চাণক্য আইএএছ একাডেমীৰ বাবে গৌৰৱৰ মুহূৰ্ত: ইউপিএছচি ২০২২ত একাডেমীৰ ১১ গৰাকী শিক্ষাৰ্থীৰ সফলতা লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 24 May 2023

চাণক্য আইএএছ একাডেমীৰ বাবে গৌৰৱৰ মুহূৰ্ত: ইউপিএছচি ২০২২ত একাডেমীৰ ১১ গৰাকী শিক্ষাৰ্থীৰ সফলতা লাভ


 

W7s news,,,,গুৱাহাটী ২৩ মেঃ অলপতে ঘোষণা কৰা আই এ এছ. ২০২৩ পৰীক্ষাৰ ফলাফল অনুসৰি একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত কেইবাগৰাকীও প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। একাডেমীখনৰ প্ৰসেনজিৎ এ আই আৰ ১১তম, নিতিন সিং এ আই আৰ ৩২ তম, মনন ভাট এ আই আৰ ২৩১ তম, পেবিকা লেগো এ আই আৰ ২৯০ তম, মহম্মদ ইৰফান এ আই আৰ ৪৭৬ তম, এছ মোহনা প্ৰিয়া এ আই আৰ ৫৭৭ তম, চাৰাহ শংকৰ এ আই আৰ ৮৩২ তম, ৱাওটুলা ওজোকুম ৮৭৪ তম, নীৰমাংশু হংস এআইআৰ ৰেংক ৮১১ তম আৰু মানসজ্যোতি দাসে ৮৮১ তম স্থানেৰে সৈতে একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ১১টা বাছনিৰ সৈতে আই.এ.এছ. ২০২২-ত প্ৰসেনজিৎ কৌৰে ১১ তম স্থানৰ সৈতে চাণক্য আই.এ.এছ. গুৱাহাটী কেন্দ্ৰৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান দখল কৰে।চাণক্য আই এ এছ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে আই এ এছ পৰীক্ষাত একাডেমীখনৰ ধাৰাবাহিক সফলতাৰ হাৰক অধিক উজ্জীৱিত কৰি তুলিছে। এনে ফলাফলসমূহেই সমগ্ৰ দেশৰ উদীয়মান প্ৰত্যাশীসকলৰ মনত নতুন আস্থাৰ ভাৱ সঞ্চাৰ কৰে।‘মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ ইমান বৃহৎ সফলতাত যথেষ্ট আনন্দিত হৈছোঁ। সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰথম স্থান লাভ কৰাৰ বাবে ইশ্বিতা কিশোৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। ইউপিএছচি ২০২২ ত শীৰ্ষ স্থান লাভ কৰা আমাৰ সকলো শিক্ষাৰ্থীৰ বাবে মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো। গুৱাহাটী আৰু এতিয়া যোৰহাটত অৱস্থিত চাণক্য আইএএছ একাডেমীলৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এক গোপন সম্ভাৱনা বহন কৰে যাক আমি তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনি সঠিক ৰূপত বিকশিত কৰিবলৈ চেষ্টা কৰোঁ।নিজৰ শিক্ষাৰ্থীসকলে সফলতা আৰু সমৃদ্ধিৰ আকাশ স্পৰ্শ কৰাটো দেখিবলৈ পোৱাতকৈ সুখকৰ অনুভৱ এগৰাকী শিক্ষকৰ বাবে আন একো হ’ব নোৱাৰে।’ কুৰঙ্গনয়নী চেতিয়া (চাণক্য আইএএছ একাডেমীৰ উত্তৰ-পূব ভাৰতৰ সঞ্চালিকা)ই কয়। আমাৰ শিক্ষকৰ দলটোৱে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষণ, যুক্তি আৰু বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যত্নসহকাৰে সহযোগিতা আগবঢ়ায় যাতে প্ৰতিগৰাকী শিক্ষাৰ্থী একোজন যোগ্য প্ৰশাসক হোৱাৰ বাবে পাৰদৰ্শিতা লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here