প্ৰয়াস কলাকেন্দ্ৰৰ বিশ্ব নৃত্য দিৱস* - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 2 May 2023

demo-image

প্ৰয়াস কলাকেন্দ্ৰৰ বিশ্ব নৃত্য দিৱস*

Responsive Ads Here

IMG-20230502-WA0008

 

*কথক নৃত্যশিল্পী বি পাল্কীক 'নৃত্য শিৰোমণি' উপাধি প্ৰদান*


W7s news*গুৱাহাটী,  প্ৰয়াস কলাকেন্দ্ৰ‌ই বিশ্ব নৃত্য দিৱস উপলক্ষে আয়োজন কৰা 'নৃত্য উৎসৱ ২০২৩'ত কথক নৃত্যপটীয়সী আৰু অভিনেত্ৰী বি পাল্কীক 'নৃত্য শিৰোমণি' উপাধি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে ২০১৯ত পাল্কীক 'নৃত্যৰত্ন' উপাধি প্ৰদান কৰা হৈছিল। কিৰণ ফাউণ্ডেশ্যনে ২০২০ চনত পাল্কীক 'য়াং এচিভাৰ এৱৰ্ড'ৰে সন্মানিত কৰিছিল। তদুপৰি ২০২২ চনত 'ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিভেল'ত পাল্কীক 'আই আই ডি এফ ফিউচাৰ ফেচ এৱৰ্ড' প্ৰদান কৰা হয়। বিগত ১২ বছৰ ধৰি 'সুৰ সংগমত' গুৰু মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিৰ অধীনত কথক নৃত্যৰ শিক্ষা গ্ৰহণ কৰি থকা বি পাল্কী চিচিআৰটিৰ বৃত্তিধাৰী  এগৰাকী কথক নৃত্যশিল্পী। তেওঁ নতুন দিল্লীৰ চিচিআৰটিয়ে আয়োজন কৰা 'আজাদী কা অমৃত মহোৎসৱ'তো অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল। এগৰাকী অভিনেত্ৰী ৰূপেও খ্যাতি অৰ্জন কৰা বি পাল্কীয়ে ২০১৩ ত 'অভিনয়া'ত অভিনয়ৰ শিক্ষা আৰম্ভ কৰে। মুক্তিৰ অপেক্ষাত থকা চলচ্চিত্ৰ'লক্ষীপথাৰ'ৰ এটা কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰা পাল্কীয়ে কেইবাখনো ধাৰাবাহিক আৰু চুটি চলচ্চিত্ৰতো অভিনয় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *