গীতে - নৃত্যৰ মাজেৰে ৰাণীৰ মেঘালয় সীমান্তত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ জন্মদিন পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 18 April 2023

গীতে - নৃত্যৰ মাজেৰে ৰাণীৰ মেঘালয় সীমান্তত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ জন্মদিন পালন

 

W7s news গুৱাহাটী  : পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৬৪ সংখ্যক জন্মদিনটো অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত ৰাণী বেলগুৰীৰ অসম - মেঘালয় সীমান্তৰ ইকো ৰিজৰ্তত  ১৭ এপ্ৰিলত পৰম্পৰাগত গীত - নৃত্যৰ মাজেৰে পালন কৰা হয় । এই উপলক্ষে  ইকো ৰিজৰ্তৰ স্বতাধিকাৰী ৰতন সিনহাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে। তাৰ পাছত উপস্হিত শতাধিক অগপ দলৰ কৰ্মী - সমৰ্থকৰ বিপুল হৰ্ষধ্বনিৰ মাজত  মাংগলিক কাৰ্যসূচীৰ  জৰিয়তে কেক কাটি জন্মদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । তাৰ পাছত সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা অজন্তা চক্ৰৱৰ্ত্তী কলিতাৰ লগতে কৰ্মী - সমৰ্থক সকলক নিজ  হাতে কেক খুৱাই সকলোৰে আশীষ গ্ৰহণ কৰে বিধায়ক কলিতাই । অানহাতে অনুষ্ঠানটোত  বিধায়ক কলিতাই কয় -  পশ্চিম গুৱাহাটীৰ অগপ দলৰ কৰ্মী- সমৰ্থকৰ মৰম, স্নেহৰ বাবে তেওঁ সমষ্টিটোৰ পৰা ছয়বাৰকৈ  বিধায়ক হবলৈ সক্ষম হৈছে। যত দুবাৰকৈ কেবিনেট মন্ত্ৰী হব পাৰিছিল । ৰাইজৰ মৰমে তেওঁক উন্নয়নৰ কাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে বুলি চদটি কৰি কৰ্মী - সমৰ্থক সকলে তেওঁক যিমান মৰম দিছে তাৰ তুলনাত তেওঁলোকক বিশেষ একো দিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। অৱশ্যে সমষ্টিটোৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নে তেওঁৰ মূল লক্ষ্য বুলি বিধায়ক কলিতাই ঘোষণা কৰে। অনুষ্ঠানত বিধায়ক কলিতাৰ সহধৰ্মিনী , অধ্যাপিকা অজন্তা চক্ৰৱৰ্তী কলিতাই তেওঁলোকৰ ৩৫ বছৰীয়া  বিবাহিতা জীৱনৰ ওপৰত চমুকৈ আলোকপাত কৰি কয়  ৰাইজৰ মৰমৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিলেও তাত কোনোদিনে আক্ষেপ প্ৰকাশ কৰা নাই বুলি ব্যক্ত কৰে অাৰু এই মৰম যাতে সদায় অক্ষুণ্ণ থাকে তাৰ কামনা কৰে । অনুষ্ঠা


নত ৰাণীৰ মৈৰাপুৰ পাটগাঁৱৰ গামখাৰু সাংস্কৃতিক দলে বিহু হুঁচৰি , ৰাণী নাল্লাপাৰাৰ সাংস্কৃতিক গোষ্ঠী তৰালীয়ে ঝুমুৰ নৃত্য , ৰবীন দৈমাৰী আৰু ৰতন সিনহাই সংগীত , ৰুবুল বৈশ্য ,  ভাৰতী সিং কছাৰী, গীতা মণ্ডল ডেকাকে ধৰি কেৱাজনেও বাৰে ৰহনীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত দুই শতাধিক অগপ কৰ্মী - সমৰ্থকক আপ্লুত কৰে । অনুষ্ঠানত  অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন ,  পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন চন্দ্ৰ মেধি , সহকাৰী সম্পাদক ৰুবুল বৈশ্য , গুৱাহাটী পৌৰ নিগমৰ অগপ দলৰ পাৰিষদ ক্ৰমে কল্পনা দাস , পূৰবী তালুকদাৰ , বিজু মেধি অাৰু দীপাংকৰ বৈশ্য , প্ৰাক্তন পাৰিষদদ্বয় ব্ৰজেন দাস আৰু ভূপেন ঠাকুৰীয়া , ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাদ্দাম আনচাৰি , কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপ দলৰ ৰাণী আঞ্চলিক কমিটিৰ সভাপতি মনোৰঞ্জন দাস বড়ো, সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ দৈমাৰী আৰু শংকৰ দাস , কাঁহিকুছি আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক গৌতম কাকতি , ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি গিৰীন্দ্ৰ কাকতিকে ধৰি বহু কৰ্মকৰ্তা, বিশিষ্ট কবি চবিন চন্দ্ৰ নাথ , যুৱ সমাজকৰ্মী শংকৰ ঠাকুৰীয়াকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘ ৰাজনৈতিক জীৱন আৰু সু-স্বাস্থ্য কামনা কৰে । উল্লেখযোগ্য যে বিধায়ক হিচাপে নিৰ্বাসিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে  অগপ দলৰ কৰ্মী - সমৰ্থক সকলে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জন্মদিন এইদৰে ৰাজহুৱাভাবে পালন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here