ইউ টিউবত শিব বন্দনা মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 February 2023

ইউ টিউবত শিব বন্দনা মুকলি

 


W7s news গুৱাহাটী: বৰঝাৰস্হিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ  আঞ্চলিক কাৰ্যালয়ৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত মঙলবাৰে ইউ টিউবত শিব বন্দনাৰ লিংক এটি মুকলি কৰা হয় । লিংকটো উন্মোচন কৰে ক্ষেত্ৰীয় কাৰ্যপালক নিৰ্দেশক  শ্ৰীযুত সনমুখ যুগানীয়ে। 'হৰ শিব শংকৰ" শীৰ্ষক শিব বন্দনাটোত কণ্ঠদান কৰিছে বিমানকোঠৰ কৰ্মচাৰী হিৰুমণি দাস আৰু পবিত্ৰ কছাৰীয়ে তথা কণ্ঠদান   আৰু মিক্সিং কৰিছে বিষ্ণু শৰ্মাই ।সঙ্গীত ব্যৱস্থাপনা হিৰু মনি দাসৰ।চিত্ৰগ্ৰহণ কৰিছে ৰতন কোঁৱৰে।

"The Art of living" নামৰ বেচৰকাৰী সংস্হাৰ পৰা  "হৰ শিব শঙ্কৰ" গীতৰ কথা আৰু হেৰাই যাব ধৰা কামৰূপী লোকগীত"হৰ হৰ নন্দি-ভৃংগী"গীতৰ কথা তথা সুৰৰ সংমিশ্ৰণত ধুনীয়াকৈ গীত এটি দৰ্শকৰ মাজলৈ আগবঢ়ায় দিছে , আগন্তুক শিৱৰাত্ৰি উপলক্ষে হিৰুমনি দাসে।


দৃশ্যগ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ পাণ্ডুত স্হিত  Art of living গুৱাহাটী আশ্ৰম আৰু বুৰঞ্জী প্ৰসিদ্ধ ভীমাশংকৰ জ্যেতিৰলিংগ প্ৰাংগনত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here