গুৱাহাটীত উত্তৰ-পূব পশুধন-জলজ-হাঁহ-কুকুৰা এক্সপোৰ আৰম্ভনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 19 April 2023

গুৱাহাটীত উত্তৰ-পূব পশুধন-জলজ-হাঁহ-কুকুৰা এক্সপোৰ আৰম্ভনি






W7s news,,,গুৱাহাটী,: গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পশুধন-জলজ-হাঁহ-কুকুৰাৰ ওপৰত তিনিদিনীয়া এক্সপ’ আজি (১৮ এপ্ৰিল)ৰ পৰা আৰম্ভ হৈছে আৰু এই এক্সপ’২০ এপ্ৰিল পৰ্যন্ত চলিব। এক্সপ’টোৰ মুখ্য উদ্দেশ্য তথা কেন্দ্ৰবিন্দু হৈছে পশুধন, জলজ সংস্কৃতি আৰু মীন পালন, হাঁহ-কুকুৰা, মাংস প্ৰক্ৰিয়াকৰণ, দুগ্ধ উৎপাদন আৰু উত্তৰ-পূব অঞ্চলত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা। এই এক্সপ’ত পশু উৎপাদন, প্ৰজনন প্ৰযুক্তি পালন আৰু খাদ্য প্ৰযুক্তি, খাদ্য উৎপাদন, জলজ কৃষি আৰু মীন, পৰিৱেশ প্ৰযুক্তি, প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং সঁজুলি ইত্যাদিৰ দৰে দুটামান কাৰিকৰী দিশ সন্নিবিষ্ট কৰা হৈছে।এই উপলক্ষে এক্সপ’ৰ আহ্বায়ক প্ৰভাস প্ৰধানে কয়, “আমি গুৱাহাটীত উত্তৰ-পূব পশুধন-জলজ-হাঁহ-কুকুৰাৰ ওপৰত তিনিদিনীয়াকৈ প্ৰথমটো এক্সপ’ আয়োজন কৰি যথেষ্ট সুখী হৈছো, এই এক্সপ’ই নিশ্চিতভাৱে পশুধন, জলজ আৰু হাঁহ-কুকুৰা উদ্যোগটোক উত্তৰ-পূব অঞ্চলত আগুৱাই যোৱাত সহায় কৰিব।”তিনিদিনীয়া এই এক্সপ’ত বিভিন্ন খণ্ডৰ লোক যেনে, ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ, কৃষক, উদ্যোগী, জলজ পেছাদাৰী, বিত্তীয় প্ৰতিষ্ঠান, ফিড মিলাৰ, স্বাস্থ্য আৰু চিকিৎসা কোম্পানী, নীতি নিৰ্ধাৰক, চৰকাৰী বিষয়া, পশু চিকিৎসকৰ দৰে বিভিন্ন বৃত্তিধাৰী লোকসকল উপস্থিত থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here