দিলীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 2 April 2023

দিলীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণ





W7s news গুৱাহাটী:  আজি আম আদমী পাৰ্টী অসমৰ বাবে এক ঐতিহাসিক দিন। ২০১২ চনত আম আদমী পাৰ্টী প্ৰতিষ্ঠা হোৱাৰ পৰা আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়ালে অসমত পোন প্ৰথমবাৰলৈ উপস্থিত হয়; লগত থাকে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান। দেওবাৰে দিনৰ ১ বাজি ৪৫ মিনিটত গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰতেই আপ অসমৰ ফালৰ পৰা বিহু নৃত্যৰে উষ্ম আদৰণি জনোৱা হয়। আদৰণি জনোৱাৰ সময়ত বিমান বন্দৰত উপস্থিত থাকে আপ অসম তথা উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মা, আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডা৹ ভবেন চৌধুৰীৰ লগতে কেইবাগৰাকীও ৰাজ্যিক নেতা। বিমান বিন্দৰতেই অসমৰ সংবাদ মাধ্যমক সম্বোধন কৰি পোনে পোনে সোণাৰাম হাইস্কুল খেলপথাৰৰ সংকল্প সভালৈ ৰাওনা হয়। সংকল্প সভাত অসমত সৎ আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ সন্দৰ্ভত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে মন্তব্য ৰাখি কয় যে বর্তমান শাসনত থকা ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে শিক্ষা আৰু চিকিৎসা খণ্ডৰ লগতে সকলো ক্ষেত্ৰতে ৰাজ্যখন চলোৱাত বিফল হৈছে বুলি উল্লেখ কৰে। দিল্লী আৰু পাঞ্জাৱত চৰকাৰে চৰকাৰী বিদ্যালয় খুলিছে আৰু অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজে বিদ্যালয় খুলিছে বুলি ভাষণ প্ৰসংগত ভগৱন্ত মানে উল্লেখ কৰাৰ লগতে দেশ, ৰেল, এলআইচি, বিমানবন্দৰ বিক্ৰী কৰি কেৱল সংবাদ মাধ্যমক কিনিছে বুলি ক'লে। তাৰোপৰি যি দেশৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিক্ষাৰী বুলি ভগৱন্ত মানে প্ৰধানমন্ত্ৰী মোডীক পৰোক্ষভাৱে সমালোচনা কৰে। ভাষণ প্ৰসংগত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, ৰাইজক পানী যোগান ধৰাত বিফল, প্ৰতিশ্ৰুতি দিয়াৰ পাছতো নিবনুৱাক সংস্থাপন দিয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিফল হোৱা বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰে। কেজৰিৱালে লগতে কয় যে যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলাই সেই ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ শিশুৱে শিক্ষা লাভ কৰাটো অসম্ভৱ বুলি উল্লেখ কৰে। অতিথি আদৰাৰ ক্ষেত্ৰত কেজৰিৱালে কয় যে অসমৰ ৰাইজ অতিথিপৰায়ণ যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি শিকিব লাগে।


ৰাজ্যত উন্নত শিক্ষা, চিকিৎসা, সংস্থাপন, পানী যোগান আদিৰ বাবে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ৰাইজক ঝাড়ুৰ বুটাম টিপিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here