অসমৰ বাবে আয়োজিত "সক্ষম ২০২৩" (Saksham 2023) ৰ গুৱাহাটীত উদ্বোধনী অনুষ্ঠান। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 April 2023

অসমৰ বাবে আয়োজিত "সক্ষম ২০২৩" (Saksham 2023) ৰ গুৱাহাটীত উদ্বোধনী অনুষ্ঠান।


 

W7s news,,,,গুৱাহাটী, ২৪ : পেট্ৰলিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে বিশেষ  সজাগতামূলক  অভিযানক "সক্ষম ক্ষমতা মহোৎসৱ"(Sanrakshan Kshamta Mahotsav),  নামেৰে নামাকৰণ  কৰা হয়।"সক্ষম ক্ষমতা মহোৎসৱ"(Sanrakshan Kshamta Mahotsav), সংক্ষেপে "সক্ষম" (Saksham)  ক আনুষ্ঠানিক ভাৱে ২৪ এপ্ৰিলত গুৱাহাটীত উদ্বোধন  কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ  কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসমৰ  ৰাজ্যপাল  গুলাব চান্দ কটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।অনুষ্ঠানত তেল উদ্যোগৰ ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ক তথা আই অ’চি এলৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বী শ্ৰী জি ৰমেশে দৰ্শকক আদৰণি জনাই তেওঁৰ ভাষণ প্ৰসংগত পেট্ৰলিয়াম সংৰক্ষণৰ প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰে। লগতে সমগ্ৰ ৰাজ্যতে "সক্ষম ২০২৩"(Saksham 2023) ৰ অংশ হিচাপে চলি থকা কাৰ্যকলাপৰ ৰূপৰেখা দাঙি ধৰে।উদ্বোধনী অনুষ্ঠানত ক্ৰমে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত “সাক্ষম প্ৰতিজ্ঞা (Saksham Pledge)” গ্ৰহণ কৰা হয়। ২৪ এপ্ৰিলৰ পৰা অহা  ০৮ মে’ লৈ  "সক্ষম" (Saksham)   অনুষ্ঠানৰ দিন ধাৰ্য কৰা হৈছে।মুখ্য অতিথি হিচাপে উপস্থিত থকা  অসমৰ  ৰাজ্যপাল  গুলাব চান্দ কাটাৰিয়াই "সক্ষম"(Saksham)   অনুষ্ঠানৰ উদ্বোধন  কৰি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে দৈনন্দিন বৃদ্ধি পোৱা শক্তিৰ চাহিদাৰ পটভূমিত দেশৰ খাৰুৱা তেলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমদানিৰ প্ৰতি  অধিক নিৰ্ভৰশীলতাৰ ওপৰত আলোকপাত কৰে।তেওঁ এই বিষয়তো গুৰুত্ব আৰোপ কৰে যে অৰ্থনৈতিক বৃদ্ধিৰ লগতে  পেট্ৰলিয়ামজাত  সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাব। সেয়েহে এই জীৱাশ্ম ইন্ধনসমূহ সংৰক্ষণ আৰু নবীকৰণযোগ্য শক্তিৰ উৎসৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধিৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলাব লাগিব। লগতে ৰাজ্যপাল গৰাকীয়ে  ৰাজ্যত চৰকাৰে  ইলেক্ট্ৰিক-বাহনৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰি নবীকৰণযোগ্য শক্তিৰ উৎসৰ বাবে অধিকতকৈ অধিক প্ৰকল্প গঢ়ি তোলাৰ বাবে আগন্তুক পথৰ বিষয়ে আলোচনা কৰে।উদ্বোধনী অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে এছ এল চিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে "সক্ষম" ২০২৩ (Saksham) ৰ অধীনত অনুষ্ঠিত হোৱা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এই সংৰক্ষণ অভিযানক আমাৰ জীৱনশৈলীলৈ ৰূপান্তৰিত কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। সাক্ষম ২০২৩(Saksham 2023) ৰ সময়ছোৱাত প্ৰশিক্ষণ কাৰ্যসূচী, কাৰিকৰী আলোচনা চক্ৰ, কৰ্মশালা, দলীয় আলোচনা, কুইজ প্ৰতিযোগিতা, চাইক্ল’থন, ৱাকাথন, ই-বাহন ৰেলী, এল পি জি পঞ্চায়ত, ইন্ধন ক্ষমতাসম্পন্ন ৰন্ধন প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী ৰাজহুৱা খণ্ডৰ বাবে অনুষ্ঠিত কৰা  হব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here