দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্রমিক উন্নয়ন পৰিষদৰ বঁটা প্ৰদান অনুষ্ঠান - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 5 March 2023

demo-image

দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্রমিক উন্নয়ন পৰিষদৰ বঁটা প্ৰদান অনুষ্ঠান

Responsive Ads Here

 কুমুদ ভূঞাক ইন্দ্ৰৰ চন্দ গোৱেল সোঁৱৰণি বঁটা প্ৰদান




W7s news গুৱাহাটী: গুৱাহাটীৰ  দিশপুৰ প্ৰেছ ক্লাবত দেওবাৰে কৃষক শ্রমিক উন্নয়ন পৰিষদ অসমৰ উদ্যোগত অনুষ্ঠিত হয় এক বঁটা প্রদান অনুষ্ঠান। সংগঠনটোৱে বিগত বৰ্ষবোৰৰ দৰে এই বৰ্ষটো ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ দহ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰে ২০২২বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা সমূহ। অনুষ্ঠানত

IMG20230305155646

সাহিত্যিক, গল্পকাৰ, সমাজকর্মী যতীন্দ্র নাথ ডেকা, কুমুদ ভূঞা, ৰমেন দাসক প্ৰদান কৰে প্ৰয়াত সমাজকৰ্মী ইন্দ্ৰৰ চন্দ গোৱেল সোঁৱৰণি ২০২২ বৰ্ষৰ উৎকৃষ্ট সমাজ সেৱাৰ বঁটা। ইয়াৰ সমান্তৰালকৈ অসমৰ সংবাদ জগতলৈ অতি সাহসিকতাৰে তথা নিৰ্ভীক, নিৰপেক্ষ ভাৱে সেৱা আগবঢ়াই অহা ক্ৰমে নগাওঁ জিলাৰ জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰা (আছাম ট্ৰিবিউন), বীৰেণ বৰা (প্ৰতিদিন টাইম), গুৱাহাটীস্থ সাংবাদিক ৰঞ্জিত পাটগিৰি (অসমীয়া প্ৰতিদিন), অনুপমা ডেকা (আমাৰ অসম), ভাস্কৰজ্যোতি শৰ্মা (প্ৰাগ নিউজ), বসন্ত দাস (গণ অধিকাৰ) লৈ অগবঢ়াই ২০২২ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটা। লগতে ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি প্ৰেৰকৰ বঁটা প্ৰদান কৰা হয় দিছপুৰ প্ৰেছ ক্লাবৰ পংকজ কলিতাক। এই অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে সমাজকর্মী অশোক গোৱেল, শিক্ষাবিদ অনন্ত হাজৰিকা, সমাজকর্মী তথা অৱসৰপ্ৰাপ্ত অভিযন্তা সুনীল কুমাৰ বৰা লগতে উপস্থিত থাকে আমছুৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ইমৰান আহমেদ। অনুষ্ঠানত কৰিশ্মা কলিতাই নৃত্য পৰিৱেশন কৰাৰ লগতে আন কণ কণ শিশুৱে সংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰে সভাপতি মুকুল বৰা,  সাধাৰণ সম্পাদক উৎপল বৰুৱা, সাংস্কৃতিক সম্পাদক বন্দনা দাসৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *