সপ্তম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ৭ৰ পৰা ৯ এপ্ৰিললৈ ইউএছটিএমত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 March 2023

সপ্তম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ৭ৰ পৰা ৯ এপ্ৰিললৈ ইউএছটিএমত

 




W7s news ষ্টাফৰিপোৰ্টাৰ: ইউনিভাৰ্ছিতি অব চায়েন্স এণ্ড টেকনলজী মেঘালয় (ইউ এছ টি এম) ৰ ফ্লেগচিপ অনুস্থান উত্তৰ-পূব স্নাতক কংগ্ৰেছ (এন ই জি চি) আয়োজন কৰা হৈছে অহা ৭ ৰ পৰা ৯ এপ্ৰিললৈ।  সপ্তম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই মেগা যুৱ মহোৎসৱত অংশ গ্ৰহন কৰিব উত্তৰ-পূবৰ প্ৰায় ৩০০খন মহাবিদ্যালয়ৰ পৰা ১০ হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে। 

এন ই জি চিৰ মুখ্য উদ্দেশ্য হৈছে অঞ্চলটোৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰা, প্ৰতিযোগিতামূলক ভাৱধাৰা গঢ়ি তোলা, আঞ্চলিক অখণ্ডতা, যুৱক-যুৱতীসকলৰ মাজত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলা। ইয়াত  বুদ্ধিজীৱী, সাংস্কৃতিক আৰু ক্ৰীড়া আইকন, ৰাজনীতিক, মোটিভেচনেল স্পীকাৰকে ধৰি  বহুতো  বিশিষ্ট ব্যক্তিসকলৰ সমাগম হব। এই অনুষ্ঠানত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ইউএছটিএমৰ প্ৰ' উপাচাৰ্য ডo বলেন্দ্ৰ কুমাৰ দাস, জনসংযোগ বিষয়া ডo ৰাণী পাঠক দাস, ইউ এছ টি এমৰ প্ৰধান সচিব ডo মেহজাবীন ৰহমান আৰু ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী ডo ৰশ্মি বৰুৱাই।এন ই জি চিৰ এই সপ্তম সংস্কৰণত সাংস্কৃতিক প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে সাংস্কৃতিক প্ৰদৰ্শনী, স্কিট, দলীয় নৃত্য, চিত্ৰাংকন, মেহেন্দী, দলীয় গীত, কাৰ্টুনিং, ফটোগ্ৰাফী আৰু ৰংগোলী। ক্ৰীড়া প্ৰতিযোগিতাসমূহ হ'ল- ভলীবল, কাবাদী, দাবা, আৰ্মৰেশ্লিং, পাৱাৰলিফটিং, বেডমিণ্টন, বাস্কেটবল, ঘোঁৰাচালনা। সাহিত্য প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে তৰ্ক আৰু কুইজ প্ৰতিযোগিতা। বিতৰ্ক প্ৰতিযোগিতাৰ বিষয় হল "বিশ্বায়নে অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে"। ষ্টাৰ্ট-আপ আৰু উদ্ভাৱন সম্পৰ্কীয় প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ'ল চাকৰি মেলা।

তদুপৰি বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব যেনে-, আত্মনিৰ্ভৰ ভাৰতৰ দিশত যুৱ প্ৰজন্মৰ ভূমিকা শীৰ্ষক আলোচনা, যুৱ আৰু উদ্যমিতাৰ ওপৰত অধিবেশন, ব্যক্তিগত বিকাশ আৰু দক্ষতা, প্ৰতিযোগিতামূলক পৰীক্ষা আদি, য'ত সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলে যুৱক-যুৱতীসকলক সম্বোধন কৰিব।

স্নাতক পৰ্যায়ত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।  আকৰ্ষণীয় বঁটা যেনে দুচকীয়া বাহন, লেপটপ, টেবলেট, ম'বাইল ফ'ন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। বঁটাৰ বিশেষ আকৰ্ষণসমূহ হ'ল-: 'শ্ৰেষ্ঠ অভিনয় মহাবিদ্যালয়-২০২৩' আৰু 'শ্ৰেষ্ঠ আলোচনী বঁটা-২০২৩'। সকলো ছাত্ৰ-ছাত্ৰীকে অংশগ্ৰহণৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব।

 ইউ এছ টি এমৰ আচাৰ্য শ্ৰী মহবুবুল হকৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা স্নাতক পৰ্যায়ৰ ছাত্ৰ সমাজৰ এক অনন্য সংগমস্থলী হৈছে এন ই জি চি। ইয়াত ভাগ লবলৈ বিভিন্ন মহাবিদ্যালয় বা প্ৰতিষ্ঠানৰ শিক্ষক বা সমন্বয়কসকলে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচন কৰি নাম পঞ্জীয়নৰ জৰিয়তে আয়োজকৰ ওচৰলৈ প্ৰেৰণ কৰে। সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে 7002196186 / 8638686373 / 8822516682 / 9435284039 নম্বৰত যোগাযোগ কৰিব পাৰে অথবা www.ustm.ac.in ত লগ ইন কৰিব পাৰিব। এন ই জি চি-২০২৩ ৰ পঞ্জীয়ন লিংক হ'ল: negc.ustm.org.in

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here