গুৱাহাটীত উন্মোচিত হ’ল ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জাৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 June 2023

গুৱাহাটীত উন্মোচিত হ’ল ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জাৰী

 


 W7s news গুৱাহাটী : অসমৰ ৰাজ্যপাল  গুলাব চান্দ কাটাৰিয়াই


১১ জুনত গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছৰ (এআৰআইএছ) অফিচিয়েল জাৰ্নেল “ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জাৰী”ৰ উদ্বোধনী সংস্কৰণটো মুকলি কৰে ।

বিগত বৰ্ষৰ এক ঐতিহাসিক মুহূৰ্তত, ২০২২ চনৰ এপ্ৰিল মাহত গুৱাহাটীত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰথম ৰবটিক চাৰ্জন এছ’চিয়েচনৰ জন্ম হৈছিল। এবছৰৰ কম সময়ৰ ভিতৰত এই সমিতিয়ে আশী গৰাকীতকৈও অধিক শল্য চিকিৎসকক প্ৰশিক্ষণ দিয়াৰ উপৰিও চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ স্বাস্থ্য আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ পৰিছে।  

এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিক আৰু গুৱাহাটীৰ আইআইটিৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পি কে আয়াৰ অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল। 


এআৰআইএছৰ প্ৰতিষ্ঠাপক সভাপতি তথা জাৰ্নেলৰ মুখ্য সম্পাদক অধ্যাপক সুভাষ খান্নাই ভাষণ প্ৰসংগত সৰু চহৰত ৰবটিক ব্যৱস্থা স্থাপনৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে বিগত দুটা দশক ধৰি সমগ্ৰ বিশ্বতে ক্লিনিকেল আৰু শৈক্ষিক দৃষ্টিকোণ উভয় ক্ষেত্ৰতে এই উল্লেখযোগ্য প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ কেনেদৰে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে সেই বিষয়েও জানিবলৈ দিয়ে। তেওঁ ৰবটিক চাৰ্জাৰীৰ বিকাশৰ বাবে উৎসৰ্গিত প্ৰথমটো স্বতন্ত্ৰ এছিয়ান সংঘ, এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছৰ জন্মৰ বিষয়েও চমুকৈ কয় আৰু ই চিকিৎসা উদ্ভাৱনক আগুৱাই নিবলৈ সকলো ধৰণৰ চেষ্টা চলাই থকাৰ লগতে অস্ত্ৰোপচাৰ সম্প্ৰদায়ক সম্প্ৰতি সময়ত উপলব্ধ আটাইতকৈ অত্যাধুনিক অস্ত্ৰোপচাৰ মডেলসমূহ প্ৰয়োগ কৰিবলৈ সুবিধা লাভ কৰাৰ লগতে শক্তিশালী প্ৰশিক্ষণ আৰু উন্নত সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীগুলাব চান্দ কটাৰিয়াই ৰবটিক্সৰ ওপৰত এনেধৰণৰ প্ৰথমখন আলোচনী প্ৰকাশ কৰাৰ বাবে সম্পাদক মণ্ডলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যেতিয়ালৈকে কাম আৰু ইয়াৰ ক্লিনিকেল ফলাফল বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত জাৰ্নেলত প্ৰকাশ নহয়, তেতিয়ালৈকে কোনো কৌশল বা প্ৰক্ৰিয়াক সম্পন্ন হোৱা বুলি মান্যতা দিব নোৱাৰি। তেওঁ এই প্ৰযুক্তি জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই কাৰ্য্যসূচী উপলক্ষে আগবঢ়োৱা ভাষণত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিক আৰু গুৱাহাটী আই আই টিৰ কাৰ্যবাহী সঞ্চালক, অধ্যাপক পি কে আয়েৰে এই উন্নয়নক লৈ আনন্দ প্ৰকাশ কৰাৰ লগতে এ আৰ আই এছ (ARIS) এ, আই আই টি, এন আই পি আৰ (NIPER)আৰু এইমছৰ গৱেষণা বিজ্ঞানীসকলৰ সৈতে যৌথভাৱে উদ্ভাৱনীমূলক কাৰ্যত সক্ৰিয় ভাৱে সহযোগ কৰিব লাগে বুলি তেওঁলোকৰ মতামত প্ৰকাশ কৰে। 

অনুষ্ঠানত ৰাষ্ট্ৰীয় ফাৰ্মাক'লজিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ইউ এছ এন মূৰ্তি, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু অসম শল্য চিকিৎসক সন্থাৰ বহু প্ৰাক্তন সভাপতিকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

ৰবটিক বক্ষ শল্য চিকিৎসক আৰু বক্ষ শাখাৰ শাখাগত সম্পাদক ডাঃ বেলাল বিন আচাফেও কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে। আনহাতে বহিঃৰাজ্যৰ সকলো সম্পাদকীয় ব’ৰ্ডৰ সদস্যই ভাৰ্চুৱেলভাৱে যোগদান কৰে।

বিশ্বৰ বিভিন্ন কোণৰ পৰা অহা, বিশেষজ্ঞ ৰবটিক চাৰ্জনসকলৰ দ্বাৰা এই আলোচনীখনৰ সম্পাদক মণ্ডলী গঠন কৰা হৈছে। এই আলোচনীখন সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰ্কাশ কৰা হ'ব। অহা বছৰৰ পৰা প্ৰতি তিনিমাহৰ মূৰত এই আলোচনীখন প্ৰকাশিত হ'ব বুলি এপল’ হাস্পতাল চেন্নাইৰ উপ সম্পাদক ডাঃ ৰাজ পালনিয়াপ্পানে অৱগত কৰিছে।

তেওঁ উল্লেখ কৰে যে জাৰ্নেলখনে পেটেণ্ট অধ্যয়ন (টেকন’মেট্ৰিক্স) আৰু ৱেব ভিত্তিক অধ্যয়ন (ৱেব মেট্ৰিক্স)কে ধৰি ৰবটিক্সৰ বিভিন্ন ক্ষেত্ৰ সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ কৰিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয়, আঞ্চলিক, আৰু ক্ষেত্ৰীয় গৱেষণা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশ বিশ্লেষণ কৰিবলৈ বিজ্ঞান, প্ৰযুক্তি, আৰু উদ্ভাৱন সূচক ব্যৱহাৰ কৰা প্ৰকাশনসমূহ প্ৰকাশ কৰা হ’ব।মুক্ত বিজ্ঞান, নতুন সঁজুলি, তথ্য আহৰণৰ নতুন পন্থা, মেট্ৰিক্স আৰু প্ৰকাশনৰ নতুন ৰূপকে ধৰি সমসাময়িক দিশত আলোকপাত কৰা প্ৰবন্ধসমূহক উৎসহিত কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here