শাখাৰ ভিতৰতে আগশাৰীৰ সুবিধাৰ সৈতে ছেমছাঙে মুকল কৰিলে Galaxy M14 5G : ৫০এমপি ট্ৰিপল কেমেৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 20 April 2023

শাখাৰ ভিতৰতে আগশাৰীৰ সুবিধাৰ সৈতে ছেমছাঙে মুকল কৰিলে Galaxy M14 5G : ৫০এমপি ট্ৰিপল কেমেৰা


 ৬০০০এম এ এইচ বেটাৰী আৰু ৫এন এম প্ৰচেছৰৰ দাম মাত্ৰ 13490 টকাৰ পৰা আৰম্ভ


Galaxy M14 5Gত বিশাল ৬.৬ ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি + ৯০ হাৰ্টজৰ ডিছপ্লে’ আৰু একচেটিয়া বৈশিষ্ট  সুৰক্ষিত ফ’ল্ডাৰ, ভইচ ফ’কাছ আৰু ছেমছাং ৱালেটৰ সৈতে সজুলিবিধ সজ্জ্বিত


Galaxy M14 5G ২ বাৰলৈ অপাৰেটিং ছিষ্টেম উন্নীতকৰণ আৰু ৪ বছৰলৈ সুৰক্ষা আপডেটৰ সৈতে সজ্জ্বিত


W7s news গুৱাহাটী, : ভাৰতৰ সৰ্ববৃহৎ বৈদ্যুতিক ব্ৰেণ্ড ছেমছাঙে ৫০ এম পি ট্ৰিপল কেমেৰাৰ লগতে ছেগমেণ্টৰ আগশাৰীৰ ৬,০০০ এম এ এইচ বেটাৰী, ৫ এন এম প্ৰচেছৰ আৰু বহুতো অগ্ৰণী বৈশিষ্টৰ সৈতে Galaxy M14 5G মুকলি কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ যি আপোনাৰ স্মাৰ্টফোনৰ অভিজ্ঞতা বৃদ্ধি কৰিব৷ গেলেক্সী এ ৫জি আপোনাৰ সৰ্বশেষ সংগী হিচাপে ডিজাইন কৰা হৈছে৷

“গেলেক্সী এম শৃংখল গ্ৰাহকৰ জীৱন উন্নত কৰাৰ বাবে ছেমছাঙৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ। ২০১৯ চনত মুকলি হোৱাৰ পিছৰে পৰা গেলেক্সী এম শৃংখলে জে ভাৰতৰ লক্ষাধিক গ্ৰাহকৰ মৰম আৰু স্নেহ লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰতিপত্তিৰ ওপৰত নিৰ্ভৰ কৰি আমি গৌৰৱান্বিত যে আমি Galaxy M14 5G প্ৰৱৰ্তন কৰিছো, যিটো ৫০ এম পি  ট্ৰিপল কেমেৰা, ৫ এন এ প্ৰচেছৰ, ৬ হাজাৰ এম এ এইচৰ বেটাৰী আৰু ১৩ ৫জি বেণ্ডৰ দৰে সুবিধাৰ সৈতে  ছেগমেণ্টৰ অগ্ৰণী বৈশিষ্টৰ সৈতে এই সজুলি উপলব্ধ, যাৰ ফলত ই এটা অত্যাধুনিক ৫জি সজুলি হৈ পৰিছে৷ Galaxy M14 5G 13,490 টকাৰ পৰা কাৰ্যকৰী দামত উপলব্ধ আৰু ই শাখাৰ ভিতৰতে অগ্ৰণী।’- ছেমছাং ইণ্ডিয়াৰ মোবাইল বিজনেছৰ সঞ্চালক ৰাহুল পাৱাই এইদৰে কয়।

শক্তিশালী ক্লিক

Galaxy M14 5Gৰ সৈতে আছে ৫০ এম পিৰ ট্ৰিপল কেমেৰা। এফ১.৮ লেন্সে অনুজ্জ্বল ফটোগ্ৰাফী অতি স্পষ্টতাৰে আবদ্ধ কৰে। সজুলিবিধত ১৩ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা আছে, আচৰিত ধৰণৰ ছেলফিৰ বাবে এয়া সক্ষম। গতিকে, আপুনি এজন অপেছাদাৰ হওক বা পেছাদাৰী ফটোগ্ৰাফাৰ হওক, Galaxy M14 5G আচৰিত কেমেৰাই আপোনাক উজ্জ্বল ছবি প্ৰদান কৰিব।

অত্যধিক শক্তি

৬,০০০ এম এ এইচৰ বিশাল বেটাৰীৰ সৈতে Galaxy M14 5G হৈছে এটা "শক্তিৰ দৈত্য", যি চাৰ্জ নকৰাকৈ 2 দিনলৈকে টিকি থাকিব পাৰে। আপুনি আপোনাৰ বেটাৰীৰ জীৱনৰ চিন্তা নকৰাকৈ ঘণ্টাৰ পিছত ঘণ্টা ননষ্টপ ব্ৰাউজ আৰু ব্যৱহাৰ কৰিব পাৰে। স্মাৰ্টফোনটোৱে ২৫ ৱাটৰ ফাষ্ট চাৰ্জিঙো সমৰ্থন কৰে, যি আপোনাৰ ফোনটো দ্ৰুত সময়ত চাৰ্জ কৰিব পাৰে৷

শক্তিশালী পৰিৱেশন

Galaxy M14 5G হৈছে এটা "পাৰফৰ্মেন্স মনষ্টাৰ", যি ছেগমেণ্টৰ আগশাৰীৰ ৫ এন এম এক্সিনছ ১৩৩০  প্ৰচেছৰৰ বৈশিষ্ট প্ৰদান কৰে। এই চিপছেটে ব্যৱহাৰকাৰীসকলক নিৰৱচ্ছিন্নভাৱে বহু-কাৰ্য্য কৰাৰ অনুমতি দিয়া এটা উচ্চমানৰ পৰিৱেশন প্ৰদান কৰে। ইয়াৰ এটা শক্তিশালী চি পি ইউ গঠন আছে আৰু এটা উন্নত গেমিং অভিজ্ঞতাৰ বাবে মসৃণ আৰু নিমজ্জিত ৩ডি গ্ৰাফিক্স প্ৰদান কৰে। Galaxy M14 5G ৰেম প্লাছৰ বৈশিষ্ট্যৰ সৈতে ১২ জিবিপৰ্যন্ত ৰেমৰ সৈতে উপলব্ধ।

অনিন্দ্যসুন্দৰ মনোৰঞ্জন

Galaxy M14 5Gৰ বৈশিষ্ট্য হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচ ডি + ৯০ হাৰ্টজ ডিছপ্লে’, যি এটা ইমাৰ্চিভ দৰ্শনৰ অভিজ্ঞতা প্ৰদান কৰে। ডাঙৰ পৰ্দাই প্ৰযুক্তিনিৰ্ভৰ জেড প্ৰজন্ম আৰু মিলেনিয়াম গ্ৰাহকৰ বাবে ছ’চিয়েল মিডিয়া ফিডৰ মাজেৰে স্ক্ৰল কৰাটো সহজ কৰি তোলে। বিংগ-ৱাছাৰসকলে যাতায়াতৰ সময়ত নিজৰ প্ৰিয় মনোৰঞ্জন অনায়াসে উপভোগ কৰিব পাৰে। সজুলিবিধৰ ডিছপ্লে’ গৰিলা গ্লাছ ৫ৰ সৈতে সুৰক্ষিত, যাৰ ফলত ব্যৱহাৰকাৰীসকল চিন্তামুক্ত হৈ থাকিব পাৰে।

শক্তিশালী সংযোগ

Galaxy M14 5Gএ ১৩ টা ৫জি বেণ্ড সমৰ্থন কৰে, যাৰ ফলত আপুনি যি ঠাইতে নাথাকক কিয় নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰে।

শক্তিশালী অভিজ্ঞতা

Galaxy M14 5Gএ ব্যক্তিগত ডাটা আৰু এপ্লিকেচনসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত উন্নত সুৰক্ষা আৰু গোপনীয়তাৰ বাবে সুৰক্ষিত ফ’ল্ডাৰ প্ৰদান কৰে। সজুলিবিধে ভইচ ফ'কাচ সমৰ্থন কৰে আৰু আপোনাৰ বিত্তীয় এপ্লিকেচনসমূহ, ব্যক্তিগত আইডিসমূহ, আৰু অন্যান্য গোপনীয় নথিপত্ৰসমূহ সংৰক্ষণৰ বাবে ছেমছাং ৱালেটৰ সৈতে উপলব্ধ৷ সজুলিবিধ এণ্ড্ৰইড ১৩ ৰ ওপৰত ভিত্তি কৰি ৱান ইউ ৫.১ ক’ৰৰে সজ্জিত। ছেমছাঙে Galaxy M14 5Gৰ বাবে ২ প্ৰজন্মলৈকে অ’পাৰেটিং ছিষ্টেম উন্নীতকৰণ আৰু ৪ বছৰলৈকে নিৰাপত্তা আপডেট প্ৰদান কৰিব।

মেমৰী সংস্কৰণ, মূল্য, উপলব্ধতা আৰু অফাৰ

তিনিটা আশ্বৰ্যকৰ ৰঙত সজুলিবিধ উপলব্ধ, সেয়া ক্ৰমে আইচি ছিলভাৰ, বেৰী ব্লু এণ্ড স্ম’কী টীল৷ Galaxy M14 5Gৰ ২০২৩ চনৰ ২১ এপ্ৰিলৰ দুপৰীয়া ১২ বজাৰ পৰা বিক্ৰী আৰম্ভ হ’ব।

আৰম্ভণিৰ অফাৰ হিচাপে Galaxy M14 5G ৪+১২৮জিবিৰ বাবে 13,490 টকা আৰু নিৰ্বাচিত বেংক কাৰ্ডৰ সৈতে ৬+১২৮জিবি ভেৰিয়েণ্টৰ বাবে 14,990 টকাৰ সামগ্ৰিক দামত উপলব্ধ হ’ব। গ্ৰাহকে Galaxy M14 5G ক্ৰয় কৰাৰ সময়ত আকৰ্ষণীয় বিনাব্যয়ৰ ই এম আই অফাৰৰ সুবিধাও গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here