কামৰূপ মহানগৰ জিলাৰ *গুৱাহাটী সদৰ আঞ্চলিক কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 June 2023

কামৰূপ মহানগৰ জিলাৰ *গুৱাহাটী সদৰ আঞ্চলিক কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা*

 





W7s news গুৱাহাটী: গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলত দেওবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নিকটৱৰ্তী চাৰিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্টুপীয়া সভাত সভাপতিত্ব কৰে গুৱাহাটী সদৰ আঞ্চলিকৰ সভানেত্ৰী ডঃ গীতাঞ্জলি দেৱীয়ে। সভাৰ আৰম্ভণিতে সভানেত্ৰীৰ লগতে গুৱাহাটী সদৰ আঞ্চলিকৰ উপদেষ্টা জ্যোৎস্না দাস, কামৰূপ মহানগৰৰ জ্যেষ্ঠ প্ৰাইম মেমবাৰ তথা সমাজ বন্ধু ছাজন ভূঞা আৰু কামৰূপ মহানগৰৰ জ্যেষ্ঠ প্ৰাইম মেমবাৰ  মঞ্জু দাসক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে  ভূঞাই এই আপাহতে  ৱাৰিয়ৰ্ছৰ কামকাজ সম্পৰ্কে ৰাইজক চমু আভাস দিয়ে। তাৰ পাছতেই কৃতী শিক্ষাৰ্থীকেইগৰাকী যথাক্ৰমে  কুলদ্বীপ দাস,  মুস্তাফিজুৰ ৰহমান,  তানহাজ ৰহমান আৰু  চিনা ইয়াচমিন চহৰীয়াক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পাছত সভানেত্ৰীয়ে সদ্যসম্বৰ্ধিত ছাত্র-ছাত্ৰীকেইগৰাকীক দু-আষাৰকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনায়। সেইমৰ্মে আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে চমু বক্তব্য ৰাখে আৰু তেওঁলোকৰ চমু বক্তব্যত ৱাৰিয়ৰ্ছক এনে এটা কাৰ্যসূচী গ্ৰহণ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছত সভানেত্ৰীয়ে উপস্থিত সমজুৱাক দু-আষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনায়। সেই মৰ্মে কামৰূপ মহানগৰৰ অন্যতম এগৰাকী প্ৰাইম মেম্বাৰ  দীপা দেৱীয়ে ৱাৰিয়ৰ্ছৰ কামকাজৰ  প্ৰশস্তিসূচক এক চমু বক্তব্য আগবঢ়ায়। ইয়াৰ পাছত সভাপতিৰ মন্তব্যত ডঃ গীতাঞ্জলি দেৱীয়ে ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত আলোকপাত কৰে।  জ্যোৎস্না দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভানেত্ৰীয়ে সভাভংগ দিয়ে।আজিৰ এই অনুষ্ঠানটোত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই ছাজন ভূঞাৰ পত্নী  আজিজা ৰহমান আৰু পাঞ্জাবাৰী-বাঘৰবৰী অঞ্চলৰ এসময়ৰ গাওঁবুঢ়া প্ৰয়াত আজিজ হলি আহমেদৰ পৰিয়ালবৰ্গই, বিশেষকৈ গাওঁবুঢ়াৰ জ্যেষ্ঠ পুত্ৰ  ৰাকিব আলী সেই পৰিয়ালৰ বয়োজ্যেষ্ঠা সদস্যা  গুলেনা বেগমে। তদুপৰি সহায়ৰ হাত আগবঢ়াই কামৰূপ মহানগৰ জিলাৰ সহ জনসংযোগ সম্পাদক  ধনজিত হালৈ আৰু ৱাৰিয়ৰ্ছৰ সাধাৰণ সদস্য  মঞ্জু ইয়াচমিন চহৰীয়াই। তদুপৰি এই সভাতে  মঞ্জু দাসৰ বান্ধৱী  বিনীতা দাসে আনুষ্ঠানিকভাৱে ৱাৰিয়ৰ্ছত যোগদান কৰে আৰু তেওঁক এখন ফুলাম গামোচা পিন্ধাই ৱাৰিয়ৰ্ছলৈ আনুষ্ঠানিক আদৰণি জনায় ডঃ গীতাঞ্জলি দেৱীয়ে। ৱাৰিয়ৰ্ছৰ নৱসংযোজিত সদস্যাগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ যোগদান কৰাৰ দিনাই এনেকুৱা এটা অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ সৌভাগ্য লাভ কৰাত যথেষ্ট আপ্লুত হৈ পৰিছে; লগতে তেওঁ ইয়াকো কয় যে এইদৰে ন ন সুকৰ্মৰাজিৰে ৱাৰিয়ৰ্ছ সদায় জাকত জিলিকা হৈ থাকক। আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে অভিনেত্ৰী কবিতা দুৱৰা তথা ৱাৰিয়ৰ্ছৰ কামৰূপ মহানগৰৰ সাধাৰণ সদস্যা  ৰুমী দাস। আজিৰ অনুষ্ঠানটোৰ বাতৰি পৰিৱেশন কৰিবলৈ উপস্থিত থাকে পাঁচগৰাকীকৈ সাংবাদিক। তেওঁলোক হ'ল সৰ্বশ্ৰী পাৰিজাত সন্দিকৈ, হালিমা বেগম, হেনা দে, জয়ন্ত বৰ্মন আৰু মিণ্টু দে। এইদৰে আজিৰ কাৰ্যসূচীটোৰ সফল সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here