গুৱাহাটীত আৰম্ভ বুটিক্‌ছ অৱ ইণ্ডিয়াৰ ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 June 2023

গুৱাহাটীত আৰম্ভ বুটিক্‌ছ অৱ ইণ্ডিয়াৰ ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছন


 


W7s news,,,গুৱাহাটী : দেশত জনপ্রিয় এক্সিভিছন বুটিক্‌ছ অৱ ইণ্ডিয়া চমুকৈ বিঅ’আইয়ে গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ হৈছে ৩৫ সংখ্যক বুটিক্‌ছ অৱ ইণ্ডিয়াৰ গ্ৰীষ্মকালীন সংস্কৰণ - ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছন। মহানগৰীৰ খানাপৰাৰ তাজ ভিভান্তাত অনুষ্ঠিত ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এ এম টেলিভিছন গ্রুপৰ অধ্যক্ষা ড° আকশাতা নাৰেইনে আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত ডাঃ সন্তশ্ৰী এম ভূঞা।  উদ্বোধনী অনুষ্ঠানত বি অ আইৰ প্ৰতিষ্ঠাপক সঞ্জয় আগৰৱাকে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত তেওঁ কয় যে  দেশৰ ভিতৰতে অতিকৈ জনপ্ৰিয় বি অ আই। বি অ আইৰ কালেকশ্বন যুৱতী তথা মহিলা সকলৰ বাবে প্ৰিয়। অসম তথা উত্তৰ-পূবৰ লোকসকলৰ বাবে আৰম্ভ কৰা এই মেলাত নতুনত্বৰ সংযোজন ঘটোৱা বস্তুসম্ভাৰকে আদি কৰি বিভিন্নধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। বিশেষকৈ ফেশ্বন, হ’মডেকৰ, হেণ্ডল'ম, জুৱেলাৰী, এছ’চেৰিছ, ব্ৰাইডেল ৱেৰ, শিশুৰ বস্ত্ৰসম্ভাৰকে আদি কৰি পুৰুষৰ বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। আজিৰে পৰা আৰম্ভ হোৱা এই মেলা দিনৰ ১১ বজাৰ পৰা নিশা ৯ বজালৈ গ্ৰাহকৰ বাবে মুকলি থাকিব। এই মেলাত সকলোৰে প্ৰৱেশ বিনামূলীয়া। মেলাত বিভিন্ন প্ৰান্তৰ ৬৫টাকৈ ব্যৱসায়িক প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছে। উৎসৱ পাৰ্বণৰ বাবে নতুনত্বৰ সংযোজন ঘটোৱা সাজ-পোছাক, গহনা, গৃহ সজ্জাকে আদি কৰি শিশু, পুৰুষ, মহিলাৰ সকলোধৰণৰ সাজ-পোছাক উপলব্ধ হৈছে। একেদৰে বিভিন্ন প্ৰান্তৰ আগশাৰীৰ ডিজাইনাৰৰ গহনা আদি কৰি বিভিন্ন ব্ৰেণ্ডৰ জুৱেলাৰী উপলব্ধ হৈছে। বিঅ'আইয়ে সমাজৰ পিছপৰা লোকসকলৰ বাবে বিভিন্ন সময়ত সেৱা আগবঢ়াই আহিছে। উল্লেখ্য, বুটিক্‌ছ অৱ ইণ্ডিয়া এক্সিভিছনৰ চিইঅ’ সঞ্জয় আগৰৱালাই কয় যে গ্ৰাহক তথা নৱ প্ৰজন্মৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি আগশাৰীৰ ব্ৰেণ্ড বিশেষ কৈ কয় যে আমাৰ সৈতে এইবাৰ বৰ্ষত অংশগ্ৰহণ কৰা সায়ন্তী ঘোষ ডিজাইনাৰ ষ্টুডিঅ', পৰিনা জুৱেলছ জয়পুৰ, চিকে দিল্লী, অ'ৰা ক্ৰেয়চন মুম্বাই, সাৱন সুখা, ডেজিৰেছ বাংগালুৰু, পালছানী জুৱেলাৰ্ছ আদি কৰি বহু আগশাৰীৰ ব্ৰেণ্ড অংশ গ্ৰহণ কৰে। তেওঁ লগতে কয় যে  মাজৰ উন্নয়নৰ বাবে বিভিন্নধৰণৰ পদক্ষেপ প্ৰদান কৰা হৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰখনৰ ব্যৱসায়ী কিম্বা শিপিনী সকলক এখন প্লেটফৰ্ম দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত এক্সিভিছনত সহযোগিতা আগবঢ়াইছে লেডিছ চাৰ্কোল ইণ্ডিয়া গুৱাহাটী শাখাই। এই স্বেচ্ছাসেৱী সংস্থাটোৱে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত বিভিন্নধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে বুলি আগৰৱালাই উল্লেখ কৰে। শিক্ষানুষ্ঠানত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, শ্ৰেণীকোঠা নিৰ্মাণ আৰু বিভিন্নধৰণৰ শৈক্ষিক সামগ্রী বিতৰণ কৰি আহিছে ছাত্ৰ-ছাত্ৰীৰ মাজত। শুক্ৰবাৰৰ সামৰণি পৰিব গুৱাহাটীত দুদিনীয়া প্ৰদৰ্শনী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here