ৰাজ্যৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ বিশেষ ভূমিকা আছে : মন্ত্রী অশোক সিংহল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 6 March 2023

demo-image

ৰাজ্যৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ বিশেষ ভূমিকা আছে : মন্ত্রী অশোক সিংহল

Responsive Ads Here

 

ৰাইজৰ ব্যাপক সহাৰিৰে 'এৰিডা'ৰ সম্পত্তি মেলাৰ সফল সামৰণি। চাৰিদিনীয়া সম্পত্তি মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবা হাজাৰ লোকৰ সমাগম। মেলাত সম্পত্তি ক্ৰয় চূড়ান্ত কৰে বহুলোকে। 


W7s news গুৱাহাটী: হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ প্ৰপাৰ্টী এক্সপ' তথা সম্পত্তি মেলাৰ সফল সামৰণি পৰিল। সম্পত্তি মেলাত পচন্দৰ ঘৰ বিচাৰি বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ যে গু

IMG-20230306-WA0019

ৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপ্সৰাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মেগা প্ৰপাৰ্টী এক্সপ' তথা সম্পত্তি মেলাৰ দেওবাৰে সামৰণি পৰে। 'এৰিডা'ৰ এই চাৰিদিনীয়া সম্পত্তি মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবা হাজাৰ লোকৰ সমাগম হৈছিল আৰু তেওঁলোকে সম্পত্তি ক্ৰয় চূড়ান্ত কৰিছিল। আনহাতে মেলাত শ্ৰেষ্ঠ বিপণি হিচাপে শুভম গোটে প্ৰথম স্থান লাভ কৰে। সেইদৰে অচ্যুত বিল্ডাৰে দ্বিতীয় আৰু প্ৰাইম হোম বিল্ডাৰ্চ আৰু ইম্পেৰিয়েল গ্ৰুপে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ইফালে মেলাৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে। তেওঁ অনুষ্ঠানটোৰ মানদণ্ড আৰু প্ৰদৰ্শিত সম্পত্তিৰ বিস্তৃত পৰিসৰৰ ভূয়সী প্ৰশংসা কৰে। মন্ত্রী সিংহলে কয় যে ৰিয়েল ইষ্টেট জিডিপিৰ এক মুখ্য অৱদানকাৰী আৰু চৰকাৰে সুলভ গৃহনিৰ্মাণৰ বাবে বিভিন্ন আঁচনিৰ সৈতে খণ্ডটোক সমৰ্থন কৰি আছে। ৰাজ্যৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ বিশেষ ভূমিকা আছে বুলি মন্ত্রী সিংহলে উল্লেখ কৰে। আনহাতে অনুষ্ঠানত দুটা দশক ধৰি ৰিয়েল ইষ্টেট বিকাশকাৰীসকলৰ উদ্দেশ্যৰ প্ৰতি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা এৰিডাৰ সভাপতি পি কে শৰ্মাক অতি বিশেষ বিশিষ্ট অৱদান বঁটাৰে সন্মানিত কৰা হয়। ৰিয়েল ইষ্টেট উদ্যোগলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতি আৰু কৃতজ্ঞতা স্বৰূপে পি কে শৰ্মাক এই বঁটাৰে সন্মানিত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *