সুস্থ হৈ আহি পুনৰ অনুষ্ঠান
পৰিবেশন কৰিম
হাস্পতালৰ বিচনাৰ পৰা ৰাজ্যচৰকাৰক চিকিৎসাৰ বাবে সহায়ৰ কাতৰ অনুৰোধ শিল্পী দীপক শৰ্মা
W7s news গুৱাহাটী: শুকুৰবাৰে মই পুৱা ১০ বজাত গুৱাহাটী এৰি যামগৈ। নয়দাৰ জে পি চিকিৎসালত মোৰ অস্ত্ৰোপচাৰ কৰা হ'ব। আন্ত:ৰ্জাতিক বঁটা প্ৰাপক, অভিজ্ঞ চিকিৎসক বাসুদেৱনে মোৰ অস্ত্ৰোপচাৰ কৰিব। সুস্থ হৈ আহি পুনৰ দেশ-বিদেশত অনুষ্ঠান
পৰিবেশন কৰিম।ৰাজ্যচৰকাৰক মোৰ চিকিৎসাৰ ব্যয়ৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনালোঁ-গুৱাহাটীৰ দিছপুৰ হাস্পতালৰ চিকিৎসাধীন হৈ থকা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাই হাস্পতালৰ
বিচনাৰ পৰা ৰজাঘৰক এনেদৰে কাতৰ অনুৰোধ জনালে। দেওবাৰে ছপা মাধ্যমৰ সাংবাদিক চন্দন দাস, ৰঞ্জিত পাটগিৰি, মহেশ চৌধুৰী,আব্দুল হালিম আৰু অনুপমা ডেকাই জনপ্ৰিয় শিল্পী জনৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালৈ যায়। তেওঁ সাংবাদিকৰ দলটোক ধন্যবাদ দিয়াৰ লগতে তেওঁৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰায় ৩৫ লাখ টকাৰ প্ৰয়োজন হ'ব বুলি কয়। তেওঁ লগতে কয়-মই এতিয়া অস্ত্ৰোপচাৰৰ বাবে এশ শতাংশ সুস্থ। চৰকাৰে এইবাৰ কৃপা কৰিলে মই সুস্থ হৈ উঠিম। তেওঁ লগতে অসমবাসীৰ আশীৰ্বাদ আৰু আৰ্থিক সহায়ৰ বাবে কৃতজ্ঞতা জনায়। চিকিৎসাৰ বাবে দীপক শর্মাক - Gpay no 9864055400 and S.B.I a/c no 30509214515.IFS SBIN 0007202.geetanagar branch.যোগে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে শিল্পীজনে।
No comments:
Post a Comment