ভাল কামত অসুবিধা নাই চৰকাৰে সম্পূৰ্ণ সহযোগ কৰি যাব: মুখ্যমন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 April 2023

ভাল কামত অসুবিধা নাই চৰকাৰে সম্পূৰ্ণ সহযোগ কৰি যাব: মুখ্যমন্ত্ৰী


 

সোণাপুৰত মেফেয়াৰ স্প্রীং ভেলী হোটেল-ৰিজ'ৰ্ট মুকলি ড° হিমন্ত বিশ্ব শৰ্মাই



W7s news,,,গুৱাহাটী, : মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰ কমাৰকুছিস্থিত স্প্রীং ভেলী ৰিজ'টত নতুনকৈ স্থাপন কৰা অসমৰ প্ৰথমখন চৰকাৰীভাৱে অনুমোদিত পঞ্চতাৰকাযুক্ত বিলাসী মে'ফেয়াৰ স্প্রীং ভেলী হোটেল-ৰিজ'ৰ্টখন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ৰিজটখনৰ প্ৰৱেশ পথতে মুখ্যমন্ত্ৰী গৰাকীক ৰিজ'ৰ্ট কর্তৃপক্ষই বিভিন্ন লোককৃষ্টি দলেৰে উম্ম আদৰণি জনায়। বন্তি প্ৰজ্বলনৰ পাছতে উদ্বোধনী অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাষণত কয় যে মেফেয়াৰ এটা শক্তিশালী গ্রুপ। এওঁলোকৰ সৈতে চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা থাকিব। বিলাসী ৰিজ'ৰ্টখনত মানুহে থাকিও ভাল পায়। সোণাপুৰস্থিত এই পঞ্চতাৰকাযুক্ত ৰিজাৰ্টখনৰ বাবে এতিয়াৰে পৰা মহানগৰীত পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমন ঘটিব। লগতে বাঢ়িব নিয়োগৰ সংখ্যা। পর্যটন মানচিত্রত অসমে শক্তিশালী ৰূপত ভুমুকি মাৰিব। অদূৰ ভৱিষ্যতলৈও মেফেয়াৰৰ বাবে চৰকাৰৰ ফালৰ পৰা সম্পূর্ণ সহযোগ থাকিব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে। মেফেয়াৰ এখন সঁচাকৈয়ে আটকধুনীয়া বিলাসী হোটেল। মানুহে থাকি খুবেই ভাল পায়। পৰ্যটকক আকৰ্ষণ কৰিবলৈ কাজিৰঙাতো তেনে এখন মেফেয়াৰ ৰিজাৰ্ট খুলিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাল কাম কৰাত কোনোধৰণৰ অসুবিধা নাই আৰু ভাল কাম কৰাত চৰকাৰে সম্পূৰ্ণ সহযোগ কৰি যাব বুলিও কয় মুখ্যমন্ত্রী ড° শৰ্মাই। অসমত মেফেয়াৰৰ আৰম্ভণিয়ে ইয়াৰ সম্প্ৰসাৰণ নিশ্চয়কৈ ই এক সম্পদৰ দৰে হ'ব। আনহাতে, মেফেয়াৰ কর্তৃপক্ষই কয় যে ৰিজ টখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হওঁতে এটা বছৰ লাগিব। সদ্যহতে ২৫০টা কোঠালিৰে ৰিজ'ৰ্টখন আৰম্ভ কৰা হৈছে।উল্লেখযোগ্য যে এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, জয়ন্তমল্ল বৰুৱা, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, স্প্রীং ভেলী হোটেল-ৰিজ'ৰ্ট  স্বত্বাধিকাৰী ৰতন শৰ্মা, মেফেয়াৰ স্বত্বাধিকাৰী দিলীপ ৰৈ, উপদেষ্টা প্ৰশান্ত পাণ্ডা, মহা অধিবক্তা দেৱজিত শইকীয়া প্ৰমুখ্যে দেশৰ কেইবাগৰাকী প্ৰখ্যাত উদ্যোগপতি, বিশিষ্ট লোকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে পাহাৰৰ সেউজীয়া দৃষ্টিনন্দন পৰিৱেশত নিৰ্মাণ হোৱা দুশ কোঠাযুক্ত মেফেয়াৰ স্প্রিংভেলী হোটেল তথা ৰিজ টখনত সুকীয়া সুকীয়াকৈ প্ৰশাসনিক ভবন, ডিলাক্স কোঠা, ছুইমিং পুল, পঁজাঘৰসমূহে বিশেষ মাত্ৰা প্ৰদান কৰিছে। একেদৰে অত্যাধুনিক ভোজ-ভাত আৰু সন্মিলনৰ সুবিধা থকা হোটেল তথা ৰিজটখন উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ প্রকল্প বুলি কোৱা হৈছে। একেদৰে ৰিজতখনৰ ভিতৰত এখন হেলীপেডো থাকিব বুলি প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here