১১ জুলাই" ফাইন ডাইন ৰেষ্টুৰেণ্টত বিলাসী বেঙ্কুৱেট হ'ল উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 12 April 2023

১১ জুলাই" ফাইন ডাইন ৰেষ্টুৰেণ্টত বিলাসী বেঙ্কুৱেট হ'ল উদ্বোধন

 "

 প্ৰাক ৰঙালী বিহু উদযাপন   




W7s news,,,গুৱাহাটী,  গুৱাহাটীৰ অন্যতম জনপ্ৰিয় আৰু পাৰিবাৰিক ৰেষ্টুৰেণ্ট "১১ জুলাই" ফাইন ডাইনে আজি আনুষ্ঠানিকভাৱে ইয়াৰ বিলাসী বেঙ্কুৱেট হ'ল উদ্বোধন কৰে। বিলাসী বেঙ্কুৱেট হ'লৰ উপৰিও গুৱাহাটীৰ কুমাৰপাৰাৰ এফ.এ.ৰোডৰ শিৱানী আৰ্কেডত এখন ৰেষ্টুৰেণ্ট তথা বাৰ উদ্বোধন কৰা হয়। ইপিনে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত প্ৰাক-ৰঙালী বিহু উদযাপন কৰা হয়। প্ৰখ্যাত সমাজকৰ্মী ৰাজকুমাৰ চৌধুৰীয়ে ৰেষ্টুৰেণ্ট তথা বাৰৰ লগতে বিলাসী বেঙ্কুৱেট হ'ল উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত প্ৰখ্যাত সমাজকৰ্মী তথা উদ্যোগপতি কৃষ্ণ চৌধুৰী,পঞ্জাৱৰ অঞ্জীৱ আহলুৱালিয়াৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।'১১ জুলাই' ফাইন ডাইনৰ গৰাকী চৌধুৰীয়ে কয় যে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বিলাসী বেঙ্কুৱেট হ'লটোত প্ৰায় ২০০ জন লোকৰ আসনৰ ব্যৱস্থা কৰা হৈছে। জন্মদিন, বাৰ্ষিকী, কিটি পাৰ্টি আদিকে ধৰি বিভিন্ন উদযাপনৰ বাবে আগতীয়াকৈ বুকিং কৰিব পাৰিব। নতুনকৈ উদ্বোধন কৰা বিলাসী বেঙ্কুৱেট হ'লটো অত্যাধুনিক সুবিধা উপলব্ধ থকাৰ লগতে সম্পূৰ্ণৰূপে চাউণ্ডপ্ৰুফ। আনহাতে আজি উদ্বোধন কৰা ৰেষ্টুৰেণ্ট তথা বাৰতো প্ৰায় 200 জন লোকৰ বহাৰ ক্ষমতা আছে। গ্ৰাহকসকলে লাইভ সংগীত, বেণ্ড আদি উপভোগ কৰিব পাৰে। ইয়াৰ উপৰিও 'ৰূফটোপ কেফে'ত মুকলি আকাশৰ তলত বহি গ্ৰাহকে ফাষ্ট ফুড আৰু সুস্বাদু ব্যঞ্জন, কফিকে ধৰি আন ভিন্ন খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে কয় যে আমাৰ ৰেষ্টুৰেণ্টখনত দেশৰ আগশাৰীৰ আইচক্ৰীম ব্ৰেণ্ড "হিম ক্ৰীম"ৰ এটা আউটলেট আছে, য'ত সতেজ ফলৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক আইচক্ৰীম বিভিন্ন ফ্লেভাৰত উপলব্ধ হৈছে। এইটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আইচক্ৰীমৰ আউটলেট।গ্ৰাহকে কেবল এই  ৰেষ্টুৰেণ্টটেই উপভোগ কৰিব পাৰিব।চৌধুৰীয়ে কয় যে কুমাৰপাৰা আৰু ইয়াৰ চাৰিওফালৰ এলেকাত এখন চালৰ তলত ৰেষ্টুৰেণ্ট, বেঙ্কুৱেট, বাৰ আৰু আইচক্ৰীম পাৰ্লাৰৰ দৰে সুবিধা থকা "১১ জুলাই" ফাইন ডাইনৰ বাহিৰে আন কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত উপলব্ধ নহয়। সামগ্ৰিকভাৱে, আমাৰ ৰেষ্টুৰেণ্টখন এক বিশুদ্ধ নিৰামিষ ভোজী আৰু লগতে এটা পাৰিবাৰিক ৰেষ্টুৰেণ্ট, য'ত মানুহে তেওঁলোকৰ  আনন্দ উদযাপন কৰিব পাৰে আৰু তেওঁলোকক স্মৰণীয় কৰি তুলিব পাৰে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here