১৬.৫ কোটিৰ বাৰ্ষিক প্ৰতিশ্ৰুতিৰ সৈতে এইচচিএলটেক অনুদান সংস্কৰণ নৱম মুকলি কৰা হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 June 2023

১৬.৫ কোটিৰ বাৰ্ষিক প্ৰতিশ্ৰুতিৰ সৈতে এইচচিএলটেক অনুদান সংস্কৰণ নৱম মুকলি কৰা হৈছে

 

 


এইচচিএল ফাউণ্ডেশ্যনে শিক্ষা, স্বাস্থ্য আৰু অনাময়, দক্ষতা বিকাশ আৰু জীৱিকা, পৰিৱেশ আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস আৰু সঁহাৰি আদিৰ ক্ষেত্ৰবোৰৰ চিএছআৰ কাৰ্যকলাপত আজিৰ তাৰিখলৈকে ₹১,১৩৭ কোটি  বিনিয়োগ কৰিছে


W7s news,,,,গুৱাহাটী; ২১ জুন,: এইচচিএলটেকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচীসমূহ প্ৰদান কৰোঁতা এইচচিএল ফাউণ্ডেশ্যন(এইচচিএলএফ)-এ গুৱাহাটীত এইচচিএলটেক অনুদান সংস্কৰণ নৱমৰ বিষয়ে সামাজিক প্ৰভাৱশালী ক্ষেত্ৰত কাম কৰি থকা বেচৰকাৰী সংগঠন, নাগৰিক সমাজ সংগঠন আৰু ষ্টাৰ্ট-আপসমূহৰ মাজত সংবেদনশীল তাৎপৰ্য আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰ এক অংশ হিচাপে এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে। এই বছৰ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সৈতে সংগতি ৰাখি নিৰ্দ্ধাৰণ কৰা আলোচনা চক্ৰখনৰ বিষয়টো হৈছে "নিবনুৱা সমস্যাৰ বিৰূদ্ধে যুঁজ দিয়া আৰু যুৱসমাজৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰাত জি-২০ৰ ভূমিকা"।এইচচিএল ফাউণ্ডেশ্যেনৰদ্বাৰা বিভিন্ন চহৰত আয়োজিত পেন ইণ্ডিয়া আলোচনা চক্ৰসমূহৰ শৃংখলাত এই আলোচনাচক্ৰখন পঞ্চম আছিল। ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত চিএছআৰৰ ভূমিকা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আলোচনা আৰু আলাপত অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বহুতো বেচৰকাৰী সংগঠন আৰু নাগৰিক সমাজ সংগঠনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।এইচচিএল ফাউণ্ডেচনৰ গ্লোবেল চিএছআৰৰ উপ-সভাপতি ড০ নিধি পুন্ধিৰে কয়, “নিবনুৱা সমস্যাৰ মোকাবিলা কৰা আৰু যুৱসমাজৰ বাবে সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত এইচচিএল ফাউণ্ডেশ্যনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যুৱক-যুৱতীসকলক শিক্ষা, দক্ষতা আৰু অৰ্থপূৰ্ণ নিযুক্তিৰ দ্বাৰা সবলীকৃত কৰাটো কেৱল এক দায়িত্বই নহয়, ই হৈছে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু সামাজিক স্থিৰতাৰ দিশে আগবঢ়া এক পথ। সহযোগিতামূলক প্ৰচেষ্টাৰদ্বাৰা, আমি যুৱ কৰ্মসংস্থাপনহীনতাৰ জটিল প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ নীতি আৰু পদক্ষেপসমূহ ৰূপায়ণ কৰাৰ বাবে ভাৰতত জি-২০ৰ সামূহিক সম্ভাৱনাসমূহক ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ। উদ্ভাৱন, উদ্যোগ আৰু সামগ্ৰিক অৰ্থনৈতিক পৰিকাঠামো কঢ়িয়াই আনি আমি পৰৱৰ্তী প্ৰজন্মৰ অব্যৱহৃত প্ৰতিভা আৰু আকাংক্ষাসমূহক উন্মুক্ত কৰিব পাৰোঁ, যাৰ ফলত সকলোৰে বাবে এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হ'ব। আমাৰ ৰাষ্ট্ৰই সন্মুখীন হোৱা জৰুৰী বাধাসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠনসমূহে বাহিনীত যোগদান কৰিবৰ বাবে, অন্তৰ্দৃষ্টি ভাগ বতৰা কৰিবৰ বাবে আৰু উদ্ভাৱনী মূলক ৰণনীতি প্ৰস্তুত কৰিবৰ বাবে এক বিশিষ্ট মাধ্যম প্ৰতিষ্ঠাৰদ্বাৰা লাখ লাখ লোকৰ জীৱনত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ এই আলোচনাচক্ৰসমূহে চেষ্টা কৰে।”অনুষ্ঠানটোত একাধিক অধিৱেশন আৰু পেনেল আলোচনা অনুষ্ঠিত হৈছিল য'ত ভাগ লোৱা বিশিষ্ট বক্তাসকলৰ ভিতৰত আছিল ড০ কল্পনা সাৰথি, অধ্যাপক আৰু উপ-সঞ্চালক, টিছ গুৱাহাটীৰ; ড. ৰুচি বৰুৱা, ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক, সামাজিক সংহতি, প্ৰতিষ্ঠান আৰু ক্ষমতা নিৰ্মাণ, এএছআৰএলএম, দীন দয়াল অন্ত্যোদয় যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন; শ্ৰীমতী সান্তালা ৰংলো, উন্নয়ন পৰামৰ্শদাতা আৰু প্ৰতিষ্ঠাপক - মাউণ্টেইন ট্ৰেইলছ থালেম আৰু গৌৰৱ মজুমদাৰ, মুখ্য বিষয়া- দক্ষতা বিকাশ আৰু জীৱিকা, এইচচিএল ফাউণ্ডেশ্যন। আলোচনাচক্ৰখনত চিএছআৰ আইন আৰু ইয়াৰ সংশোধনীসমূহৰ ওপৰত ভাৰত চৰকাৰ, কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়, ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পোৰেট এফেয়াৰ্ছ, নেচনেল ফাউণ্ডেশ্যন ফৰ চিএছআৰ-ৰ চিএছআৰ পৰামৰ্শদাতা আৰু প্ৰাক্তন মুখ্য কাৰ্যসূচী কাৰ্যবাহী নিখিল পণ্ট আৰু চিএছআৰবক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভোমিক শ্বাহ-ৰ দ্বাৰা এক মাষ্টাৰক্লাছ অন্তৰ্ভুক্ত কৰা হয়।এই বছৰৰ আলোচনা চক্ৰৰ শৃংখলাৰ অংশ হিচাপে বেংগালুৰু, তিৰুৱনন্থপুৰম, মুম্বাই, আহমেদাবাদ আৰু জয়পুৰত আলোচনা চক্ৰসমূহ অনুষ্ঠিত কৰা হৈছে। তদুপৰি, এই মাহত ৰায়পুৰ আৰু নতুন দিল্লীতো আলোচনা চক্ৰৰ আয়োজন কৰা হ'ব। এই আলোচনাচক্ৰসমূহৰ জৰিয়তে, বেচৰকাৰী সংগঠন, নাগৰিক সমাজ আৰু সামাজিক প্ৰভাৱশালী সংগঠনবোৰক ভাৰতৰ আটাইতকৈ আকাংক্ষিত প্ৰতিষ্ঠানগত অনুদান- এইচচিএলটেক অনুদানৰ বিষয়ে জনোৱাটোৱেই হৈছে এইচচিএল ফাউণ্ডেশ্যনৰ লক্ষ্য। এই অনুদানটোৱে এক স্বতন্ত্ৰ, শক্তিশালী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰাম্য বিকাশত গুৰুত্বপূৰ্ণ কাম কৰি থকা বেচৰকাৰী সংগঠনবোৰক চিনাক্ত কৰে। শিক্ষা, স্বাস্থ্য আৰু পৰিৱেশ শাখাৰ প্ৰতিটো শাখাৰে তিনি বিজয়ীক চাৰি বছৰীয়া প্ৰকল্পৰ বাবে ₹৫ কোটিৰ অনুদান প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, প্ৰতিটো শ্ৰেণীৰ আন দুই চূড়ান্ত প্ৰতিযোগীক এবছৰীয়া প্ৰকল্পৰ বাবে ₹২৫ লাখৰ অনুদান প্ৰদান কৰা হয়। নৱম সংস্কৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মুঠ পুঁজি হৈছে ₹১৬.