W7s news,,,*গুৱাহাটী, ১১ এপ্ৰিল*: স্কাইপ্লাছ মাল্টিমিডিয়া প্ৰাইভেট লিমিটেড আৰু সড়ক প্ৰডাকচনৰ উদ্যোগত নয়ডাত সদ্যসমাপ্ত ৰয়েল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছিজন ২ৰ গ্ৰেণ্ড ফিনালেত বিজয়ীৰ খিতাপ লাভ কৰিছে গুৱাহাটীৰ সৰলা দাসে। এই খিতাপে ডুবাইত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ তেওঁৰ পথ প্ৰশস্ত কৰিলে।চিকন্দৰ আহমেদ চুলতান, শ্বাহৰুখ আলী খান, ধ্ৰুবজ্যোতি শৰ্মাৰ দ্বাৰা পৰিচালিত তাৰকাৰে ভৰা এই অনুষ্ঠানটোত ভাৰত, জিম্বাবুৱে, আফগানিস্তান, নেপাল, আফ্ৰিকাকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা অহা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত উত্তৰ-পূবৰ ১৩ গৰাকী প্ৰতিভাৱান প্ৰতিযোগী আৰু সমগ্ৰ বিশ্বৰ ৪৮ গৰাকী অংশগ্ৰহণকাৰীয়ে এই বিখ্যাত মঞ্চত নিজৰ ব্যতিক্ৰমী দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰে।ভাৰতীয় টেলিভিছনৰ হাৰ্টথ্ৰব বিশাল সোলাংকি, ছুপাৰ মডেল জেশিকা ডেকা আৰু সুন্দৰী মডেল- অভিনেত্ৰী গংগা চৌধুৰীকে ধৰি সন্মানীয় বিচাৰকসকলে বিচাৰকৰ আসন দখল কৰে।
No comments:
Post a Comment