*যতীন গোস্বামী, শাৰদী শইকীয়াক 'শ্ৰেষ্ঠশ্ৰী* *কলানিধি' সন্মান প্ৰদান*
W7s news,,,*গুৱাহাটী, প্ৰয়াস কলাকেন্দ্ৰই বিশ্ব নৃত্য দিৱস উপলক্ষে যোৱা ৩০ এপ্ৰিলত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আয়োজন কৰা 'নৃত্য দিৱস-২০২৩' বন্তি প্ৰজ্বলন কৰি মুকলি কৰে পদ্মশ্ৰীপ্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী আৰু সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক শাৰদী শইকীয়াই। অনুষ্ঠানত কেন্দ্ৰৰ তৰফৰ পৰা আগবঢ়োৱা যতীন গোস্বামী আৰু শাৰদী শইকীয়াক 'শ্ৰেষ্ঠশ্ৰী কলানিধি' সন্মান প্ৰদান কৰে উপসভাপতি সৰোজিনী কলিতা বৈশ্য আৰু সম্পাদিকা ডিম্পী বৈশ্যই। অনুষ্ঠানত বিশিষ্ট নৃত্যশিল্পী ড৹ মনীষা দেৱী গোস্বামীক 'কলাৰত্ন', কথক নৃত্যশিল্পী বি পাল্কী আৰু নৃত্যশিল্পী নিজৰা ডেকা বৰাক 'নৃত্য শিৰোমণি' আৰু উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নন্দিতা গোস্বামীক 'নৃত্যৰত্ন' উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত ২০২১ চনৰ সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক ৰঞ্জুমণি শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। নৃত্য উৎসৱত আমন্ত্ৰিত নৃত্যশিল্পী বি পাল্কী আৰু নন্দিতা গোস্বামীৰ লগতে বহুকেইগৰাকী নৃত্যশিল্পীয়ে কথক, সত্ৰীয়া, ভৰত নাট্যম আৰু ওডিছী নৃত্য পৰিৱেশন কৰে।
No comments:
Post a Comment