৫ কোটি।এইচচিএলটেক অনুদান ২০২২-ৰ পৰিৱেশ, স্বাস্থ্য আৰু শিক্ষা শাখাৰ তিনিটা শাখাৰ বিজয়ী আছিল তিনিটা বেচৰকাৰী সংগঠন- প্লেনেটআৰ্থ, ইনোভেটৰচ্ ইন হেল্থ (আইআইএইচ) ভাৰত আৰু মেঘশালা ট্ৰাষ্ট আৰু প্ৰতিটো সংগঠনে নিজৰ প্ৰকল্পৰ বাবে ₹৫ কোটি (প্ৰায় $৬২০,০০০) লাভ কৰিছিল।আঠ বছৰ পূৰ্বে এইচচিএলটেক অনুদান কাৰ্যসূচী আৰম্ভ হোৱাৰপৰা আজিৰ তাৰিখলৈকে, এইচচিএল ফাউণ্ডেশ্যনে বেচৰকাৰী সংগঠনসমূহক ₹১৩০ কোটিতকৈও অধিক (এপিএক্স. 16 নিযুত ডলাৰ) প্ৰদান কৰিছে, যি ভাৰতৰ ২২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ দূৰৱৰ্তী জিলাসমূহৰ ২৫,০০০ তকৈও অধিক গাঁৱৰ ১.৮ নিযুতৰো অধিক হিতাধিকাৰীৰ ওচৰ পাইছেগৈ। ৪৯ টা বেচৰকাৰী সংগঠনৰ সৈতে সফল অংশীদাৰীত্ব গঢ়ি তোলা হৈছে, যাৰ ভিতৰত ২১ টা বেচৰকাৰী সংগঠনক ₹৫ কোটি আৰু ২৮ টা বেচৰকাৰী সংগঠনক ₹২৫ লাখ তেওঁলোকৰ নিজ নিজ প্ৰকল্পৰ বাবে প্ৰদান কৰা হৈছে।এইচচিএলটেক অনুদানৰ পঞ্জীয়ন চকুত লগাকৈ যথেষ্ট বৃদ্ধি দেখা গৈছে। ২০১৬ চনৰ পৰা, এইচচিএলটেক অনুদানৰ অধীনত ৪৯,৪৫০ ৰো অধিক পঞ্জীয়ন আৰু ৮,৬৩০ তকৈও অধিক আবেদন প্ৰাপ্ত কৰা হৈছে। এইচচিএলটেক অনুদানে কেৱল দেশৰ বিকাশ আৰু সমৃ্দ্ধিত অৰিহণা যোগোৱা বেচৰকাৰী সংগঠনসমূহৰ কামক স্বীকৃতি দিয়াই নহয়, লগতে আকাংক্ষিত প্ৰভাৱ আৰু উদ্দেশ্য প্ৰাপ্ত কৰিবৰ বাবে তেওঁলোকৰ সৈতে জড়িত হৈ আছে।এইচচিএল ফাউণ্ডেশ্যনৰ বিষয়ে: এইচচিএল ফাউণ্ডেশ্যনে ইয়াৰ ফ্লেগশ্বিপ কাৰ্যসূচী আৰু বিশেষ পদক্ষেপৰ জৰিয়তে এইচচিএলটেকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচীসমূহ আগবঢ়ায়। আমি শিক্ষা, দক্ষতা বিকাশ, জীৱিকা, স্বাস্থ্যসেৱা আৰু পৰিৱেশ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। আমাৰ এইচচিএল সমুদায় আৰু এইচচিএলটেক অনুদানে গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে; এইচচিএল উদয় আৰু ক্লিন নয়ডাই নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰে; আৰু এইচচিএল হৰিত্-এ পাৰিপাৰ্শ্বিক কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ে। আমাৰ ‘পাৱাৰ অফ ৱান’ প্ৰচেষ্টাই আমাৰ লোকসকলক সমাজৰ প্ৰতি প্ৰতিদান আগবঢ়োৱাত সহায় কৰে, ‘স্পৰ্টছ ফৰ চেঞ্জ্’-এ যুৱসকলৰ বাবে ফলাফল সলনি কৰে, ‘মাই ই-হাট’-এ দক্ষতা বিকাশ আৰু জীৱিকাৰ সমৰ্থন কৰে আৰু আমাৰ এইচচিএল ফাউণ্ডেশ্যন একাডেমী হৈছে এক অংশীদাৰী শিক্ষণ মঞ্চ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here