গুৱাহাটীত উলুবাৰীত 'জুৱেলাৰী হাবৰ' শুভ উদ্বোধন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 22 April 2023

demo-image

গুৱাহাটীত উলুবাৰীত 'জুৱেলাৰী হাবৰ' শুভ উদ্বোধন

Responsive Ads Here

IMG-20230422-WA0022

 

হীৰা আৰু পৌলকী অলংকাৰৰ অনন্য শ্ব'ৰুম



W7s news,,,গুৱাহাটী, : ভাৰতৰ অগ্ৰণী আৰু সকলোৰে বিশ্বাসী হীৰাৰ অলংকাৰৰ ব্ৰেণ্ড জুৱেলাৰী হাবৰ শ্ব'ৰুম উলুবাৰীৰ আস্থা প্লাজাত আজি মুকলি কৰা হয়। ২০০০ বৰ্গফুটৰ এই শ্ব' ৰুমত হীৰা আৰু পৌলকী জুৱেলাৰী উপলব্ধ হ'ব। আজি এই অনন্য শ্ব' ৰুমটো গ্ৰাহকৰ বাবে মুকলি কৰি দিয়ে মুখ্য অতিথি অভিনেত্ৰী নিশিতা গোস্বামীয়ে, বিশিষ্ট অতিথি চিজীএছটী মুখ্য আয়ুক্ত যোগেন্দ্ৰ গৰ্গ, শ্ব'ৰুমৰ পাটনাৰ বিজয় সৰাফ, ৰাহুল সিংহল, শ্যাম সুন্দৰ কানৈ, পুনম সৰাফ, প্ৰীতি আগৰৱাল লগতে বিশিষ্ট ব্যক্তি। মুকলি অনুষ্ঠানত উপস্থিত থাকে শ্ব'ৰুমৰ পাটনাৰ বিজয় সৰাফ কয় যে হীৰা আৰু প পৌলকী অলংকাৰৰ ক্ষেত্ৰত ই হ'ব উত্তৰ-পূবৰ প্ৰথমটো শ্ব'ৰুম। ছুৰতত থকা প্ৰস্তুত কৰা শাখাৰ একে নামত শ্ব' ৰুমটো ইয়াত মুকলি কৰা হৈছে। উত্তৰ-পূবৰ ক্ষেত্ৰত এই শ্ব’ ৰুমটোৱে গ্ৰাহকসকলক পচণ্ড অনুযায়ী অলংকাৰ ক্ৰয় কৰাৰ সুবিধা লাভ প্ৰদান কৰিব। যিহেতু গুৱাহাটী উত্তৰ-পূবৰ মুখ্য দ্বাৰ। আনহাতে উদ্বোধনী অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ অন্যতম অংশীদাৰ ৰাহুল সিংহল কয় যে এই শ্ব' ৰুমৰ যোগেদি গ্ৰাহকক অগতানুগতিক অনন্য শুদ্ধ হীৰাৰ অলংকাৰ কিনাৰ সুবিধা প্ৰদান কৰাই অন্যতম লক্ষ্য। এই শ্ব' ৰুমত হলমার্কযুক্ত সকলো প্ৰকাৰৰ হীৰাৰ অলংকাৰ উপলব্ধ হ'ব যিসমূহ আই জি আইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত। ইয়াৰ উপৰি পৌলকী জুৱেলাৰীৰ ক্ষেত্ৰত হলমার্কযুক্ত অলংকাৰ উপলব্ধ হ'ব। যাতে গ্রাহকসকলে বিনাদ্বিধাই নিশ্চিন্তমনে অলংকাৰ ক্ৰয় কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *