W7s news,,,,গুৱাহাটী : বিহাৰৰ জমুই লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা লোক জনশক্তি পাৰ্টিৰ (আৰ) ৰাষ্ট্ৰীয় অধ্যক্ষ চিৰাগ পাছৱানক আজি গুৱাহাটীত বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পাছৱান দেওবাৰে ৰাতিপুৱা দিনজোৰা ব্যক্তিগত ভ্ৰমণত গুৱাহাটীত উপস্থিত হয়।পূৰ্বোত্বৰ হিন্দুস্তানী যুৱক সমাজ আৰু পূৰ্বোত্বৰ ক্ষত্ৰিয় মহাসভাৰ যুটীয়া পৃষ্ঠপোষকতাত সাংসদ চিৰাগ পাছৱানৰ বাবে সম্বৰ্ধনাৰ আয়োজন কৰা হয়।এই সম্বৰ্ধনা অনুষ্ঠানত সাংসদ পাছৱানৰ লগতে বিহাৰ এল জে পি (আৰ)ৰ ৰাজ্যিক সভাপতি ৰাজু তিৱাৰী, ৰাজ্যিক সচিব সঞ্জয় পাছৱান, সংসদীয় পৰিষদৰ অধ্যক্ষ হুলাছ পাণ্ডে, যুৱ ৰাষ্ট্ৰীয় সভাপতি প্ৰণৱ কুমাৰ, যুৱ ৰাজ্যিক সভাপতি বেদ প্ৰকাশ পাণ্ডে, ৰাষ্ট্ৰীয় সংগঠনিক সম্পাদক ই ৰবীন্দ্ৰ সিং, ৰাজ্যিক উপ-সভাপতি সঞ্জয় সিং আৰু ৰমেশ কুমাৰ উপস্থিত থাকে। উত্তৰ-পূব ক্ষত্ৰিয় মহাসভাৰ অধ্যক্ষ সুবোধ সিং, সাধাৰণ সম্পাদক আৰবি সিং, অভিজিত সিং, ধৰ্মেন্দ্ৰ সিং, দেৱানন্দ সিং, অনিল কুমাৰ সিং, দিলীপ কুমাৰ সিং, দিলীপ সিং, দিলীপ সিং (বেলতলা), কে এন সিং, ৰণধীৰ সিঙে ফুলাম গামছা ফুলৰ তোড়া আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছত পূৰ্বোত্বৰ হিন্দুস্তানী যুৱক সমাজৰ পৰা বি কে সিং, অনিল চৌধুৰী, টিকে ঝা,দেৱেন্দ্ৰ ৰায়, ব্ৰাহ্মণ সমাজৰ পৰা সঞ্জয় বিজয় তিৱাৰী, স্বৰ্ণ একতা মঞ্চৰ পৰা সুবোধ চৌধুৰী, হিন্দীভাষী একতা মঞ্চৰ পৰা জয়ৰাম সিং, বীৰজু সিং, কালৱাৰ সমাজৰ শ্ৰী ৰাম সৰোবৰ চৌধুৰী, ভুৱনেশ্বৰ জয়ছোৱাল,অখিল ভাৰতীয় মধেছিয়া বৈশ্য সভাৰ দীনদয়াল শাহ, সামাজ কৰ্মী অৰুণ পাছৱান, নাগেশ্বৰ কুমাৰ, মনোজ সিং, ৰাজেশ জয়ছোৱাল, কানহাইয়া জয়ছোৱাল আৰু অন্যান্য সংগঠনৰ প্ৰতিনিধিসকলে উক্ত অনুষ্ঠানত উপস্থিত থাকে।।অনুষ্ঠানত ভাষণ প্ৰদান কৰি পাছৱানে সকলো প্ৰতিষ্ঠানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই উত্তৰ-পূবত বাস কৰা হিন্দী ভাষী ভাতৃসকলে দিয়া মৰম আৰু সন্মানৰ বাবে তেওঁ সদায় কৃতজ্ঞ হৈ থাকিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পাছৱানে শক্তিপীঠ কামাখ্যা ধাম, বাবা শুক্ৰেশ্বৰ আৰু ভীমেশ্বৰ মহাদেৱ মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে।
Post Top Ad
Responsive Ads Here
Sunday, 26 March 2023

সাংসদ চিৰাগ পাছৱানক গুৱাহাটী বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment