উন্নত ক্ষমতাৰ দ্বাৰা ১,৬৭০ গৰাকী মহিলা কৃষক উপকৃত (নিৰ্ধাৰিত লক্ষ্যৰ ১,৫০০ কৃষকৰ ভিতৰত)
১,১৫৫ একৰ মাটিক মছলা খেতিৰ লগতে সংহত শস্য পদ্ধতিৰ অধীনলৈ অনা হৈছে
W7s news ষ্টাফৰিপোৰ্টাৰ: ইণ্ডিগ’ৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) শাখা ইণ্ডিগ’ৰিচ্চে ২০১৮ চনত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ মহিলা কৃষকসকলক সৱলীকৰণৰ বাবে অনা লাভ অৰ্জনকাৰী সংস্থা গ্ৰামীন ছাহাৰাৰ সৈতে সহযোগিতা স্থাপন কৰিছিল।এই অঞ্চলৰ স্থানীয় হালধি, আদা, ক'লা জলকীয়া আৰু ভোট জলকীয়াৰ দৰে মছলাৰ বৈজ্ঞানিক খেতি আৰু প্ৰচাৰৰ জৰিয়তে দৰিদ্ৰ আৰু প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ জীৱিকা উন্নত কৰাই আছিল এই কাৰ্যসূচীৰ মূল লক্ষ্য । ইতিমধ্যে এই কাৰ্যসূচীয়ে যথেষ্ট প্ৰভাৱ পেলাইছে, য’ত উন্নত ক্ষমতাৰ দ্বাৰা ১,৬৭০ গৰাকী মহিলা কৃষক উপকৃত হৈছে (নিৰ্ধাৰিত লক্ষ্যৰ ১,৫০০ কৃষকৰ ভিতৰত) আৰু ১,১৫৫ একৰ মাটিক মছলা খেতিৰ লগতে সংহত শস্য পদ্ধতিৰ অধীনলৈ অনা হৈছে । ইয়াৰ ফলত এই কাৰ্যসূচীৰ অধীনত লক্ষ্য কৰি লোৱা পৰিয়ালসমূহৰ আয় ২০১৮ চনত (ভিত্তিৰেখা) ৪২,০০০ টকাৰ গড় বাৰ্ষিক আয়ৰ পৰা ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ১,০৪,৫৬০ টকালৈ তিনিগুণ বৃদ্ধি পাইছে।এই প্ৰকল্পৰ ফলত প্ৰতিশ্ৰুতি পিউৰ এগ্ৰ’ প্ৰাইভেট লিমিটেড (পি পি এ পি এল) নামৰ এটা কৃষক উৎপাদক কোম্পানী (এফ পি চি) গঠন কৰা হৈছে, যি হৈছে গ্ৰাম্য মহিলা কৃষকক শ্বেয়াৰধাৰক হিচাপে লৈ গঠিত সামুদায়িক গোট । পি পি এ পি এল হৈছে কৃষিজাত সামগ্ৰী বিক্ৰী কৰা এটা বাণিজ্যিক আউটলেট, যাৰ ফলত প্ৰকল্পটোৰ জৰিয়তে এক বহনক্ষম আৰ্হিৰ সৃষ্টি হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ সকলো কৃষকক সহায় কৰাৰ উদ্দেশ্যে এটা সাধাৰণ সেৱা কেন্দ্ৰ (চি এফ চি) স্থাপন কৰা হৈছে, যিসকলে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী প্ৰক্ৰিয়াকৰণ, পেকেজিং, আৰু সামগ্ৰীৰ মূল্য সংযোজনৰ বাবে কঢ়িয়াই আনে। ইয়াৰ দ্বাৰা কৃষকৰ বাবে বজাৰ সংযোগ সৃষ্টি কৰাত সহায়ক হয়। এই সাধাৰণ সেৱা কেন্দ্ৰ ভাৰত চৰকাৰৰ মজলীয়া আৰু লঘু উদ্যোগ মন্ত্ৰালয় (এম এছ এম ই)ৰ দ্বাৰা সমৰ্থিত ।
২০১৮ চনত ইণ্ডিগ’ই গ্ৰামীন ছাহাৰাৰ সৈতে সহযোগিতা স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই সংস্থাটোৰ সৈতে অৰিৰতভাৱে কাম কৰি আছে । এই কাৰ্যসূচীৰ সফলতা হৈছে বিভিন্ন সমুদায়ৰ ওপৰত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ ইতিবাচক প্ৰভাৱ আৰু স্থায়ী পৰিৱৰ্তন সাধন কৰিব পৰা বহনক্ষম আৰ্হিৰ প্ৰয়োজনীয়তা। শনিবাৰে গুৱাহাটীৰ পাৰ্শ্ববৰ্তী ছয়গাওঁত ইণ্ডিগ’ৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) শাখা ইণ্ডিগ’ৰিচ্চে
এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে।
No comments:
Post a Comment