উত্তৰ পূৱত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 25 March 2023

demo-image

উত্তৰ পূৱত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

Responsive Ads Here

 

IMG-20230325-WA0009

 



গুৱাহাটী ২৫ মাৰ্চঃ ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। আজিৰে পৰা ২৬ মাৰ্চ লৈ পল্টনবজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত  অনুষ্ঠিত এংকৰেজত অংশগ্ৰহণ কৰিছে ফ্ৰেঞ্চাইজি ইনচাইডাৰে। উত্তৰ পূৱৰ ভিতৰত গুৱাহাটীত তেওঁলোকৰ প্ৰথমটো কাৰ্যলয় মুকুলি কৰিছে ফ্ৰেঞ্চাইজি ইনচাইডাৰে।কাৰ্যলয়টো উদ্ভোধন কৰে প্ৰাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰাইণে। ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সম্প্ৰসাৰনৰ ক্ষেত্ৰত সফল ফ্ৰেঞ্চাইজি মডিউল সৃষ্টি কৰিবলৈ ফ্ৰেঞ্চাইজি ইনচাইডাৰে ব্ৰেণ্ডবোৰক পৰামৰ্শ প্ৰদান কৰি আহিছে। এতিয়ালৈকে তেওঁলোকৰ পৰামৰ্শ অনুসৰি ২০০তকৈ অধিক উদ্যোগী সৃষ্টি কৰিছে।সফল ভাবে কোম্পানী পৰিচালনাৰ দিশত ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ ১০ বছৰকৈ অধিক  বছৰৰ অভিজ্ঞতা আছে। দিল্লী, তামিলনাডু, কৰ্ণাটক আৰু কানাডাত আন্তৰ্জাতিক ভাৱে বিপনী খোলাত ব্ৰেণ্ডবোৰক সহায় কৰি আহিছে। ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ প্ৰতিষ্ঠাপক ধীনাল বক্সি, সহ প্ৰতিষ্ঠাপক সমীৰ দেশাইৰ আছে এই ক্ষেত্ৰত  এক বিশাল বিত্তীয় অভিজ্ঞতা।তেওঁলোকে সকলো শ্ৰেণীৰ ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি মডিউল বিকশিত কৰাত সহায় কৰে। খাদ্য, খুচুৰা, শিক্ষা, সেৱা উদ্যোগ আৰু অন্যান্যৰ লগতে কেইবাটাও ক্ষেত্ৰত   ফ্ৰেঞ্চাইজি ইনচাইডাৰৰ আছে দখল।  উত্তৰ-পূৱৰ বজাৰত ফ্ৰেঞ্চাইজি ব্যৱসায় বিশাল সম্ভাৱনা আছে।একেদৰে উত্তৰ পূৱৰ যুৱক সকল কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকে  উদ্যোগীকৰণৰ  সুযোগ বিচাৰি আছে। উত্তৰ-পূৱৰ বজাৰৰ বিশাল অভিজ্ঞতা থকা সুকান্ত বিশ্বাসৰ নেতৃত্বত উত্তৰ পূৱত ব্ৰেণ্ডবোৰ সম্প্ৰসাৰিত কৰাৰ বাবে যথেষ্ট পৰিকল্পনা গ্ৰহণ কৰিছে।উত্তৰ-পূবৰ ব্ৰেণ্ডসমূহক সমগ্ৰ ভাৰতত সম্প্ৰসাৰিত কৰাত সহায় কৰাৰ ক্ষেত্ৰত   আমাৰ অংশীদাৰীত্ব উত্তৰ-পূব আৰু ভাৰতৰ অন্যান্য অংশৰ মাজত এক দলং হিচাপে চিহ্নিত হব।  এই সমন্বয়ে অঞ্চলটোত যথেষ্ট সুযোগ আৰু নিযুক্তি সৃষ্টি কৰাত সহায় কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *