W7s news,,,গুৱাহাটী,,,: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (AEC) ১৯৯৭-২০০১গোটে ২৫টা গৌৰৱময়বৰ্ষ সম্পূৰ্ণ কৰে।এই উপলক্ষে ২২ এপ্ৰিলত মহাবিদ্যালয় চৌহদত এটি পুনৰ মিলন অনুষ্ঠানৰ আয়োজন কৰা হয়। 'এইচি'ত কটোৱা ৪ বছৰীয়া সুন্দৰ কলেজীয়া জীৱনৰ আনন্দক পুনৰোজ্জীৱিত কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা গোটৰ সহপাঠীসকলক লৈ এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে ইতিমধ্যে ইহলীলা সম্বৰণ কৰা চাৰিগৰাকী সহপাঠীক ফুলৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।ইয়াৰোপৰি, সেউজ পৰিৱেশৰ প্ৰতি সামূহিক দায়িত্ব হিচাপে অসম চৰকাৰৰ বন বিভাগৰ সহযোগত মহাবিদ্যালয় চৌহদত এটি বৃক্ষৰোপণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতুল বৰাৰ লগতে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ অৰূপ বৰদলৈ, ড০ দামোদৰ আগৰৱালা, ড০ বাণী কান্ত তালুকদাৰ আৰু ড০ নবজ্যোতি শইকীয়া। অনুষ্ঠানৰ অংশ হিচাপে ৬০টা কেইবাটাও জাতৰ গছপুলিও গোটটোৱে ৰোপণ কৰে।বিভিন্ন কাৰ্যসূচীৰ লগতে অধ্যক্ষ ড০ অতুল বৰা আৰু অন্যান্য বিশিষ্ট অধ্যাপক সদস্যসকলক বিভিন্ন বিভাগ, হোষ্টেল পৰিদৰ্শন কৰাৰ লগতে কেম্পাছৰ বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰে আৰু কলেজ আৰু সামগ্ৰিকভাৱে সমাজৰ উন্নয়নৰ বাবে এখন সাধাৰণ সমিতিও গঠন কৰা হয়।
Post Top Ad
Responsive Ads Here
Sunday, 23 April 2023
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (AEC) ১৯৯৭-২০০১গোটে ২৫টা গৌৰৱময়বৰ্ষ সম্পূৰ্ণ কৰে।
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment