইউটিউবাৰ দিম্পু বৰুৱা, সৰভোগৰ মইনবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ  অপূৰ্ব অধিকাৰী আৰু ইটালীৰ পৰা অহা ইস্কনৰ ভক্ত শ্রীপাদ গঙ্গা দাস।

৯ দিনজোৰা এই মহোৎসৱৰ এক অন্য আকর্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা। নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ উপ- সভাপতি  অমোঘলীলা দাসে উক্ত শ্ৰীমদ্ ভাগৱত কথাৰ প্ৰৱচন দাঙি ধৰিব। এই ভাগৱত কথা ২১ জুনৰ পৰা ২৭ জুনলৈ গুৱাহাটীৰ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্রকল্প প্ৰাংগণত সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত হ'ব। দিব্য আনন্দময় এই মহোৎসৱৰ সামৰণি পৰিব ২৮ জুনত ওলোটা রথযাত্ৰাৰে। এই যাত্ৰা আৰম্ভ হ'ব দীঘলীপুখুৰীৰ মুখ্য প্ৰৱেশদ্বাৰৰ (মিউজিয়ামৰ বিপৰীতে) পৰা আৰু ইয়াৰ অন্ত পৰিব উলুবাৰীৰ এ এছ টি চি পার্কিঙত। এই শোভাযাত্রা সন্দিকৈ কলেজ, এইচ বি ৰোড, ফাঁচীবজাৰ, পুৰণা কেন্দ্ৰীয় কাৰাগাৰ, এম এছ ৰোড, এটি ৰোড আৰু পল্টনবজাৰ অতিক্ৰম কৰিব ।' সংবাদ মেলত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ উপ- সভাপতি  অমোঘলীলা দাস,ইটালীৰ পৰা অহা ইস্কনৰ ভক্ত শ্রীপাদ গঙ্গা দাস, ইস্কন গুৱাহাটীৰ যুৱ শাখাৰ প্ৰতিনিধি সুদৰ্শন দাস, ইস্কন গুৱাহাটীৰ ভক্ত তথা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নৃপাংক শইকীয়াৰ লগতে ইস্কন গুৱাহাটীৰ বহুকেইজন ভক্ত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here