ছেবাৰ প্ৰৱেশিকা পৰীক্ষাৰ স্থানধাৰীক আকাশ বাইজুছৰ সম্বৰ্ধনাঃ আকাশ বাইজুছলৈ আদৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 May 2023

ছেবাৰ প্ৰৱেশিকা পৰীক্ষাৰ স্থানধাৰীক আকাশ বাইজুছৰ সম্বৰ্ধনাঃ আকাশ বাইজুছলৈ আদৰণি

 


• সম্বৰ্ধিত চাৰিগৰাকী শিক্ষাৰ্থীয়ে ২০২৩ চনৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলত শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিছে


• চাৰিও শিক্ষাৰ্তীয়ে কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে যোগ দিছে আকাশ বাইজুছত


W7s news গুৱাহাটী,  : ভাৰতৰ আগশাৰীৰ পৰীক্ষা প্ৰস্তুতি প্ৰতিষ্ঠান আকাশ বাইজুছে আজি বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ছেবাৰ দশম শ্ৰেণীৰ প্ৰৱেশিকা পৰীক্ষাৰ ১০ শীৰ্ষস্থানধাৰীৰ তালিকাত স্থান লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ লগতে প্ৰতিষ্ঠানখনলৈ আদৰণি জনায়।


শীৰ্ষ দহৰ ভিতৰত স্থানলাভ কৰি সন্দিতা দাসে ৯৮.১০% নম্বৰেৰে ষষ্ঠস্থান, অৰ্ণৱজ্যোতি দাসে ৯৭.৮০% নম্বৰেৰে অষ্টম স্থান, ৰাজদ্বীপ কলিতাই ৯৭.৮০% নম্বৰেৰে অষ্টম স্থান আৰু বিপাঞ্চী ডেকাই ৯৭.৫% নম্বৰেৰে দশম স্থান দখল কৰিছে৷ লাভ কৰে। চাৰিওগৰাকী শিক্ষাৰ্থীয়ে এতিয়া চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত অত্যন্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি নিখুঁত কৰিবলৈ আকাশ বাইজুছত যোগ দিছে৷


ফলাফল সন্দৰ্ভত আকাশ বাইজুছৰ আঞ্চলিক সঞ্চালক ডঃ যশ পালে ছাত্ৰ-ছাত্ৰীসকলক অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনাই কয়- “আমি তেওঁলোকক আকাশ বাইজুছলৈ আদৰণি জনাইছোঁ আৰু নিশ্চিতভাৱে তেওঁলোকৰ চিকিৎসক বা অভিযন্তা হোৱাৰ সপোন পূৰণ কৰাত সহায় কৰিম। আমাৰ শিক্ষাবিজ্ঞান, পাঠ্যক্ৰমৰ সামগ্ৰী, পাঠদান পদ্ধতি আৰু পৰীক্ষা আৰু বিশ্লেষণৰ লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অটল দায়বদ্ধতাই তেওঁলোকক সফলতাৰ দিশে আগুৱাই নিব।”


আকাশ বাইজুছ বিদ্যালয়-সংহত কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমত বাহাল থকাৰ লগতে বিদ্যালয় তথা বৰ্হিভাগতো শৈক্ষিক সফলতা অৰ্জনত সহায় কৰে। প্ৰতিষ্ঠানটোৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় শৈক্ষিক বিভাগে (এন এ ডি) কাৰ্যসূচীসমূহৰ বাবে পাঠ্যক্ৰম আৰু বিষয়বস্তু তৈয়াৰ কৰে, যি ছাত্ৰ-ছাত্ৰীসকলক স্পষ্টতা প্ৰদান কৰে। এন এ ডিয়ে অধ্যাপক সদস্যসকলকো প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে কেনেকৈ প্ৰশিক্ষণ প্ৰদান কৰে তাক নিৰীক্ষণ কৰে। বছৰ বছৰ ধৰি আকাশ বাইজুছৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন চিকিৎসা আৰু অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এন টি এছ ই, কে ভি পি ৱাই আৰু অলিম্পিয়াডত সফলতাৰ অভিলেখ বৰ্তাই ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here