W7s news গুৱাহাটী : অসম ভিত্তিক অট'মোবাইল কোম্পানী কুমাৰ ইঞ্জিনিয়াৰিঙে বৃহস্পতিবাৰে কেইমাহমান আগতে মুকলি কৰা ইলেক্ট্রিক গুড্ছ কেৰিয়াৰ বাহনখনে অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ পছন্দৰ কেৰিয়াৰ কাহন হিচাপে জনপ্রিয় হ'বলৈ সক্ষম হৈছে। ১-১.৫ কিলোৱাট শক্তি বহন কৰিব পৰাৰ লগতে ৪+১ যাত্রী কঢ়িওৱা ক্ষমতা থকা ২৪০০ ইলেক্ট্রিক বাহনখনে এতিয়া অসমৰ অন- ৰোডত কম সময়ৰ ভিতৰতে যোৱা বছৰৰ তুলনাত ৬৬ শতাংশ চাহিদা বৃদ্ধিৰে চমক সৃষ্টি কৰিছে। উল্লেখ্য, বিশেষভাৱে ডিজাইন কৰা বাহনখনৰ বেটাৰি ৭ ঘণ্টাতে সম্পূৰ্ণ চাৰ্জ কৰিলে এবাৰ চাৰ্জতে ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয়। আনহাতে, কুমাৰ গ্ৰুপ অব্ কোম্পানীজৰ টাৰ্ণ অভাৰ হৈছেগৈ ৭৬ কোটি। চলিত বিত্তীয় বৰ্ষত নতুন মুকলি আৰু বৰ্তমানৰ বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীৰ টাৰ্ণ অভাৰ ১৫০ কোটি পৰ্যায়লৈ নিয়াৰ পৰিকল্পনা কৰিছে কুমাৰ ইঞ্জিনিয়াৰিঙৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে৷ এই পৰিকল্পনাক লৈ তেওঁ অত্যন্ত আশাবাদী বুলি কুমাৰ ইঞ্জিনিয়াৰিং গ্ৰুপৰ ভৱিষ্যত পৰিকল্পনা আৰু সফলতাৰ সন্দৰ্ভত জনাবলৈ অনুষ্ঠিত কৰা এখন সংবাদমেলযোগে এই কথা সদৰী কৰে।
সংবাদ মেলযোগে ৰাষ্ট্ৰদূত তথা প্রধানমন্ত্ৰীৰ বিশেষ উপদেষ্টাৰ লগতে কোম্পানীৰ সন্মানীয় অধ্যক্ষ দীপক ভোহৰাই কোম্পানীৰ বাহনৰ প্ৰতি দেখুওৱা সঁহাৰিৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। গ্ৰাহকৰ এই আস্থা আৰু বিশ্বাস বৰ্তাই ৰাখিবৰ বাবে কুমাৰ ইঞ্জিনিয়াৰিঙে যৎপৰোনাক্তি চেষ্টা আগবঢ়াই যাব বুলি অধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰে ৷
No comments:
Post a Comment