- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 March 2023


 গুৱাহাটীৰ পল্টন বজাৰত ফ্লেগশ্বিপ লাইটিং ষ্টুডিঅ' দ্যা লাইটৰুম উদ্বোধন 




W7s news,,,,,,,গুৱাহাটী : লাইটৰ বাবে আটাইতকৈ প্ৰিমিয়াম শ্ব'ৰুমৰ দ্যা লাইটৰুম  আজি গুৱাহাটীৰ পল্টন বজাৰৰ মাজ মজিয়াত আনুষ্ঠানিক ভাৱে  উদ্বোধন কৰা হয়। এল.ই.ডি. লাইটিঙৰ এক প্ৰসিদ্ধ ব্ৰেণ্ড চাংগীৰ লাইটিং সামগ্ৰী প্ৰদৰ্শন কৰা হয়,যিবোৰৰ ভিতৰত আছে বিশেষ ভাবে ইণ্ডোৰ, আউটডোৰ, বাণিজ্যিক, পানীৰ তলৰ লাইট, লেণ্ডস্কেপিং লাইট,কেন্ডেলিয়াৰ্ছ লাইট আৰু ৱাল লাইট। দ্যা লাইটৰুম শ্ব'ৰুমটোৱে যোৱা আঠ বছৰ ধৰি পোহৰৰ ব্যৱসায়ত জড়িত হৈ আছে আৰু প্ৰসিদ্ধ ব্ৰেণ্ড  চাংগীৰ  বিতৰক।  আশীষ আগৰৱাল, বাসৱী বসু, কিষেণ আগৰৱাল,   প্ৰখ্যাত ইণ্টেৰিয়ৰ ডিজাইনাৰ ৰজনীশ বৰা, অৰ্কিটেক  অনুজ ভজনকা, অৰবিন্দ বাৱৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত এলইডি চাংগীৰ স্বত্বাধিকাৰী হৰজি পেটেলে লাইটৰুমটো উদ্বোধন কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ব'ৰুমটোৰ গৰাকী  আশীষৰাজ কেজৰিৱালে কয় যে নতুন আউটলেটটোৱে ইয়াৰ ইণ্ডোৰ আৰু আউটডোৰৰ লাইটৰ বিস্তৃত এলেকাত  গ্ৰাহকসকলৰ  জীৱনশৈলীৰ সৈতে খাপ খোৱাকৈ লাইটৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। লাইটৰুমত জিঅ'লিটিং, ফিলোমিনা আৰু ফুমাগালিৰ দৰে আন বিভিন্ন ব্ৰেণ্ড উপলব্ধ হৈছে। কেজৰিৱালে কয় যে বাহিৰৰ পোহৰৰ বাবে ইটালীৰ ব্ৰেণ্ড ফুমাগালীয়ে ৰেজিন কাষ্ট, পাতল লেণ্ডস্কেপিং লাইট প্ৰদান কৰে আৰু লাইটৰ বডী কালাৰত থাকিব লাইফ টাইম   ৱাৰেণ্টি। জিঅ'লাইটিং আৰু ফিলোমিনাত নান্দনিকভাৱে তৈয়াৰ কৰা স্ফটিক, মুৰানো গ্লাছ আৰু ৰেট্ৰো লুমিনেয়াৰ আছে যিবোৰ বিপনীত  উপলব্ধ হ'ব। বিভিন্ন পৰিসৰৰ লুমিনেয়াৰৰ ভিতৰত আছে পৰিৱেশৰ পোহৰৰ পৰিসৰ যেনে চি অ বি,পেনেল, কেন্ডেলিয়াৰ্ছ , টেবুল আৰু মজিয়াৰ লাইট, ৱাল লাইট, পেণ্ডেণ্ট লাইট, ডিজাইনাৰ স্পটলাইট, আৰু প্ৰতিটো প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা স্থাপত্য পোহৰৰ সামগ্ৰী উপলব্ধ হৈছে। লাইটৰুমে বিভিন্ন সেৱা আগবঢ়ায়ইছে বিশেষভাবে লাইটিং পৰামৰ্শ, টাৰ্ণকী ইনষ্টলেশ্বন, ৱাৰেণ্টি আৰু সেৱাৰ ক্ষেত্ৰত। কেজৰিৱালে লগতে কয় যে আমাৰ নতুনকৈ খোলা শ্ব'ৰুমৰ জৰিয়তে অসম আৰু উত্তৰ-পূবৰ লোকসকলৰ বাবে লাইটৰ    প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here