ইণ্ডিয়ান ষ্টাইল গালা নাইট’ৰ মডেল অ’ডিছন সম্পন্ন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 February 2023

ইণ্ডিয়ান ষ্টাইল গালা নাইট’ৰ মডেল অ’ডিছন সম্পন্ন*


 

W7s news,,,,গুৱাহাটী: যোৱা ২৬ ফেব্ৰুৱাৰীত মহানগৰীৰ জুৰোডস্থিত গুৱাহাটী চেন্ট্ৰ’ৰ ৪ৰ্থ মহলাত থকা ড্ৰীম হাউছ একাডেমীত অনুষ্ঠিত হৈ যায় এখন মডেল অ’ডিছন ৷ দীপাংকৰ কাশ্যপ আৰু মীৰা এন্টাৰপ্ৰাইজেছৰ উদ্যোগত প্ৰিয়া ইলাইটে আয়োজন কৰা, অহা ৩০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ’ইণ্ডিয়ান ষ্টাইল গালা নাইট’ শীৰ্ষক ফেশ্বন শ্বোটোৰ বাবে এই মডেল অ’ডিছন অনুষ্ঠিত হয় ৷ উত্তৰ পূৰ্ৱাঞ্চলৰ ভিন্ন প্ৰান্তৰ মডেল সকলে এই অ’ডিছনত অৱতীৰ্ণ হয় ৷  গুৱাহাটীৰ টাউন ক্লাৱত হ’বলগীয়া এই শ্বোটোত কিৰণ বড়ো, কলকাতাৰ তেজাছ গান্ধী, নতুন দিল্লীৰ মুকেশ ডুবে’, কংকনা চৌধুৰী আদিৰ দৰে কেইবাগৰাকীও স্বনামধন্য ডিজাইনাৰে অংশগ্ৰহণ কৰিব ৷ ’নৰ্থ ইষ্ট ডিৱা ২০১৯' ৰ খিতাপধাৰী তথা ২০২০ বৰ্ষৰ ’মিছ ইউনিভাৰ্ছ ইণ্ডিয়া টপ টেন’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ছুপাৰ মডেল মালাশ্যা কাশ্যপে শ্বোটোত শ্বোষ্টপাৰ হিচাপে অংশগ্ৰহণ কৰিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here