গুৱাহাটীত নিবাভ লিফ্টছৰ প্ৰিমিয়াম অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন ।" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 25 February 2023

গুৱাহাটীত নিবাভ লিফ্টছৰ প্ৰিমিয়াম অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন ।"


 " 

 

W7s news,,,গুৱাহাটী : লুক্স হোম এলিভেটৰ নিৰ্মাণকাৰী এটি প্ৰিমিয়াৰ ব্ৰেণ্ড নিবাভ হোম লিফ্টছে গুৱাহাটীৰ চান্দমাৰীত তেওঁলোকৰ শ্ব'ৰুম উদ্বোধন কৰে। অভিগম্যতা আৰু নান্দনিকতাৰ প্ৰমূল্যবোধৰ ক্ষেত্ৰত অধিক মনোযোগ প্ৰদান কৰি বিশেষভাৱে ঘৰ আৰু ক্ষুদ্ৰ অট্টালিকাৰ বাবে ডিজাইন কৰা শীৰ্ষ-মানদণ্ডসম্পন্ন লিফ্টৰ মডেলৰ এক শ্ৰেণী কোম্পানীটোৱে গ্ৰাহকসকলৰ বাবে আগবঢ়ায়। নিবাভ হোম লিফ্টে গৃহস্বত্বাধিকাৰীৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ নিৰাপদ, নিৰ্ভৰযোগ্য, আৰু পছন্দ অনুসৰি তৈয়াৰ কৰি ল’ব পৰা লিফ্ট প্ৰস্তুত কৰাৰ বাবে প্ৰসিদ্ধ। লিফ্টবোৰ স্থাপন আৰু পৰ্যবেক্ষণ কৰিবলৈ সহজ আৰু ইয়াক ঘৰখনৰ সাজ-সজ্জাৰ সৈতে খাপ খাই যোৱাকৈ প্ৰস্তুত কৰা হয়। অভিজ্ঞতা কেন্দ্ৰ মুকলি অনুষ্ঠানত সংগঠনটোৰ সঞ্চালক শ্ৰীযুত বিমল বাবু আৰ-য়ে কয়, "উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত প্ৰৱেশ কৰি আমি আনন্দিত। নিবাভ হোম লিফ্টছে যুগান্তকাৰী বায়ুচালিত প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ ঘৰসমূহৰ অভিগম্যতাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। আমাৰ ঘৰুৱা এলিভেটৰবোৰ এই অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ যিয়ে আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ লগতে আপোনাৰ ঘৰটো অধিক সুন্দৰ কৰি তুলিব। এই এলিভেটৰটো পৃথিৱীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা সম্পদ ‘বায়ু’ৰ ব্যৱহাৰৰ জৰিয়তে চলিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। নিবাভৰ প্ৰৱেশে গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অঞ্চলৰ লোকৰ অভ্যন্তৰীণ বিকাশৰ ক্ষেত্ৰত এক বিপ্লৱৰ সৃষ্টি কৰিব বুলি আমি নিশ্চিত।”নিবাভৰ নিউমেটিক লিফ্ট হৈছে এটা কমপেক্ট-মডুলাৰ হোম লিফ্ট যিটো সহজেই বাসগৃহত স্থাপন কৰিব পাৰি। এই লিফ্টটো একক পৰ্যায়ৰ শক্তিত চলে আৰু নামি অহাৰ সময়ত বিদ্যুৎ খৰচ নকৰে। লিফ্টটো উন্নত মানসম্পন্ন পলিকাৰ্বনেট গ্লাছ, কাষ্ট এৰো গ্ৰেড এলুমিনিয়াম আৰু ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত। ইয়াৰ বাবে নূন্যতম পৰ্যবেক্ষণৰ প্ৰয়োজন হয় আৰু সংস্থাপন কৰাৰ পাছত বৈশিষ্ট্যপূৰ্ণ সুবিধা প্ৰদান কৰে।এই নতুন শ্ৰেণীৰ লিফ্টত হুইলচেয়াৰৰ সামঞ্জস্যতা, অদৃশ্য লাইট আৰু ফেনৰ সৈতে ৩৬০ ডিগ্ৰী ডিজাইনাৰ কেবিন তথা বক্ৰ শ্বাফ্টৰ সৈতে স্ক্ৰুলেছ ডিজাইনৰ দৰে বৈশিষ্ট্য আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here